Friday, August 22, 2014

** সঁচা কেৱল প্ৰেমৰ নিচা **

   ** সঁচা কেৱল প্ৰেমৰ নিচা  **

ৰাতি ৰাতি গোন্ধাই তোমাৰ আউসী যেন চুলি,
তুমি ক'লা ;
সেইয়াটো শৰতৰ শেৱালী !!

মই ক'লো মিছা ,
তুমি ক'লা ;
দিন ৰাতিৰ দৰেই সঁচা !!

ফুলি উঠে মোৰ বুকুৰ কৃষ্ণচুড়া
যদিও কাৎচিত হে দেখোঁ তোমাক,
তুমি ক'লা ;
ধেই অকৰা সেইয়াটো নিশাৰ স্নিগ্দ্ধ জোনাক !!!

মই আকৌ ক'লো মিছা ,
তুমি ক'লা ;
জোন বেলিৰ দৰেই সঁচা !

তোমাৰ দেহত পাওঁ মই টিউলিপ, হাচনা হানাৰ সুবাস ...
তুমি ক'লা ;
নহয় অ' সেইয়াটো
ৰাতিৰ হাবিখনত বলা বনৰীয়া ফুলৰ বতাহ ।

মই ক'লো মিছা,
তুমি ক'লা ,
জন্ম মৃত্যুৰ দৰেই সঁচা !

মই আকৌ কিবা এটা ক'ব খুজিছিলো ...
কিন্তু !!
তোমাৰ আলফুল দুটি উঠে মোৰ উঠত হেচাঁ দি ক'লে,
আৰু নকবা,
হ'ব ; মই মিছা মই মিছা,
তুমিয়েই সঁচা, তুমিয়েই সঁচা !

আৰু মইয়ো নিশ্চুপ হৈ গ'লো এটা উমাল স্পৰ্শত,
মৌন হৈ উপভোগ কৰিলো মাথোঁ এক উন্মনা নিচা ...!!!

--প্ৰাণজিৎ বৰুৱা
২৬ অক্টোবৰ ২০১৩
৯৭০৬১২৯৩৬৯


No comments :

Post a Comment