Monday, September 7, 2015

কেইটামান কথা ভাল লগা অপ্ৰিয় যদিও  সঁচা...

কেইটামান কথা ভাল লগা
অপ্ৰিয় যদিও  সঁচা...

কাৰোবাক হৰুৱাবলৈ সহজ ,
কিন্তু কাৰোবাক জিকাটো আটাইতকৈ টান !!

আপুনি যেনে আছে তেনেকৈ আপোনাক
আকোৱালি লব পৰা জনহে প্ৰকৃততে আপোনাৰ বাবে যোগ্য ।

কাৰোবাক জোখতকৈ বেছি গুৰুত্ব কেতিয়াও দিবই নালাগে,
নহলে আপোনাৰ গুৰুত্ব তেওঁৰ ওচৰত হ্ৰাস পাবই ।

কেৱল আপোনাৰ সৌন্দৰ্য্যৰ প্ৰতি আকৰ্ষিত হৈয়ে যদি কোনোবা আপোনাৰ কাষ চাপি আহে,
তেন্তে আপোনাতকৈ বেছি ধুনীয়া কোনোবা পালে তেওঁ তেনেকৈয়ে আঁতৰিও যাব ।

কথা কওঁতে অলপমান সাৱধান হোৱাটো ভাল,
আপোনাৰ জিভা খন আটাইতকৈ কোমল অংগ,
পিছে ইয়াৰ পৰাই ওলোৱা একোটা শব্দ কাৰোবাৰ বাবে শিলৰ দৰে কঠোৰ হৈ পৰিব পাৰে ।

পঢ়া শুনা কৰিলেই  সফল বুলি কব নোৱাৰি ,
আপোনাৰ জ্ঞান আৰু তাৰ সফল প্ৰয়োগেহে আপোনাক সফল কৰিব ।

আপুনি আনৰ পৰা যেনেকুৱা সন্মান বিচাৰে ,
আনকো তেনে সন্মান দিবলৈ চেষ্টা কৰক ।

কিবা এটা ঘটনাৰ পৰা তাৰ ফলাফল নিৰ্ণয় কৰোঁতে অলপ সময় লওক,
আপুনি দেখাটো বা শুনাটো সদায় সঁচা নহবও পাৰে ।

সময়ত ভাল পাবলৈ শিকক ,
সময়ত মৰম কৰিবলৈ শিকক,
সময়ত ধেমালি কৰিবলৈ শিকক,
সময়ত নিজক কঠোৰ কৰিবলৈও শিকক ।

আত্ম সন্মান অতি কোমল আৰু সকলোৰে আটাইতকৈ প্ৰিয় সম্পদ ,
কোনো কাৰণতেই তাক ব্যাঘাত নকৰিব
লাগিলে শিশুৱেেই হওঁক বা সমনীয়াই ।

ধেমালিৰো এটা সীমাবদ্ধতা খুবেই প্ৰয়োজন ।

কেতিয়াও নিজকে  নজহাব,
কেতিয়াও আনৰ লগত নিজক তুলনা কৰিও নাচাব ।

সম্পৰ্ক বন্ধুত্ব আদি গঠন কৰোঁতে আৰ্থিক বা অন্যান্য ক্ষেত্ৰতো পৰা পক্ষত সমান স্তৰৰ লোকৰ লগত কৰাটো ভাল ।

সম্পৰ্ক এটা আৰম্ভ কৰোঁতে আৰু তাক বৰ্তাই ৰাখিবলৈ বহুত দিন লাগি যায়,
কিন্তু তাক শেষ কৰিবলৈ এটা মুহূৰ্তই যথেষ্ট ...!

প্ৰাণজিৎ বৰুৱা
৭/৯/১৫


No comments :

Post a Comment