Tuesday, September 22, 2015

ভাল লগা নাৰী

ভাল লগা নাৰী ...

ভাল লগা নাৰীৰ চকুলৈ চাব নোৱাৰি ,
হেৰুৱাই পেলোৱাৰ ভয়,
ভাল লগা নাৰীৰ কথা শুনিব নোৱাৰি ,
মাতাল হৈ পৰাৰ সংশয়...

ভাল লগা নাৰীয়ে কথা নকয় ,
শেল মাৰে,
ভাল লগা নাৰীয়ে বেছি পৰ চাই নৰয়,
বান এৰে...

ভাল লগা নাৰীৰ খোপাত আবেলি আবেলি গোন্ধ ,
ভাল লগা নাৰীৰ বাবেই পলাই আহে অনিৰুদ্ধ ,

ভাল লগা নাৰীৰ বাবেই বুকুত গোলাপ ৰুৱে,
ভাল লগা নাৰীৰ বাবেই বাৰিষাৰ বৰষুণে চুৱে ,

ভাল লগা নাৰীৰ চকুত কি ?
কাজল ,
ভাল  লগা নাৰীৰ নুপুৰত কি ?
মাদল ...

ভাল লগা নাৰী ক'ত,
আপোনাৰ চকুত ,

ভাল লগা নাৰী ক'ত,
আপোনাৰ বুকুত ...

ভাল লগা  নাৰী ফিজিক্স গেলাৰীত,
ভাল লগা নাৰী শাওনৰ বোকা মাটিত,
ভাল লগা নাৰী ৰিক্সাৰ ছিটত ,
ভাল লগা নাৰী মেলডী গীতত ...
ভাল লগা নাৰী দীঘলী পুখুৰীত ,
ভাল লগা নাৰী কলেজ চাৰি আলিত...

আৰু নুশুধিব ক'ত ক'ত ভাল লগা নাৰী,
পাইন গছৰ দৰেই ভাল লগা নাৰীৰ দীঘলীয়া শাৰী ,

ভাল লগা নাৰীৰ চকুলৈ চাব নোৱাৰি ,
হেৰুৱাই পেলোৱাৰ ভয়,
ভাল লগা নাৰীৰ কথা শুনিব নোৱাৰি ,
মাতাল হৈ পৰাৰ সংশয়... !!

ভাল লগা নাৰীৰ বিষয়ে বুজাই ক'ব নোৱাৰি
ভাল লগা নাৰীৰ বৈশিষ্ট্য দিবও নোৱাৰি

এটাই কথা

ভাল লগা নাৰীক
কোনো স্বৰ্ত নোহোৱাকৈ

ঘপহকৈয়ে
ভাল লাগি যাব পাৰি ...!

প্ৰাণজিৎ বৰুৱা
২২/০৯/১৫


Sunday, September 20, 2015

বৰষুণত নিতিতিবি পাগলী...

বৰষুণত নিতিতিবি পাগলী...

গুৰুম গুৰুম মেঘে গাজিছে...
চাট মাৰি  মাৰি ধৰা বিজুলী ,
তাতে বতাহত এই গছ বোৰো
দেখোন আজি কিবা আউলি -বাউলি

পিছে ,

তোৰ ,
তোৰ যে ভয় লগা নাই  পাগলী ??

ভৰিত  দেখোন  আজি তোৰ নুপুৰ হে
বাজিছে চিপ চিপ চপ চপ  ,
কিবা পানী ধেমালিৰ গীত,
ছুলি টাৰিৰে সৰি পৰা টোপাল বোৰে
যে কেনদৰে গাইছে মৌনতাৰ মিঠা  সংগীত...!!

ধুনীয়া দেখাইছে তোক ,
পাগলী ...
পাহৰাই দে সকলো দুখ !

পাগলী ,
ব্যস্ত নগৰীৰ দেখোন সকলোৰে হাতে হাতে ফুলাম ছাতি,
চাচোন  চা
সাহসী মানুহ বোৰৰ কেনে এই বৰষুণ ভীতি ,
সদায়েই বৰষুণ ভালপোৱাৰ নাটক কৰা
ইহঁতৰ চকুলৈ চা
হা হা
এইয়াই চাগৈ কবিতাৰ বাৰিষাৰ প্ৰথম জাক বৰষুণ প্ৰীতি !!

