বৰষুণত নিতিতিবি পাগলী...
গুৰুম গুৰুম মেঘে গাজিছে...
চাট মাৰি মাৰি ধৰা বিজুলী ,
তাতে বতাহত এই গছ বোৰো
দেখোন আজি কিবা আউলি -বাউলি
পিছে ,
তোৰ ,
তোৰ যে ভয় লগা নাই পাগলী ??
ভৰিত দেখোন আজি তোৰ নুপুৰ হে
বাজিছে চিপ চিপ চপ চপ ,
কিবা পানী ধেমালিৰ গীত,
ছুলি টাৰিৰে সৰি পৰা টোপাল বোৰে
যে কেনদৰে গাইছে মৌনতাৰ মিঠা সংগীত...!!
ধুনীয়া দেখাইছে তোক ,
পাগলী ...
পাহৰাই দে সকলো দুখ !
পাগলী ,
ব্যস্ত নগৰীৰ দেখোন সকলোৰে হাতে হাতে ফুলাম ছাতি,
চাচোন চা
সাহসী মানুহ বোৰৰ কেনে এই বৰষুণ ভীতি ,
সদায়েই বৰষুণ ভালপোৱাৰ নাটক কৰা
ইহঁতৰ চকুলৈ চা
হা হা
এইয়াই চাগৈ কবিতাৰ বাৰিষাৰ প্ৰথম জাক বৰষুণ প্ৰীতি !!
পিছে তোৰ যে ভয় নাই ,
পাগলী
ইমান সাহসী তই,
হয় জানো ??
উহো
কেতিয়াও নহয়,
মুঠেও নহয়...
জানো দে তোৰ কথা
মনত আছে তই কোৱা...
" বৰষুণত কান্দিবলৈ ভাল !"
''নেদেখে কোনেও,
নুসুধে কোনেও,
কি কিয় কাৰ বাবে... !!
এইবোৰ কৈ ফুৰাৰ ইচ্ছা নাথাকে ,
বৰষুণত কান্দিবলৈ সঁচাই ভাল...!"
হ ম্ ম্...
আচল কথা মই বুজো অ,
তই নকলেও ,
সঁচাই
পাগলী তোৰ দুখ মইও চাব নোৱাৰো ,
হব
নকৰিবি ,
নকৰিবি আৰু
বৰষুণৰ সতে এনে ধেমালি ,
নিতিতিবি ...
বৰষুণত আৰু নিতিতিবি পাগলী...!!!
প্ৰাণজিৎ বৰুৱা
২০ / ৯ / ২০১৫
No comments :
Post a Comment