Thursday, May 8, 2014

বেবেৰিবাং

# বেবেৰিবাং ...

জানা সাগৰৰ পানী কিমান লুনীয়া ,
গোটেই মখা ছোৱালীৰ মাজত
তুমি যিমান ধুনীয়া ।

জানা আকাশ খন কিমাান বিশাল,
তোমাৰ লগত পিৰিতী কৰি লাগে যিমান
ভাল।

তুমি মোৰ ৰসগোল্লা তুমিয়েই চমচম,
তোমাক নাপালে চুইচাইড কৰিম
বিদ্যা কচম।

তুমি মোৰ নকিয়া ফোন তুমিয়েই চেম
চাঙ,
তোমাৰ কাৰনেই ফেয়াৰ
লাভলি ঘহিঁ হৈছো যে মই হেণ্ডচাম।

তুমি মোৰ ফেচবুক তুমিয়েই হোৱাটচআপ,
মই কিন্তু ট্ৰেজেদি ফালিম
যদি কৰা ব্ৰেকআপ।

জানা কলিজা তুমি যে মোৰ আকাশৰ
জোন,
তোমাক সুখত ৰাখিম লাগিলে লম sbi
লোন।

তুমি যদি মোৰ হোৱা লম এখন গাড়ী,
দেইলি দিম একোখনকৈ ৰঙা,
নীলা শাড়ী ।

তুমি যদি মোৰ হোৱা কিনিম এটা ফ্লেট,
তুমি খাবা চাহ মিঠাই ধুই দিম কাপ
প্লেট।

তুমি যদি মোৰ হোৱা থাকিবা সদায়
হাঁহি,
তুমি খাবা মাংস পোলাও ধুই দিম মই
কাঁহী ।

তুমি কবা জান এইটো আনি দিয়া,
মই কম লোৱা জান ;
এইটো লোৱা লোৱা !

তুমি কবা দেহা মুৰটো
পিতিকি দিয়াচোন,
মই কম দিয়া জান ;
মুৰটো তললৈ হাওলাই
দিয়াচোন!

যদি হয় তোমাৰ মোৰ বিয়া,
এনেকৈয়ে চলিব আমাৰ
হিয়া দিয়া নিয়া।

ইমানপৰে কথাবোৰ শুনি চাগে তোমাৰ
লাগিছে বহুত ভাল,
ভাবিছা চাগে গিৰিয়েৰটো এনেকুৱা
পালে ফুলিয়েই
যাব কপাল।

পিছে সোনজনী সপোন দেখিবলৈ এৰা,
লাগিলে এনে দৰা, বেলেগকে বিচৰা ।

ভাল পালে ভালকৈয়ে পাম,
মৰম দিলে মৰমেৰেই উপচাম,

যদি ভাবিচা ঠেঙৰ ওপৰত ঠেং তুলি খাম,
তেন্তে তোমাক দূৰৈতে প্ৰণাম ।

ভাল পাইচা যদি মোক সচাকৈ,
ৰাখিম তোমাক দূখ নিদিয়াকৈ।

কিন্তু সেইবুলি বেচি নেদেখাবা লেবেল,
একেপাত চৰতে ফাটি যাব তেল।

নাভাবিবা তুমি নহলে মোৰ লাইফ ফিনিচ
হব ,
দিন গুচি ৰাতি হব,
গংগা যমুনা একে ভাগেই বব,

যাব মন গৈছে যাগে অ' তেজখাটি ,
তোৰ
জেগা বেলেগ এজনীয়ে লব। :-\

(c) প্ৰাণজিৎ বৰুৱা
২৬ জানুৱাৰী ২০১৪


এজাক শিশুৰ কোলাহলত প্ৰাণ পাই মোৰ পৃথিৱী ...

এজাক শিশুৰ কোলাহলত প্ৰাণ পাই মোৰ পৃথিৱী ।

হা হা মাষ্টৰৰ চাকৰি,
বুজিছেনে ?
বিৰাট চেলেনজিং !

নৈ ৰ কাষে কাষে আৰম্ভ মোৰ যাত্ৰা ,
প্ৰকৃতিৰ সৌন্দৰ্যৰ এক অনন্য মাত্ৰা ।

চেপা চেপা ভয়
কিজানি পলমেই হয় ,
নাওঁ খন যদি আমাৰ বাবে অলপো নৰয় ,
এক মিনিটৰ বাবে যে আমাৰ আধা ঘন্টাৰ
অপচয় ।

হা হা !মাষ্টৰৰ চাকৰি অ' বিৰাট
চেলেনজিং !

