Saturday, August 30, 2014

মাছোৰোকা (KINGFISHER)

White Throated Kingfisher
(Boga-bukua masuruka)
Scientific name : Halcyon smyrnensis

place : north lakhimpur
date : 30 august 2014
camera : NIKON COOLPIX L830

PHOTOGRAPHER : PRANJIT BORUAH


Friday, August 29, 2014

য়ো য়ো চেনী চিঙ

য়ো  য়ো চেনী চিঙ

মোৰ exam আছে কাইলৈ
আছো সন্মুখতে   গেলেক্সী লৈ

মেলি থৈ  টেক্সট  বুক
চলাই আছো ফেচবুক

য়ো য়ো চেনী চিঙ

মায়ে ভাবে
  আছো পঢ়ি ,
টেবুলত যে আছো বঢ়ি,

মইহে জানো কি পঢ়িছো
কেইজনীৰ লগত চাট কৰিছো ।

পঢ়া শুনা গুলি মাৰৌ,
fb whatsaap কৰৌ য়াৰৌ । 

এই পৃথিৱী মাথোঁ দুদিনীয়া,
পঢ়ি শুনি   লাভ নাইকিয়া ।

কিয়নো কৰা তুমি বেজাৰ
বলা যাওঁ বগীনদী বজাৰ,

নকৰিবা কোনেও লাজ
খাই  লোৱা  গাহৰি আৰু সাজ

মাজে মাজে চিঞৰিবা
য়ো
য়ো চেনি চিঙ ।
য়ো য়ো চেনি চিঙ ।

চাৰিজনী আছে মোৰ গাৰ্ল ফেন্ড,
হলেও হওঁক সিহঁত চেকেণ্ড হেন্দ,
মইটো নহওঁ কাৰো দৰা,
মোৰ কাম হল এনজয় কৰা,

বাইকত উঠাই শিৱ মন্দিৰ যাম,
বিশ্ব হলত আছিকি 2 চাম,
পাৰিলে মহালক্ষ্মীটো  সোমাম,
তাত দুয়ো চলে-বতৰা  খাম...

খাইলৈ গাম

য়ো য়ো চেনি চিঙ
য়ো য়ো চেনি চিঙ ।

দেউতাৰ পৰা পইচা লৈ,
জুৱা খেলিম মিনা বজাৰত গৈ,

জুৱা খেলি ধনী হম,
এখন বুলেট তেতিয়া লম ।

বুলেট  চলাই দেখুৱাম চাল,
পটিব   তেতিয়া বহুত মাল,

চাৰিওফালে বহু সুন্দৰী ,
সন্মুখত  চিকেন তন্দুৰী,

এইদৰেই মোৰ লাইফ কাটি যাব,
মা দেউতাৰ সন্মান ফাটি যাব ।

এইবুলি গালোঁ মই
য়ো য়ো চেনী,
তেনেতে শব্দ এটা পালো শুনি ।

লাহে লাহে
গৰম হল মোৰ কাণ,
কি তই পৰীক্ষাত লিখিবি
এই গান ??

এইবুলি কৈ থাপৰ দিয়া
এইজনী মা হে দেখোন ,

অতপৰে মানে মই
দেখি আছিলো সপোন ।

ধুৰৰ কিখন যে হল,
ইমানবোৰ প্লেন
চাল্লা অথলেই গল...
বাৰু যি হল হল

এতিয়া গাওঁ এটা  গান
কোনোবাই বজা ভগা টিং,

অসমীয়া ৰকষ্টাৰ এইয়া

য়ো য়ো চেনি চিঙ
য়ো  য়ো চেনি চিঙ ...!

;-) :-\ :-P :-P :-P :-D :-D
-- প্ৰাণজিৎ বৰুৱা
২৮/৮/২০১৪




Friday, August 22, 2014

** সঁচা কেৱল প্ৰেমৰ নিচা **

   ** সঁচা কেৱল প্ৰেমৰ নিচা  **

ৰাতি ৰাতি গোন্ধাই তোমাৰ আউসী যেন চুলি,
তুমি ক'লা ;
সেইয়াটো শৰতৰ শেৱালী !!

মই ক'লো মিছা ,
তুমি ক'লা ;
দিন ৰাতিৰ দৰেই সঁচা !!

ফুলি উঠে মোৰ বুকুৰ কৃষ্ণচুড়া
যদিও কাৎচিত হে দেখোঁ তোমাক,
তুমি ক'লা ;
ধেই অকৰা সেইয়াটো নিশাৰ স্নিগ্দ্ধ জোনাক !!!

