মৰিবলৈ ভয় নালাগে ...
বিদ্যা কৈছো মৰিবলৈ ভয় নালাগে , কিন্তু গাজনি ঢেৰেকনি আহিলে খিৰিকী খন মই বন্ধ কৰিব নোৱাৰোঁ । সঁচাই মৰাতো একো ডাঙৰ কথা নহয় , ৰাতি অকলে বাহিৰত সৰুপানী চুবলৈহে বেয়া লাগে কিবা ,সেয়ে চৰিয়াটো থৈ দিওঁ ভিতৰত । ভোকত জানো মানুহ মৰে , কেতিয়াও নমৰে , সেইবুলি কিবা এদিনাখনো লঘোণে থাকিব নোৱাৰোঁ দেই , ভোক ভাল নাপাওঁ । মই জানো মানুহে ঠাণ্ডাত মৰি নাযায় সেইবুলি কিন্তু ঠাণ্ডা দিনত সদায় গা ধুৱা কথাটো মোৰ বৰ পচন্দ নহয় কিবা এটা । মৰিবলৈ থাকিলে মৰিমেই ন , কাৰেন্টৰ শ্বক খাই কেইটা নো মৰিছে আজিলৈকে , তথাপিও কম্পিউটাৰ বা ইনভাৰটৰৰ কানেকচন কৰা কামটো বৰ এটা ভাল নালাগে । আৰু জ্বৰত , মাথা বিষত মানুহ মৰে নে , কেতিয়াও নমৰে ,মইও জানো ,
কিন্তু একমাত্ৰ সেই ঔষধ বেছা ,বনোৱা আৰু পেছক্ৰাইব কৰা মানুহ কেইটা আৰু পৰিয়ালৰ পেটৰ কথা ভাবিয়েই খাই দিওঁ দৰব কেইটা , নিজৰ নো কি আজি আছো কাইলৈ নাই । মানুহ বোৰ যে কি ভয়াতুৰ চাব চোন মৰিব বুলি কিমান চিন্তা কৰে মোৰ হলে সেইবোৰ একো নাই দেই । মৰিলে ভাল হে পাম পৰিয়ালৰ বাবে সেয়ে LIC কেইটামান কৰি থৈছো । মৰিবলৈ কি ভয় কৰিম , কি আপুনি ভাবে নেকি মই মৰিবলৈ ভয় কৰা বাবে হেলমেট পিন্ধি বাইক চলাওঁ, একমাত্ৰ পুলিচক ফাইনটো দিবলৈ বেয়া লাগে হে । হা হা মানুহ বোৰ যে কি ভয়াতুৰ মৰিম বুলি গৈ থকা গাড়ীখনতো ভয়ে ভয়েহে দৌৰি উঠে , তাতকৈ মোৰ দৰে পিছৰ খনত উঠিবলৈ ৰৈ দিবলৈও সাহস নাই কি যে হব । মৰিবলৈ ভয় নকৰোঁ বাবেই আজিলৈকে সাতুৰিবলৈ শিকা নাই পানীত । । আৰে আহক চোন বান পানী নামনি সোৱনশিৰিৰ বান্ধ ভাঙি মৰিলে মৰিম আকৌ সেইবুলি পানীত নামিম নেকি ভয়াতুৰ পাইছে । সঁচাকৈয়ে কৈছো মৰিবলৈ একেবাৰে ভয় নালাগে মাত্ৰ চুগাৰ প্ৰেচাৰ বোৰ কন্ট্ৰলত ৰাখিবলৈহে ৰাতিপুৱা চাইকেল চলাওঁ । অহ চাইকেলৰ পৰা পৰোঁ বুলি নহয় ঠাণ্ডা গুচক বুলি মূৰত হেলমেট আৰু গাত ডাঠ কাপোৰ পিন্ধো নাভাবিব আকৌ সেয়া বেমাৰ হব বুলি পিন্ধিছো বুলি চৰ্দি জ্বৰ নহবলৈ শ্ৰাৱন প্ৰাচ খাই লৈ হে যাওঁ । কি যে হব চাওকচোন মানুহৰ কিমান ভয় মৰিবলৈ কিমান তাবিজ কিমান পূজা পাতল কৰে অথচ মই সোম বাৰে শিৱ , মংগল বাৰে গণেশ বৃহস্পতি পাৰে অলপমান গুৰু , শনি বাৰে শনি দেৱতালৈ সেৱা এভাগ হে দিওঁ তাকো মনৰ শান্তি আৰু বিশ্ব শান্তিৰ ভাবে সোঁহাতে তিনিটা বাওঁ হাতে চাৰিটা পাথৰ আৰু ডিঙি আৰু ককালত দুদাল মান মনি লৈছো সকলোৰে ভাল হওক বুলি । নিজৰ নো কি এই আছো এই নাই সমাজৰ দহৰ কথা চিন্তা কৰা মানুহ এই প্ৰাণজিৎ মৰিবলৈ ভয় নাই হে । মানুহ বোৰক সেয়ে বুজাওঁ জন্মিলে মৰিবই মৰিবলৈ ভয় কৰিব নালাগে । অলপমান সাহসী হোৱা । প্ৰাণজিৎ লৈ চোৱা । শিকা তাৰ পৰা কিবা এটা হে... ;) :D :P
( অহ মা ,লাইট টো গল মই শোঁও দেই , ধেই প্ৰাণজিৎ এ ভূতলৈ ভয় কৰা নাই , পোহৰ ভালপোৱা লৰা যে আন্ধাৰ বেয়া লাগে তাৰ ,, বিদ্যা শপত মৰিবলৈ অলপো ভয় নাই :P )