বাৰু ,নাওঁ
পালো
থেলি হেচুকি এক্টিভা উঠালো ।

বেলেন্স ৰাখি দুভৰিৰ ,
আৰম্ভ নদী যাত্ৰা প্ৰভুক সোঁৱৰি ।

পাৰ কৰা কুশলে এই
সোণালী সোৱনশিৰি ,
জানাইটো মই জীৱনত পোৱা নাই
সাঁতুৰি ।

হা হা মাষ্টৰৰ চাকৰি !

যেনেতেন পালো নদীৰ পাৰ,
মাতিলে মোক পেগু নৰহে পালিহি চাৰ ।
চাৰ !!
এৰা এই শব্দটোতেই বহুত ভাৰ অ'
বহুত
ভাৰ ।

আধা ঘণ্টাৰ ভ্ৰমণ আকৌ
প্ৰকৃতিৰ ৰূপ
দৰ্শন ।
সেউজীয়া ধাননি ,
গৰু ম'হৰ হেম্বেলনী ,
বিতোপন চাঙঘৰ ,
আপি বোৰো মৰমৰ ।

সকলো ছবি যেন ধৰি ৰাখিম,
মৰমবোৰ
যেন
বুটলিয়েই থাকিম ।

সহজ সৰল মানুহ সহজ সৰল মন,
সচাকৈয়ে জীয়াই
থাকিবলৈ বেছি নালাগে ধন ।

এজাক মৰমৰ মাত ,
এজাক নিভাজ আৰ্শীৱাদ

বোকোচাত বান্ধি পালো মোৰ
কৰ্মস্থান ...
নাম বকুল বাৰী প্ৰথমিক বিদ্যালয়,
যত ফুলি উঠে এজাক ফুল কুমলীয়া
হৃদয় !

প্ৰথমে দিছিল অলপ ভাষাই আমনি ,
এতিয় চলে তাত অসমীয়া
মিছিংভাষাৰ
আমদানী ৰপ্তানী ।

কিছু অবুজ প্ৰশ্ন,
কিছু অবুজ চাৱনি ,
ভাল লাগে মোৰ সিহঁতৰ হাঁহি ধেমালী !

এতিয়া যে মোৰ শিকাইয়ে
শেষ নহয় সিহঁতক ,
সদায়ে যেন দি থাকিম পুলক সিহঁতৰ
কৌতুহলী মনক ।

মোৰ এই জীপাল মুহুৰ্তবোৰত
মই সুখী !!
কাৰণ এজাক শিশুৰ কোলাহলত
এতিয়া সাৰ
পাই মোৰ পৃথিৱী ...

হা হা !!
মাষ্টৰৰ চাকৰি,
বুজিছেনে ?
বিৰাট চেলেনজিং !!
নহয় বিৰাট ইন্টাৰেষ্টিং...!!!

Taste it,
Just Like it...

(c) #প্ৰাণজিৎ বৰুৱা


বন্ধ এটা দি দিওঁ নেকি :-\ ??

#বন্ধ এটা দি দিওঁ নেকি... ??

পিয়াঁজৰ চেঞ্চুৰি ,
আলুৰো একে গতি ,
কি কিনিম; কেনেকৈ খাম ?
বন্ধ এটা দি দিওঁ নেকি !

নিবনুৱাৰ লেবেল গাত ,
ঘৰত প্ৰেছাৰ বিয়া পাত,
কেনেকৈ পাতোঁ ;কি খুৱাম ?
বন্ধ এটা দি দিওঁ নেকি !

টেট পাছ ৰেগুলাৰ প'ষ্ট ,
চাৰিমাহ দৰমহা নাই দোষ্ট,
অহা যোৱাতেই যায় দুশকৈ,
স্কুল কৰো কেনেকৈ ?
বন্ধ এটা... !!

'দলগাওঁ,' দামিনি 'দৈনন্দিন ঘটনা,
নাৰী মানেই কি পাব লাগে যান্ত্ৰনা ,
হ'লো বুলি ছোৱালী ,
অকলে কি ক'তো যে ওলাবকে নোৱাৰি??
চাল্লা বন্ধ এটা দি দিওঁ নেকি !

