Thursday, May 8, 2014

নিলাজী প্ৰেম ;-)

নিলাজী প্ৰেম ♡ ♡ ~~•~~ .

তুমি আহিবা লিহিৰি হাতত
জেতুকা লৈ,
মই আলফুলে লম দুহাতত থৈ ...

তুমি লাজতে মুখ কোচাবা ,
দুহাতেৰে চঞ্চলা লাজ ঢাকিবা !!

মই আতৰাম তোমাৰ কেচা লাজ ,
লাহে লাহে লাগিব সন্ধিয়াৰ
সাজ ...

লাহে লাহে ৰাতি গহীন হ'ব ,
তোমাৰ লাজ বাগৰি যাব ...।

তোমাৰ লাজ মোক
দি তুমি নিলাজী
আৰু
মোৰ লাজ তোমাক দি মই
নিলাজী হম ...

নিলাজী ৰাতিটো পাৰ
হৈ পুৱাতে এটা ৰামধেনু ওলাব ,

তাৰ নাম ,

"আমাৰ নিলাজী প্ৰেম "

থম ...!!

(c) প্ৰাণজিৎ বৰুৱা

২১ জুলাই ২০১৩


No comments :

Post a Comment