মই আকৌ ক'লো মিছা ,
তুমি ক'লা ;
জোন বেলিৰ দৰেই সঁচা !

তোমাৰ দেহত পাওঁ মই টিউলিপ, হাচনা হানাৰ সুবাস ...
তুমি ক'লা ;
নহয় অ' সেইয়াটো
ৰাতিৰ হাবিখনত বলা বনৰীয়া ফুলৰ বতাহ ।

মই ক'লো মিছা,
তুমি ক'লা ,
জন্ম মৃত্যুৰ দৰেই সঁচা !

মই আকৌ কিবা এটা ক'ব খুজিছিলো ...
কিন্তু !!
তোমাৰ আলফুল দুটি উঠে মোৰ উঠত হেচাঁ দি ক'লে,
আৰু নকবা,
হ'ব ; মই মিছা মই মিছা,
তুমিয়েই সঁচা, তুমিয়েই সঁচা !

আৰু মইয়ো নিশ্চুপ হৈ গ'লো এটা উমাল স্পৰ্শত,
মৌন হৈ উপভোগ কৰিলো মাথোঁ এক উন্মনা নিচা ...!!!

--প্ৰাণজিৎ বৰুৱা
২৬ অক্টোবৰ ২০১৩
৯৭০৬১২৯৩৬৯


মোৰ বাবেও কোনোবা আছে ...

মোৰ বাবেও কোনোবা কৰবাত আছে...

আপোনাৰ সুখ চাগৈ  বহুত ন ?
এই সদায় যে প্ৰিয়জনৰ কাষতে থাকে...

মইও দুখী নহয় দিয়ক...

আপুনি ২৪ ঘন্টাই ব্যস্ত প্ৰেমাস্পদৰ মোহত...
আপোনাৰ প্ৰতিটো পল
কাটিছে হয়তো বহু উলাহত!

কিন্তু মইয়ো অকলশৰীয়া
নহয় দিয়ক...!

আপোনাৰ চাগে বহুত অহংকাৰ,
ফেচবুকত ইন এ ৰিলেচনচিপ টো দেখুৱাই,
আপুনি চাগে নিজকে অত্যন্ত সৌভাগ্যশালী বুলিয়েই ভাবে ...

সেইবুলি আমাক  ৰিলেছনচিপ নথকা বুলি নাভাবিব আকৌ !

জানে
আপুনি জীয়াই আছে বৰ্তমানত...
আৰু আমি আছো ভৱিষ্যতত...

আমাৰ বৰ্তমান দেখি পুতৌ নকৰিব ভুলতো,
আমি আমাৰ সকলোবোৰ মান অভিমান সযতনে সাঁচি ৰাখিছো,

কঢ়িয়াই ফুৰিছো সীমাহীন ভালপোৱাৰ বীজ,
যি দিনাই এখন সাৰুৱা হৃদয়ৰ সন্ধান পাম,
হেপাঁহ পলুৱাই ছটিয়াম...

জানে আমাৰ বাবেও কৰবাত কোনোবা আছেই,

শপত খাই কৈছো
যিদিনাই লগ হম...
হেঁপাহ পলুৱাই ভাল পাই পেলাম  ...!

-- প্ৰাণজিৎ বৰুৱা
১১ জুলাই ২০১৪


লিমাৰিক


লিমাৰিক (বিষয় :সাম্প্ৰতিক সময়)

    ( ১)
ভাৰতীয় ক্ৰিকেট  টীমৰ এইয়া পুৰণি স্বভাৱ, //
সেউজীয়া পিটচত বেটিংৰ পেলাব নোৱাৰে প্ৰভাৱ,//

বলিংতো গতি নাই,/
ফিল্ডিংতো বল সৰকি যায়,/

হয়তো দ্ৰাবিড় লক্ষ্মন টেন্ডুলকাৰৰ দৰে কোনোবাৰ হৈ আছে  এতিয়াও অভাৱ ।

        (২)
বানপানীৰ মথাউৰীৰ নামত টকা আহিল  কোটি কোটি,//
ঠিকাদাৰ মন্ত্ৰীয়ে খালে তাকে লুটি পুটি,//

বন্যাৰ্তই কৰে হাহাকাৰ,/
শুই থাকে সদায় চৰকাৰ,/

শ শ কোটিৰ আধুনিক মাথাউৰি বোৰো যে  যায় এজাক বৰষুণতে উটি ।

    
        (৩)