পিছে তোৰ যে ভয় নাই ,

পাগলী
ইমান সাহসী তই,
হয় জানো ??

উহো
কেতিয়াও নহয়,
মুঠেও নহয়...

জানো  দে তোৰ কথা
মনত আছে তই কোৱা...

" বৰষুণত কান্দিবলৈ ভাল !"

''নেদেখে কোনেও,
নুসুধে কোনেও,

কি কিয় কাৰ বাবে... !!
এইবোৰ কৈ ফুৰাৰ ইচ্ছা নাথাকে ,
বৰষুণত কান্দিবলৈ সঁচাই ভাল...!"

হ ম্ ম্...
আচল কথা মই বুজো অ,
তই নকলেও ,
সঁচাই
পাগলী তোৰ  দুখ মইও চাব নোৱাৰো ,

হব
নকৰিবি ,
নকৰিবি আৰু
বৰষুণৰ সতে এনে ধেমালি ,

নিতিতিবি ...

বৰষুণত আৰু  নিতিতিবি পাগলী...!!!

প্ৰাণজিৎ বৰুৱা
২০ / ৯ / ২০১৫


Monday, September 7, 2015

কেইটামান কথা ভাল লগা অপ্ৰিয় যদিও  সঁচা...

কেইটামান কথা ভাল লগা
অপ্ৰিয় যদিও  সঁচা...

কাৰোবাক হৰুৱাবলৈ সহজ ,
কিন্তু কাৰোবাক জিকাটো আটাইতকৈ টান !!

আপুনি যেনে আছে তেনেকৈ আপোনাক
আকোৱালি লব পৰা জনহে প্ৰকৃততে আপোনাৰ বাবে যোগ্য ।

কাৰোবাক জোখতকৈ বেছি গুৰুত্ব কেতিয়াও দিবই নালাগে,
নহলে আপোনাৰ গুৰুত্ব তেওঁৰ ওচৰত হ্ৰাস পাবই ।

কেৱল আপোনাৰ সৌন্দৰ্য্যৰ প্ৰতি আকৰ্ষিত হৈয়ে যদি কোনোবা আপোনাৰ কাষ চাপি আহে,
তেন্তে আপোনাতকৈ বেছি ধুনীয়া কোনোবা পালে তেওঁ তেনেকৈয়ে আঁতৰিও যাব ।

কথা কওঁতে অলপমান সাৱধান হোৱাটো ভাল,
আপোনাৰ জিভা খন আটাইতকৈ কোমল অংগ,
পিছে ইয়াৰ পৰাই ওলোৱা একোটা শব্দ কাৰোবাৰ বাবে শিলৰ দৰে কঠোৰ হৈ পৰিব পাৰে ।

পঢ়া শুনা কৰিলেই  সফল বুলি কব নোৱাৰি ,
আপোনাৰ জ্ঞান আৰু তাৰ সফল প্ৰয়োগেহে আপোনাক সফল কৰিব ।

আপুনি আনৰ পৰা যেনেকুৱা সন্মান বিচাৰে ,
আনকো তেনে সন্মান দিবলৈ চেষ্টা কৰক ।

কিবা এটা ঘটনাৰ পৰা তাৰ ফলাফল নিৰ্ণয় কৰোঁতে অলপ সময় লওক,
আপুনি দেখাটো বা শুনাটো সদায় সঁচা নহবও পাৰে ।

সময়ত ভাল পাবলৈ শিকক ,
সময়ত মৰম কৰিবলৈ শিকক,
সময়ত ধেমালি কৰিবলৈ শিকক,
সময়ত নিজক কঠোৰ কৰিবলৈও শিকক ।

আত্ম সন্মান অতি কোমল আৰু সকলোৰে আটাইতকৈ প্ৰিয় সম্পদ ,
কোনো কাৰণতেই তাক ব্যাঘাত নকৰিব
লাগিলে শিশুৱেেই হওঁক বা সমনীয়াই ।

