Thursday, May 8, 2014

বন্ধ এটা দি দিওঁ নেকি :-\ ??

#বন্ধ এটা দি দিওঁ নেকি... ??

পিয়াঁজৰ চেঞ্চুৰি ,
আলুৰো একে গতি ,
কি কিনিম; কেনেকৈ খাম ?
বন্ধ এটা দি দিওঁ নেকি !

নিবনুৱাৰ লেবেল গাত ,
ঘৰত প্ৰেছাৰ বিয়া পাত,
কেনেকৈ পাতোঁ ;কি খুৱাম ?
বন্ধ এটা দি দিওঁ নেকি !

টেট পাছ ৰেগুলাৰ প'ষ্ট ,
চাৰিমাহ দৰমহা নাই দোষ্ট,
অহা যোৱাতেই যায় দুশকৈ,
স্কুল কৰো কেনেকৈ ?
বন্ধ এটা... !!

'দলগাওঁ,' দামিনি 'দৈনন্দিন ঘটনা,
নাৰী মানেই কি পাব লাগে যান্ত্ৰনা ,
হ'লো বুলি ছোৱালী ,
অকলে কি ক'তো যে ওলাবকে নোৱাৰি??
চাল্লা বন্ধ এটা দি দিওঁ নেকি !

ফাইল নুঘুৰে অফিছত ,
দিপেন্দেন্ত যে চব ঘোঁচত ,
দুখিয়াৰ তেজ পিয়া ইহঁতি ,
দৰমহা বাৰু নাপায়ে নেকি ?
চাল্লা সঁচায়ে বন্ধ এটা দি দিওঁ নেকি !

মোৰ লগত খেলি প্ৰেম প্ৰেম, বিয়াত
বহিলি চাই তই নেম এন্দ ফেম ,
তোৰ লগত ট্ৰেজেদী ফালি,
আছো এতিয়া অ'চি ব্লু গিলি ,

চাল্লা প্ৰেমৰ মুৰ্দাবাদত বন্ধ এটা... !!

ব্যস্ত এতিয়া চব মিডিয়া,
চলি আছে যে গৌৰৱৰ বিয়া,
অসমত কি আৰু নাই বাতৰি, বিয়া কি অকল
সিয়েই পাতিছে নেকি ??

ধুৰ বন্ধ এটা দিয়োৱেই নেকি ???

সঁচাকৈ বন্ধ এটা দি দিওঁ
নেকি হে ?

আপোনালোকে পাব এটা হলি দে',
চিনেমা চাব; আৰামত শুব ,
চিকেন মাটনৰ কিবা স্পিছিয়েল খাব !
মজ্জা লাগিব নহয়??

কিন্তু ভয় হয় !
যদি আজি কাৰোবাৰ লঘোণ
হয় ,
যদি কোনো ৰোগীৰ আজি মৃত্যু হয়,
যদি আজি দেশৰ প্ৰগতিয়েই থমকি ৰয় ।
ভয় লাগে হে !!

জানো মই বন্ধ দিলে
সফল হ'বই !
আপোনালোকেই সফল কৰিব ,
কিয়নো আপোনালোক তামাম এলেহুৱা !!

পিছে নিদিওঁ বন্ধটো মই জানে, কাৰণ মই জানো ,
বন্ধেৰে সমস্যাৰ সমাধান
কোনো কাহানিও  নাই হোৱা !

হয়তো নহয়ও ... !!

(c)#প্ৰাণজিৎ_বৰুৱা
28 october '13


No comments :

Post a Comment