Tuesday, September 22, 2015

ভাল লগা নাৰী

ভাল লগা নাৰী ...

ভাল লগা নাৰীৰ চকুলৈ চাব নোৱাৰি ,
হেৰুৱাই পেলোৱাৰ ভয়,
ভাল লগা নাৰীৰ কথা শুনিব নোৱাৰি ,
মাতাল হৈ পৰাৰ সংশয়...

ভাল লগা নাৰীয়ে কথা নকয় ,
শেল মাৰে,
ভাল লগা নাৰীয়ে বেছি পৰ চাই নৰয়,
বান এৰে...

ভাল লগা নাৰীৰ খোপাত আবেলি আবেলি গোন্ধ ,
ভাল লগা নাৰীৰ বাবেই পলাই আহে অনিৰুদ্ধ ,

ভাল লগা নাৰীৰ বাবেই বুকুত গোলাপ ৰুৱে,
ভাল লগা নাৰীৰ বাবেই বাৰিষাৰ বৰষুণে চুৱে ,

ভাল লগা নাৰীৰ চকুত কি ?
কাজল ,
ভাল  লগা নাৰীৰ নুপুৰত কি ?
মাদল ...

ভাল লগা নাৰী ক'ত,
আপোনাৰ চকুত ,

ভাল লগা নাৰী ক'ত,
আপোনাৰ বুকুত ...

ভাল লগা  নাৰী ফিজিক্স গেলাৰীত,
ভাল লগা নাৰী শাওনৰ বোকা মাটিত,
ভাল লগা নাৰী ৰিক্সাৰ ছিটত ,
ভাল লগা নাৰী মেলডী গীতত ...
ভাল লগা নাৰী দীঘলী পুখুৰীত ,
ভাল লগা নাৰী কলেজ চাৰি আলিত...

আৰু নুশুধিব ক'ত ক'ত ভাল লগা নাৰী,
পাইন গছৰ দৰেই ভাল লগা নাৰীৰ দীঘলীয়া শাৰী ,

ভাল লগা নাৰীৰ চকুলৈ চাব নোৱাৰি ,
হেৰুৱাই পেলোৱাৰ ভয়,
ভাল লগা নাৰীৰ কথা শুনিব নোৱাৰি ,
মাতাল হৈ পৰাৰ সংশয়... !!

ভাল লগা নাৰীৰ বিষয়ে বুজাই ক'ব নোৱাৰি
ভাল লগা নাৰীৰ বৈশিষ্ট্য দিবও নোৱাৰি

এটাই কথা

ভাল লগা নাৰীক
কোনো স্বৰ্ত নোহোৱাকৈ

ঘপহকৈয়ে
ভাল লাগি যাব পাৰি ...!

প্ৰাণজিৎ বৰুৱা
২২/০৯/১৫


No comments :

Post a Comment