ধেমালিৰো এটা সীমাবদ্ধতা খুবেই প্ৰয়োজন ।

কেতিয়াও নিজকে  নজহাব,
কেতিয়াও আনৰ লগত নিজক তুলনা কৰিও নাচাব ।

সম্পৰ্ক বন্ধুত্ব আদি গঠন কৰোঁতে আৰ্থিক বা অন্যান্য ক্ষেত্ৰতো পৰা পক্ষত সমান স্তৰৰ লোকৰ লগত কৰাটো ভাল ।

সম্পৰ্ক এটা আৰম্ভ কৰোঁতে আৰু তাক বৰ্তাই ৰাখিবলৈ বহুত দিন লাগি যায়,
কিন্তু তাক শেষ কৰিবলৈ এটা মুহূৰ্তই যথেষ্ট ...!

প্ৰাণজিৎ বৰুৱা
৭/৯/১৫


Sunday, September 6, 2015

মই আৰু তেওঁ

মই কলোঁ তেওঁক

আকাশ কিয় ভাল পোৱা...

তেওঁ কলে
নিজেই এবাৰ চাই লোৱা,

তেতিয়া
মই চাই ৰলো
তেওঁৰ দুচকুত ,

তেওঁ বুজি পাই

কুচি মুচি
সোমাই পৰিল মোৰ বুকুত...

মোৰ
সেইদিনা আকাশ খন খুবেই ফৰকাল
বৰ মৰমিয়াল  যেন লাগিল ...!!

প্ৰাণজিৎ বৰুৱা
১/৯/২০১৫


Saturday, September 5, 2015

আপেক্ষিক

আপেক্ষিক...

কলেজত গণিত পঢ়ি থাকোঁতে 
এটা শব্দ পাইছিলো ইনফিনিটি বুলি ,

তাতোকৈ আগত পাইছিলো শূন্য
বুলি আন এটা শব্দ ...!

এতিয়া জীৱন নামৰ অংকটো
কৰি থাকোঁতে ,
দুয়োটাৰ কথা ভাবো ,
প্ৰায়ে ওলাই দুয়ো...

আচলতে বাস্তৱত এই দুইটাৰ অস্তিত্ব নাই,
দুয়ো মাথো এটা আপেক্ষিক ধাৰণা...

অৰ্থাৎ ইনফিনিটি মানে আপোনাৰ তুলনাত মোৰ বহুতেই বেছি,

আৰু শূন্য মানে আপোনাৰ তুলনাত মোৰ একোৱেই নাই  ।

ক্ৰমশঃ
এই তুলনাৰ
আপেক্ষিকভাৱে উচ্চতম আৰু
নিম্নতম সংখ্যা দুটাক মানুহে জীৱনত
সাধাৰণতে

সুখ আৰু দুখ হিচাপে নামাকৰণ কৰে ..!

প্ৰাণজিৎ বৰুৱা
৫/৯/১৫


Wednesday, September 2, 2015

পাগলী ৩

পাগলী ...

পাগলী গলগৈ ,
কেতেকী জনীৰ দৰে,

পাগলী গলগৈ,
সোনাৰু পাহিৰ দৰেই,

পাগলী হেৰাই থাকিল ,
সুগন্ধি পখিলা হৈ,

পাগলী হেৰাই থাকিল,
মহাদেৱৰ পগলা পাৰ্বতী হৈ...

পাগলী ক'ত গ'ল,
পাগলী নিৰুদ্দেশ হ'ল...

মোৰ
পাগলী প্ৰেমিক
আছিল হীৰুদাৰ,
মোৰ পাগলী ,

পাগলী প্ৰেমিক আছিল সৌৰভৰ
সোনাৰু হালধীয়াৰ,

পাগলীৰ প্ৰিয় আছিল ,
শাৰী শাৰী পাইন,

পাগলীৰ দেহত আছিল,
কবিতাৰ   ৱাইন ...