ফাইল নুঘুৰে অফিছত ,
দিপেন্দেন্ত যে চব ঘোঁচত ,
দুখিয়াৰ তেজ পিয়া ইহঁতি ,
দৰমহা বাৰু নাপায়ে নেকি ?
চাল্লা সঁচায়ে বন্ধ এটা দি দিওঁ নেকি !

মোৰ লগত খেলি প্ৰেম প্ৰেম, বিয়াত
বহিলি চাই তই নেম এন্দ ফেম ,
তোৰ লগত ট্ৰেজেদী ফালি,
আছো এতিয়া অ'চি ব্লু গিলি ,

চাল্লা প্ৰেমৰ মুৰ্দাবাদত বন্ধ এটা... !!

ব্যস্ত এতিয়া চব মিডিয়া,
চলি আছে যে গৌৰৱৰ বিয়া,
অসমত কি আৰু নাই বাতৰি, বিয়া কি অকল
সিয়েই পাতিছে নেকি ??

ধুৰ বন্ধ এটা দিয়োৱেই নেকি ???

সঁচাকৈ বন্ধ এটা দি দিওঁ
নেকি হে ?

আপোনালোকে পাব এটা হলি দে',
চিনেমা চাব; আৰামত শুব ,
চিকেন মাটনৰ কিবা স্পিছিয়েল খাব !
মজ্জা লাগিব নহয়??

কিন্তু ভয় হয় !
যদি আজি কাৰোবাৰ লঘোণ
হয় ,
যদি কোনো ৰোগীৰ আজি মৃত্যু হয়,
যদি আজি দেশৰ প্ৰগতিয়েই থমকি ৰয় ।
ভয় লাগে হে !!

জানো মই বন্ধ দিলে
সফল হ'বই !
আপোনালোকেই সফল কৰিব ,
কিয়নো আপোনালোক তামাম এলেহুৱা !!

পিছে নিদিওঁ বন্ধটো মই জানে, কাৰণ মই জানো ,
বন্ধেৰে সমস্যাৰ সমাধান
কোনো কাহানিও  নাই হোৱা !

হয়তো নহয়ও ... !!

(c)#প্ৰাণজিৎ_বৰুৱা
28 october '13


নিলাজী প্ৰেম ;-)

নিলাজী প্ৰেম ♡ ♡ ~~•~~ .

তুমি আহিবা লিহিৰি হাতত
জেতুকা লৈ,
মই আলফুলে লম দুহাতত থৈ ...

তুমি লাজতে মুখ কোচাবা ,
দুহাতেৰে চঞ্চলা লাজ ঢাকিবা !!

মই আতৰাম তোমাৰ কেচা লাজ ,
লাহে লাহে লাগিব সন্ধিয়াৰ
সাজ ...

লাহে লাহে ৰাতি গহীন হ'ব ,
তোমাৰ লাজ বাগৰি যাব ...।

তোমাৰ লাজ মোক
দি তুমি নিলাজী
আৰু
মোৰ লাজ তোমাক দি মই
নিলাজী হম ...

নিলাজী ৰাতিটো পাৰ
হৈ পুৱাতে এটা ৰামধেনু ওলাব ,

তাৰ নাম ,

"আমাৰ নিলাজী প্ৰেম "

থম ...!!

(c) প্ৰাণজিৎ বৰুৱা

২১ জুলাই ২০১৩


তোক বৰ মৰম কৰিব মন যায় অ ...

তোক বৰ মৰম কৰিব মন যায় অ'...

দেহা ,সোণ ,জান একোৰেই
হেপাহ নপলায় ।

তোৰ খিল খিল হাঁহিত
সচাকৈ ফুলি উঠে মোৰ হিয়াৰ
কৃষ্ণচুড়া ।
মিছাকৈনো কিয় ক'ম অ' ?
তইটো মোৰ কল্পনা ,
দিঠকৰো বাসনা ।

ভাবিছ চাগে তই ,
এইয়া গতানুগতিক কবিৰ
গতানুগতিক পংক্তি,
হ'ব পাৰে ,
হ'ব পাৰে মোৰ ভাৱনাবোৰ
কাৰোবাৰ স'তে একেই ।

লিখিব পাৰে কোনোবাই একেই
লাইন ।
কিন্তু শপত ,তোৰ বাবেই
লিখিছো একমাত্ৰ...
আৰু তইয়েই যে দিছ
সমলো লিখাৰ ...।

বাদ দে ,
তই নুবুজিবি ,
খালি মিছা মিছি অভিমানেই
কৰি থাকিবি ।

কি ক'লি ?
বুজি পাৱ
সকলোবোৰ ...!!