১৫ আগষ্ট স্বাধীনতা দিৱস সকলোৱে জানে//
এমাহৰ আগৰ পৰাই যে ১৪৪ ধাৰা আনে//

পুলিচ নাগৰিক প্ৰশাসন ,/
সকলোবোৰেই যে সচেতন ,/

১৫ আগষ্টৰ পিছৰ পৰাহে যেন সকলোৱে স্বাধীনতা দিৱস মানে।

       (৪)
সীমান্ত বাসীৰ টোপনি নাই জ্বলিছে যে তাত জুই,//
সেই জুইয়ে সমগ্ৰ অসমকে কিন্তু  গৈছে মিহিকে চুই,//

মন্ত্ৰীবিধায়কৰ নাই কানসাৰ,/
এইয়াই অসমৰ চৰকাৰ,/

সকলোবোৰ মৰি শেষ হলেওঁ যেন গনতন্ত্ৰ থাকিবই
এনেকৈ শুই ।

--প্ৰাণজিৎ বৰুৱা
১৮ আগষ্ট ২০১৪


জীৱন

(জীৱন)
এটা ৰাতিৰ কাহিনী ...

             ১
ফৰকাল এটা জোনাক ৰাতি...
মাটিত ঢাৰি পাটি...
চোতালত আইতাৰ সতে,
সাধু কথাৰ কুঁকি
সুখৰ নিপোটল টোপনি...
সপোনত তৰাৰ জিকি মিকি ...!

        ২
এটা নিজন ৰাতি...
দুপৰ নিশালৈ জ্বলে বিজুলী বাতি...
সন্মুখত ঘুৰি ফুৰে
আলফা বিতা গামা,
আধা মেলা কিতাপলৈ
দুচকুত ভৱিষ্যতৰ সপোনৰ
উঠা নমা...!

       ৩
এটা গহীন ৰাতি...
নিয়ে কোনোবাই মোক মাতি,
কানে কানে গায় ভালপোৱাৰ গান,
বৰষুণ সৰে ঝিৰ ঝিৰ,
ভিজে আমাৰ উষ্ণ শৰীৰ ...
সপোনত প্ৰেমৰ ৰাজকুৱঁৰীৰ
মাৰো নামোৰোকৈ মৰা
চঞ্চলা  হাঁহি...!

         ৪
এটা নিসংগতাৰ ৰাতি...
কটাওঁ অকলেই কথা পাতি,
মনত পেলাওঁ মোৰ জীৱনক,
সোণালী অতীতৰ
পোৱা নোপোৱাৰ  হিচাপ কৰি চাওঁ,
সপোনত কাৰোবাৰ নিমন্ত্ৰণী
পাই ফেঁকুৰি উঠে বুকু...
জীৱন তোক বৰ ভাল পাঁও
পৃথিৱী তোক  এৰিযে নাযাওঁ...!

...
......
.........
ক্ৰমশঃ ...
এনেদৰেই হেৰাই যায়,
সকলোৰে প্ৰিয় ৰাতিবোৰ,
জীৱন নামৰ আকাশ খনত,
সহচৰ হৈ মাজে মাজে ওলাই
মাজে মাজে লুকাই ,
সুখ দুখৰ তৰাবোৰ...
নায়ক নায়িকাহে
সলনি হয়...
বাকী
একেই থাকে জীৱন নাটৰ কাহিনীবোৰ ...!

-- প্ৰাণজিৎ বৰুৱা
৮ জুলাই ২০১৪


লিমাৰিক

warning : বহুতদিনৰ বিৰতিৰ মুৰত লিমাৰিক এট লিখিছো । কাৰোবাৰ গাত লাগিলে ক্ষেমিব গালি চালি নাপাৰিব :-\ ;-) :-P :-P :-D (কাল্পনিক যদিও সঁচা :-\ :-P :-P :-D )

          লিমাৰিক

            ( ১)
মহিলা সন্থাৰ প্ৰিয় কামত নিদিবযে আমনি /
জি টিভি,ষ্টাৰ প্লাছৰ পিছত আহিল ৰং ,ৰেঙণি/

বোৱাৰী জীয়ৰী শাহুআই,/
সকলোকে আৰু কোনে পাই/

ৰিমট খুজি নবহাব দেহাত হেঁতাৰ কোবৰ চামনি ।

          (২)
ফেচবুকৰ লৰাবোৰ কিন্তু বিৰাটেই চেনী/
একে সময়তে চাটিং কৰে উইথ চাৰি পাঁচজনী/

প্ৰথমে জনাব হেল্ল হাই/
শেষত সুধিব কোনোবা আছেনে নাই /

নাই বুলি জানিলেই চলিব অবিৰাম এই চেনীৰামি প্ৰেম কাহিনী ।

           (৩)
অসমত এতিয়া অসমীয়া ভাষাৰ গতি পুতৌজনক /
ইংৰাজী মাধ্যমত সন্তানক পঢ়োৱাতেহে যে সন্মানজনক/