পাগলীৰ  হাঁহিত,
কেতিয়াবা সৰিও পৰিছিল শেৱালি
এপাহি দুপাহি,

পাগলীৰ মাতত,
দুটি ঠেং ডাঙি নাচিছিল
দহিকতৰা এটাই দুপৰীয়া আহি...

আস পাগলীৰ সতে যে কত সপোন,
পাগলী ধান কটা দাৱনী,
বুকুৰ ৰোৱনী ,
পাগলীৰ মোৰ বাবেই
কিমান যে সাজোন কাচোন...!

নাজানো  পাগলী জনীৰ অকস্মাত
কি ঠেঁহ লাগিল,
এদিন অকৰা জোনটোৰ দৰেই পাগলীও ঢুকাই থাকিল...

ক্ৰমশঃ

জোনটো কিন্তু এদিন আকৌ ন হৈ ওলাল,
পিছে
মোৰ পাগলী কিন্তু আকৌ নোলাল,

সানি বিন্ধি মোৰ কলিজাৰ এফাল
কোৱা শুনো পাগলী বোলে
কাৰোবাৰ বুকুত  এতিয়া
নিগাজী কৈয়ে সোমাল...!!

প্ৰাণজিৎ বৰুৱা
২ - ৯ -২০১৫


অসমীয়া আলোচনীৰ ঠিকনা


অসমীয়া আলোচনীৰ ঠিকনা

1. প্রান্তিক , নৱগিৰি পথ, চানমাৰি প’ষ্ট বক্স
নম্বৰ-২, গুৱাহাটী-৭৮১০০৩

2. সাতসৰী , সাদিন প্রিণ্টার্ছ, ইণ্ডাষ্ট্রিয়েল
এৰিয়া, বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১

3. জীৱন, জীৱন ইনিচিয়েটিভ,দ্বিতীয় মহলা, ২২,
ৰাজগড়, উপ-পথ-২, গুৱাহাটী-৭৮১০০৩

4. পয়োভৰা, কে.কে.বি.পথ,নিউ কলনি, গৃহ নং-৭,
চেনিকুঠি, গুৱাহাটী-৭৮১০০৩

5. বিস্ময়, বিস্ময় প্রকাশন, ঘৰ নং: ৮৩, ৰাজগড় মেইন
ৰোড, গুৱাহাটী-৭৮১০০৩

6. প্রিয় সখী, বিস্ময় প্রকাশন, ঘৰ নং: ৮৩, ৰাজগড়
মেইন ৰোড, গুৱাহাটী-৭৮১০০৩

7. নন্দিনী, মণিৰাম দেৱান
পথ,চানমাৰি,গুৱাহাটী-৭৮১০০৩

8. সপৰিবাৰ, ১৮৯,হাতীগাঁও ৰোড, এম.এল.এ.হোষ্টেলৰ
পিচফালে দিছপুৰ, গুৱাহাটী-৭৮১০০৬

9. মাহেকীয়া বার্তাপখিলী, বিশাল প্রকাশন,
ৰাজগড় লিংক ৰোড, উপাসনা ভৱন (তলৰ মহলা), কমার্চ
কলেজৰ বিপৰীত দিশত, গুৱাহাটী-৭৮১০০৩

10. অসমীয়া ৰিপ’র্টাৰ, বিকাশ কমপ্লেছ, ৰাজগড়
ৰোড, নামঘৰৰ ওচৰত, গুৱাহাটী-৭৮১০০৭

11. স্বর্ণলিপি, ১ম মহলা, ক্লাচিক এনক্লেভ, মণিৰাম
দেৱান পথ, নিউ গুৱাহাটী , গুৱাহাটী-৭৮১০২০

12. মাহেকীয়া কেৰিয়াৰ গাইড, C-15,অমৃতকুজ্ঞজ্ঞ
এপার্টমেণ্ট (চতুর্থ মহলা),লখিমী নগৰ (পাজ্ঞাৱ
নেচনেল বেংকৰ ওচৰত), গণেশগুৰি,গুৱাহাটী-৭৮১০০৫