মিছাকে নকবি অ '!!

তই যদি বুজিলিহেতেঁন,
তেতিয়া এনেকৈ লিখিব
লগা নহয় যে
"তোক মৰম কৰিবলৈ বৰ
মন যায় অ'..!!"

লিখিলোহেতেঁন তেতিয়া
,"তোক
আজি মৰম কৰি
বৰ ভাল লাগিল অ' জি••• !!!"

♡♥♡

(c) প্ৰাণজিৎ বৰুৱা
২৩ জুন ২০১৩


গাৰ্ল ফ্ৰেণ্ড উপাখ্যান

গাৰ্ল ফ্ৰেণ্ড উপাখ্যান•••

(১)
গাৰ্ল ফ্ৰেণ্ড নামৰ বস্তুটো বিৰাট
ইন্টাৰেষ্টিং,
কাৰোবাক যদি বনাই
ভিক্ষাৰী কাৰোবাক বনাই মদৰ কিং ।

(২)
শুনা শুনা বন্ধুগন এই ষ্টৰি ,
গাত যদি লাগে দেন এম ভেৰি চৰি ।

(৩)
যদি তোমাৰ জি এফ জনী হয় সুন্দৰী ,
তেন্তে তোমাৰ
প্ৰতিদন্দীৰে আছে পৃথিৱী ভৰি

(৪)
যদি ক'ৰবাত লৈ যোৱা তুমিবাইকত উঠাই ,
ইম্প্ৰেছন মাৰিব চাব কোনোবা গাড়ীত
যোৱা ডেকাই ।

(৫)
তাই যদি অলপমান চেনী টাইপ হয়,
আই এম চিঅ'ৰ তাই
অনলি মাথোঁ তোমাৰেই নহয় ।

(৬)
সোধাছোন তুমিয়েই তাইৰ হয়নে একমাত্ৰ
আপোন ,
তাই ক'ব ৰমেন ;খগেন ;নগেন দাৰ পিছত
তুমিয়ে পূৰ্ণিমাৰ জোন ।

(৭)
কিমান কি যে আব্দাৰ শুনিবা ,
তুমি যেন তাইৰ চাবি দিয়া পুতলা ।

(৮)
আজি আমি ৰেষ্টুৰা যাম ,
চাওমিন নাখাওঁ চিকেন খাম ।

(৯)
কাইলৈ আমি হললৈ যাম ,
পপকৰ্ণ খাই আছিকি -টু চাম ।

(১০)
তোমাৰো ভাল লাগে আব্দাৰ শুনি ,
উৰুৱাই থাকা টকা গনি গনি ।

(১১)
এনেকৈয়ে চলি যাব কাহিনীবোৰ ,
এদিন সলাব কাহিনীয়ে মোৰ ।

(১২)
জি. এফে. আহি ক'ব লাহেকৈ ,
জান তুমি মোক পাহৰি যোৱাগৈ ।

(১৩)
ঘৰত চলিছে বিয়াৰ কথা ,
চাকৰি নাই তোমাৰ তাতেই লেঠা ।

(১৪)
এনেই তুমিয়েই মোৰ
বাবে আছিলা পাৰফেক্ট,
বাট জানাইটো ;
মানিয়েই যে আছল ফেক্ট ।

(১৫)
চ 'তুমি ভুল নুবুজিবা ,
তুমি মোতকৈ ভাল এজনীয়েই পাবা ।

(১৬)
তুমিয়ো হৈ গ'লা ইমশ্বনেল ,
বুজি উঠিলা এই ভালপোৱাৰ খেল ।

(১৭)
গাৰ্লফ্ৰেণ্ডক জনালা থেংক ইউ ,
বটলক ক'লা আই লাভ ইউ

(১৮)
আল্টিমেটলি
এজন প্ৰেমিক এনেকৈয়ে কমিল ,
আৰু এটা মদাহী নতুনকৈ জগিল ।

(১৯)
সেয়ে কৈছো ফ্ৰেণ্ডছ,-
ইষ্ট অৰ ৱেষ্ট চিংগল ইজ দা বেষ্ট ,
বিশ্বাস নহ'লে নিজে লৈ চোৱা ভাই
টেষ্ট !!!
:-) :-) :-)

(c) প্ৰাণজিৎ বৰুৱা
২৩ মে ২০১৩