কথাই প্ৰতি আহে চ' /
বাতৰিতো  বিগ ব্ৰেকিংৰ ঢৌ/

সকলোৱেই যেন আদৰিছে আংকল আন্টি কৈ স্মাৰ্ট
হোৱাৰ এই  নতুন ফেশ্যনক ।

        (৪)
ফেচবুকৰ ছোৱালীবোৰো যে নহয় ধোৱা তুলসীৰ পাত /
ধনী ধুনীয়া ডেকা দেখিলেহে দিয়ে মিঠা মাত /

কেইজন প্ৰেমিক জনা নাযায়/
মিচকলেৰেহে কাম চলায়/

তিনিজন মানক নঠগালৈকে  হেনো কলিজাখন নপৰেই বোলে শাঁত ।

(c) প্ৰাণজিৎ বৰুৱা
১০ জুলাই ২০১৪
৯৭০৬১২৯৩৬৯


Sunday, August 17, 2014

টেট ,দৰমহা ইত্যাদি ...


টেট ,দৰমহা ইত্যাদি ...

সৰুৰে পৰাই এটা হেঁপাহৰ শব্দ আছিল এই 'দৰমহা'টো ।
ইয়াৰ লগত পৰিচয় হৈছিল বুজা হোৱাৰ পৰাই, যিদিনাই দেউতাই চাইকেলৰ হেন্দেল আৰু কেৰিয়াৰত মোনা ভৰ্ত্তি কৰি বস্তু আনিছিল আৰু লগতে আমি ভালপোৱা একোটা বিশেষ বস্তু বাদাম বা অন্যান্য ফল মুল, যিবোৰ সদায় অনা নহৈছিল ।
লগতে ;
একোটা ডাঙৰ মাছ লৈ অনা সেই বিশেষ  দিনটোৱেই আছিল আমাৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু,
দেউতাৰ কষ্টোপাৰ্জিত দৰমহা পোৱাৰ দিনটো।

সেই দিনটোৰ মাদকতা আমাৰ বাবে অনন্য আছিল বাবেই নেকি দৰমহা শব্দটো খুউব ভাল লগা হৈ পৰিছিল ।
আৰু মইয়ো যিদিনাই দেউতাই কিবা বিশেষ বস্তু বা অধিককৈ কিবা অনা দেখো তেতিয়াই দেউতাক কওঁ," মানে দৰমহা হল ন আজি দেতা ?"
কেতিয়াবা একেমাহতে দুই তিনিবাৰো সুধি দিওঁ,দেউতাই হাঁহি কয় কেলে লাগিছে নো তোক দৰমহাৰ কথা ইমানকৈ ?
খাবলৈ পাইছ খা..!
মইয়ো বোলো ঠিকেইটো উৰহী গছৰ ওৰনো কেলৈ মোক :-\

লাহে লাহে বুজা হলো...
দৰমহাৰ concept ক্লিয়াৰ হল আৰু ...!
মানে,
চৰকাৰী চাকৰিয়ালৰ লগতে প্ৰাইভেট কোম্পানীৰ মানুহৰো দৰমহা থাকে ।
আকৌ দৰমহা নোপোৱা ,
পাম পাম ভাবি আশা কৰা কিছুমান
চাকৰিও আছে  ।

যিবিলাকক শুনা পাইছিলো ছন্দ বদ্ধ এনে বাক্য এটাৰে-
" চাইকেলৰ পাংচাৰ,
বেমাৰৰ কেনচাৰ,
আৰু চাকৰিৰ ভেঞ্চাৰ,
এই তিনিও বিধৰ নাই একো এনচাৰ ..."

আৰু  অলপ ডাঙৰ হলো,
কিছুমান কনচেপ্ত আৰু ক্লিয়াৰ হল ।
নিজৰ দৰমহাৰে মাটি বাৰী লৈ গাড়ী আৰু দুই তিনিমহল ঘৰ বনোৱা মানুহ দেখি যেতিয়া কাৰোবাক সুধা কৰিলো ,
তেওঁলোকৰ ইমান টকা কেনেকৈ?
কিছুমান উত্তৰ পালো ,
ডাঙৰ চাকৰি কৰে ,
ডাক্তৰ,ইঞ্জিনীয়াৰ, বিজিনেচ কৰে,ঠিকা কৰে আৰু চাকৰি সৰু হলেওঁ তেওঁৰ এখন ভাল টেবুল আছে!
মানে বাহিৰা পইচা আছে !