13. দ্য চানডে ইণ্ডিয়ান(অসমীয়া), হাউছ নং ৬০,
প্রথম মহলা, বনফুল নগৰ পথ,হাউছফেডৰ সমীপত, পোঃঅ:
দিশপুৰ সচিবালয়, গুৱাহাটী-৭৮১০০৬

14. অংগনা, আৰিশা পাব্লিকেশ্যন, অমন উদ্যোগ
লিমিটেড, আনিশা টাৱাৰ, ১৬১-ডি, জি. এছ. ৰোড,
খ্রীষ্টীয়ানবস্তি, গুৱাহাটী- ৭৮১০০৫

15. প্রত্যাশা , জীৱনধাৰা পাব্লিকেশ্যন,অবিনাশ
নিৱাস, প্রথম মহলা, বিবেকানন্দ পথ, উলুবাৰী,
গুৱাহাটী-৭৮১০০৭

16. বিচ্ছুৰিত বর্ণালী, এ-৩, কে পি এনক্লেভ,
সুহাগপুৰ, ৰিহাবাৰী, গুৱাহাটী-৭৮১০০৮


অসমীয়া বাতৰি কাকতৰ ঠিকনা

বাতৰি কাকতৰ ঠিকনা

১। আমাৰ অসম,
জি এল পাব্লিকেশ্বনছ লিমিটেড,
জি এছ ৰোড, উলুবাৰী, গুৱাহাটী-৭৮১০০৭

২। আজিৰ দৈনিক বাতৰি,
এ ডি টাৱাৰ,লালমাটি, এন
এইচ-৩৭, গুৱাহাটী-৭৮১০২৯

৩। নিয়মীয়া বার্তা,
আর্কাশিস পাব্লিকেচনছ
প্রাইভেট
লিমিটেড,কটাহবাৰী,গড়চুক,গুৱাহাটী-৭৮১০৩৫

অথবা

নিয়মীয়া বার্তা,কৈলাস ভৱন,ৰাজগড় (বিহুতলীৰ
বিপৰীত দিশত), গুৱাহাটী-৭৮১০০৩

৪। অসমীয়া খবৰ, ফ্রণ্টিয়াৰ পাব্লিকেশ্বনছ
প্রাঃলিঃ, গুৱাহাটী-৭৮১০১৬

৫। অসমীয়া প্রতিদিন, মণিৰাম দেৱান
পথ,চানমাৰি,গুৱাহাটী-৭৮১০০৩

৬। জনসাধাৰণ, ২৬/২৭ ঔদ্যোগিক পাম, বামুণীমৈদাম,
গুৱাহাটী-৭৮১০২১

৭। দৈনিক জনমভূমি, আৰ জি বৰুৱা ৰোড,
গুৱাহাটী-৭৮১০০৫

৮। আজিৰ অসম, জি এছ ৰোড, গুৱাহাটী-৭৮১০০৫

৯। দৈনিক অসম, ট্রিবিউন বিল্ডিংছ,পোঃঅঃআছাম
ট্রিবিউন,এম আৰ ডি ৰোড,চানমাৰি,গুৱাহাটী-৭৮১০০৩

১০। এদিনৰ সংবাদ,২৩২ ৰাজগড় ৰোড, গুৱাহাটী-৭৮১০০৩

১১। দৈনিক বাতৰি কাকত, পেঞ্চনপাৰা ৰোড,
গোস্বামী ছার্ভিচ, গুৱাহাটী-৭৮১০০৩

১২। আজি, ৰামধেনু প্রকাশন প্রাঃলিঃ, বৰঠাকুৰ মিল
ৰোড,উলুবাৰী, গুৱাহাটী-৭৮১০০৭

১৩। দৈনিক অগ্রদূত, অগ্রদূত পাব্লিচার্ছ প্রাইভেট
লিমিটেড, দিছপুৰ, গুৱাহাটী-৭৮১০০৬

১৪। গণ অধিকাৰ, ইউনিটী মিডিয়া এণ্ড
ইনফ্রাষ্ট্রাকচাৰ লিমিটেড,হাতীগাঁও চাৰিআলি,
গুৱাহাটী-৭৮১০৩৮

