Friday, August 22, 2014

মোৰ বাবেও কোনোবা আছে ...

মোৰ বাবেও কোনোবা কৰবাত আছে...

আপোনাৰ সুখ চাগৈ  বহুত ন ?
এই সদায় যে প্ৰিয়জনৰ কাষতে থাকে...

মইও দুখী নহয় দিয়ক...

আপুনি ২৪ ঘন্টাই ব্যস্ত প্ৰেমাস্পদৰ মোহত...
আপোনাৰ প্ৰতিটো পল
কাটিছে হয়তো বহু উলাহত!

কিন্তু মইয়ো অকলশৰীয়া
নহয় দিয়ক...!

আপোনাৰ চাগে বহুত অহংকাৰ,
ফেচবুকত ইন এ ৰিলেচনচিপ টো দেখুৱাই,
আপুনি চাগে নিজকে অত্যন্ত সৌভাগ্যশালী বুলিয়েই ভাবে ...

সেইবুলি আমাক  ৰিলেছনচিপ নথকা বুলি নাভাবিব আকৌ !

জানে
আপুনি জীয়াই আছে বৰ্তমানত...
আৰু আমি আছো ভৱিষ্যতত...

আমাৰ বৰ্তমান দেখি পুতৌ নকৰিব ভুলতো,
আমি আমাৰ সকলোবোৰ মান অভিমান সযতনে সাঁচি ৰাখিছো,

কঢ়িয়াই ফুৰিছো সীমাহীন ভালপোৱাৰ বীজ,
যি দিনাই এখন সাৰুৱা হৃদয়ৰ সন্ধান পাম,
হেপাঁহ পলুৱাই ছটিয়াম...

জানে আমাৰ বাবেও কৰবাত কোনোবা আছেই,

শপত খাই কৈছো
যিদিনাই লগ হম...
হেঁপাহ পলুৱাই ভাল পাই পেলাম  ...!

-- প্ৰাণজিৎ বৰুৱা
১১ জুলাই ২০১৪


No comments :

Post a Comment