দৰমহাৰ ভিতৰুৱা বাহিৰা কনচেপ্তটো ভালকৈ হৃদয়ংগম কৰিবলৈ অৱশ্যে ভালেমান দিন লাগিল !

লাহে লাহে পঢ়ি শুনি অলপ ওপৰ শ্ৰেণী পাই,
সকলোৰে যোৱাৰ দৰেই চাকৰি এটা কৰিবৰ মন গল...!
আছলতে চাকৰিৰ পৰিৱৰ্তে
দৰমহা নামৰ আকৰ্ষণীয়
শব্দটোৱেহে টানি আছিল ...

এদিন পঢ়ি থাকোঁতেই সুযোগ এটা আহিল টেট নামৰ পৰীক্ষা এটাত বঢ়ি আশা নকৰাকৈয়ে চাকৰি এটা পাই গলো ...
কিমান ফুৰ্ত্তি,
চাকৰি পালো ,
মানে দৰমহাও পাম
তাকো বিনা ঘোঁচৰ চাকৰি ...
বহুত ভাল লাগিল আৰু... ।

দৰমহা পোৱাৰ আগত জল্পনা কল্পনা চলিল, কিমান বা পাম !
তাতে দুজন মান চকুচৰহাৰ ভৱিষ্যত বানীও শুনিলো দিব আৰু ছয় পাঁচ হাজাৰ তাতকৈ কিমান দিব H.S.পাছ চাকৰিত...!

কিন্তু সময়ত ,
এটা জোখৰ দৰমহাই পালো
তুলনামূলক ভাবে ।
কাৰণ ,
একেই চাকৰিয়েই কৰি থকা বহু প্ৰাইভেট স্কুল , কোম্পানীৰ বা চৰকাৰী চাকৰিয়ালেও আমাতকৈ কম হে দৰমহা পাই আছে !
মনত সন্তোষ জন্মালো ,
ঠিকেই আছে দে নাই মোমাইতকৈ কনা মোমায়েই মোমাই ।
লাহে লাহে দুবছৰ মানত
বৃদ্ধিও হল অলপ দৰমহা...

কিন্ত্ত দৰমহা পালো যদিও এটা কথাতহে মনটো শোকে খুন্দা মাৰি ধৰে ...!

সৰুতে কাৰোবাক দৰমহা কিমান সুধিলে ডাঙৰ জনে কয় মহিলাৰ বয়স আৰু চাকৰিৰ দৰমহা সুধিব নাপাই !
বুজিলো নাপায় তেতিয়া,
পিছে এই নাপায়টো এতিয়া
কিয় নাই বাৰু হে ?

মানে কৰবাত কোনোবা কোম্পানীৰ চাকৰিয়ালক দৰমহা কিমান পোৱা সুধিলে, তিনিগুণ কৰি কলেও গম পোৱা নাযায় !
কিন্তু আমাৰ দৰমহাৰ
খাটিয়ান গোটেই সংসাৰে পাই !

দুখ লাগে জানে,
যেতিয়াই কোনোবা টেট উত্তীৰ্ণ
  শিক্ষক  লৰাই
ছোৱালী চাবলৈ যায় আৰু কইনাৰ পৰিয়ালৰ কোনোবাই কব অ তুমি টেটত কৰা ন ?
এল পি ন !
এতিয়াটো( ***** )ইমান
দৰমহা পোৱা ন ?
একোনাই দিয়া ঠিকেই পাই আছা !
বাহ একদম ACCURATE হিচাপ কৈ দিয়েহে ।
আচৰিতেই হৈ যাওঁ ...!

আছলতে CONFIDENTIAL বুলা কিবা এটা থাকিলে ভাল হয় আৰু...:-\

যিমানেই পালেও
দৰমহাটো যে এনেকুৱা খুল্লম খুল্লা জনাজাত  হোৱাটো একেবাৰেই বিচৰা নাছিল
আৰু দেই ...!

(টোকা : যি কি নহওঁক
যিমান যি হলেওঁ,
দৰমহা যিমানেই পালেওঁ,,
সকলোৱেই জানিলেও
আমাৰ যে এটা চাকৰি আছে,
আমি সুখী হব লাগে...!
মইয়ো সুখী  ।
মনত আহি থকা ভাব এটাহে লিখিলো কোনেও গভীৰ ভাৱে নলয় যেন । )

--প্ৰাণজিৎ বৰুৱা
১৯/জুলাই/২০১৪
ফোন : 9706129369