Friday, August 22, 2014

জীৱন

(জীৱন)
এটা ৰাতিৰ কাহিনী ...

             ১
ফৰকাল এটা জোনাক ৰাতি...
মাটিত ঢাৰি পাটি...
চোতালত আইতাৰ সতে,
সাধু কথাৰ কুঁকি
সুখৰ নিপোটল টোপনি...
সপোনত তৰাৰ জিকি মিকি ...!

        ২
এটা নিজন ৰাতি...
দুপৰ নিশালৈ জ্বলে বিজুলী বাতি...
সন্মুখত ঘুৰি ফুৰে
আলফা বিতা গামা,
আধা মেলা কিতাপলৈ
দুচকুত ভৱিষ্যতৰ সপোনৰ
উঠা নমা...!

       ৩
এটা গহীন ৰাতি...
নিয়ে কোনোবাই মোক মাতি,
কানে কানে গায় ভালপোৱাৰ গান,
বৰষুণ সৰে ঝিৰ ঝিৰ,
ভিজে আমাৰ উষ্ণ শৰীৰ ...
সপোনত প্ৰেমৰ ৰাজকুৱঁৰীৰ
মাৰো নামোৰোকৈ মৰা
চঞ্চলা  হাঁহি...!

         ৪
এটা নিসংগতাৰ ৰাতি...
কটাওঁ অকলেই কথা পাতি,
মনত পেলাওঁ মোৰ জীৱনক,
সোণালী অতীতৰ
পোৱা নোপোৱাৰ  হিচাপ কৰি চাওঁ,
সপোনত কাৰোবাৰ নিমন্ত্ৰণী
পাই ফেঁকুৰি উঠে বুকু...
জীৱন তোক বৰ ভাল পাঁও
পৃথিৱী তোক  এৰিযে নাযাওঁ...!

...
......
.........
ক্ৰমশঃ ...
এনেদৰেই হেৰাই যায়,
সকলোৰে প্ৰিয় ৰাতিবোৰ,
জীৱন নামৰ আকাশ খনত,
সহচৰ হৈ মাজে মাজে ওলাই
মাজে মাজে লুকাই ,
সুখ দুখৰ তৰাবোৰ...
নায়ক নায়িকাহে
সলনি হয়...
বাকী
একেই থাকে জীৱন নাটৰ কাহিনীবোৰ ...!

-- প্ৰাণজিৎ বৰুৱা
৮ জুলাই ২০১৪


No comments :

Post a Comment