Friday, August 22, 2014

লিমাৰিক


লিমাৰিক (বিষয় :সাম্প্ৰতিক সময়)

    ( ১)
ভাৰতীয় ক্ৰিকেট  টীমৰ এইয়া পুৰণি স্বভাৱ, //
সেউজীয়া পিটচত বেটিংৰ পেলাব নোৱাৰে প্ৰভাৱ,//

বলিংতো গতি নাই,/
ফিল্ডিংতো বল সৰকি যায়,/

হয়তো দ্ৰাবিড় লক্ষ্মন টেন্ডুলকাৰৰ দৰে কোনোবাৰ হৈ আছে  এতিয়াও অভাৱ ।

        (২)
বানপানীৰ মথাউৰীৰ নামত টকা আহিল  কোটি কোটি,//
ঠিকাদাৰ মন্ত্ৰীয়ে খালে তাকে লুটি পুটি,//

বন্যাৰ্তই কৰে হাহাকাৰ,/
শুই থাকে সদায় চৰকাৰ,/

শ শ কোটিৰ আধুনিক মাথাউৰি বোৰো যে  যায় এজাক বৰষুণতে উটি ।

    
        (৩)

১৫ আগষ্ট স্বাধীনতা দিৱস সকলোৱে জানে//
এমাহৰ আগৰ পৰাই যে ১৪৪ ধাৰা আনে//

পুলিচ নাগৰিক প্ৰশাসন ,/
সকলোবোৰেই যে সচেতন ,/

১৫ আগষ্টৰ পিছৰ পৰাহে যেন সকলোৱে স্বাধীনতা দিৱস মানে।

       (৪)
সীমান্ত বাসীৰ টোপনি নাই জ্বলিছে যে তাত জুই,//
সেই জুইয়ে সমগ্ৰ অসমকে কিন্তু  গৈছে মিহিকে চুই,//

মন্ত্ৰীবিধায়কৰ নাই কানসাৰ,/
এইয়াই অসমৰ চৰকাৰ,/

সকলোবোৰ মৰি শেষ হলেওঁ যেন গনতন্ত্ৰ থাকিবই
এনেকৈ শুই ।

--প্ৰাণজিৎ বৰুৱা
১৮ আগষ্ট ২০১৪


No comments :

Post a Comment