১৫। দৈনিক প্রতিবেদন, চি চি ডব্লিউ প্রাইভেট
লিমিটেড, শইকীয়া কমপ্লেক্স, জু-নাৰেংগী ৰোড, জু-
ৰোড তিনিআলি, গুৱাহাটী-৭৮১০২৪

১৬। দলিত অসম, এছ চি কে পাব্লিকেচন, প্রেমদা ভৱন,
গণেশগুৰি চাৰিআলি, দিছপুৰ, গুৱাহাটী-৭৮১০০৬

১৭। অসমীয়া গণমত,এছ কে বৰুৱা পথ, ৰুক্মিণী নগৰ,
গুৱাহাটী-৭৮১০০৬

১৮। অসমীয়া আমি,ঘৰ নং-৬৫,জি.এম.চি. এইচ
উপপথ,জি.এছ.ৰোড,খ্রীষ্টান বস্তি, গুৱাহাটী-৭৮১০০৫

১৯। অসম বাণী,ট্রিবিউন বিল্ডিংছ,পোঃঅঃআছাম
ট্রিবিউন,এম আৰ ডি ৰোড,চানমাৰি,গুৱাহাটী-৭৮১০০৩

২০।ভৱিষ্যৎ,৪,ৰাজধানী মছজিদ পথ,দিশপুৰ,
গুৱাহাটী-৭৮১০০৬

২১।সাদিন, মণিৰাম দেৱান
পথ,চানমাৰি,গুৱাহাটী-৭৮১০০৩

২২।প্রাগজ্যোতিষ, নন্দনপুৰ,শিৱ মন্দিৰ পথ,গৃহ নং-২,
চিৰিয়াখানাৰ সমীপত,
গুৱাহাটী-৭৮১০০৫

২৩।অগ্রদূত, অগ্রদূত পাব্লিচার্ছ প্রাইভেট লিমিটেড,
দিছপুৰ, গুৱাহাটী-৭৮১০০৬

২৪। জনমভূমি, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০০৫

২৫। ৰাইজৰ সংবাদ, ৰাজা বিল্ডিং, হেম বৰুৱা
ৰোড,মাছখোৱা, গুৱাহাটী-৭৮১০০৯


অসমীয়া বাতৰি কাকতৰ e mail ঠিকনা

বাতৰি কাকতৰ ই-মেইল ঠিকনা

1. অসম বাণী, asambani@gmail.com

2. অসমীয়া প্রতিদিন,
pratidin1@sancharnet.in,

pratidinnedi@vsnl.net,

asomiyapratidin@yahoo.co.in,

asomiyapratidin@sify.com

3. অসমীয়া খবৰ,
khabar_assam@sify.com,

khabar_assam@yahoo.com,

4. আজি,

ajidaily@gmail.com,mailaji@sify.com,

5. আজিৰ অসম,

sentinelgroup@gmail.com,

sentinel_group@rediffmail.com,

thesentinel@satyam.net.in,

6. আমাৰ অসম,
aamar.asom@gmail.com,

glpghy2009@hotmail.com

7. আজিৰ দৈনিক বাতৰি,

dainikbatori@rediffmail.com,

dainikbatori@yahoo.com,

adbdibrugarh@ rediffmail.com,

8. নিয়মীয়া বার্তা,

niyamiyabarta@yahoo.in,

niyamiyabarta@gmail.com

9. দৈনিক অগ্রদূত,

agra_doot@yahoo.com,

agradoot@gmail.com,

10. দৈনিক জনমভূমি,

editordj@sify.com,

11. দৈনিক অসম, dainikasam@rediffmail.com,

12. দৈনিক বাতৰি কাকত,

batorikakot@rediff.com,

batorikakot@sify.com

13. দৈনিক প্রতিবেদন,

dainikpratibedondon@gmail.com,

dainikpratibedon@yahoo.com

14. জনসাধাৰণ,

janasadharanghy@gmail.com,

15. এদিনৰ সংবাদ,

sambadadinor@gmail.com,

adinassam@yahoo.com,

16. গণ অধিকাৰ,
ganaadhikar123@gmail.com,

17. সাদিন,

sadinghy@yahoo.co.in