Thursday, May 8, 2014

এজাক শিশুৰ কোলাহলত প্ৰাণ পাই মোৰ পৃথিৱী ...

এজাক শিশুৰ কোলাহলত প্ৰাণ পাই মোৰ পৃথিৱী ।

হা হা মাষ্টৰৰ চাকৰি,
বুজিছেনে ?
বিৰাট চেলেনজিং !

নৈ ৰ কাষে কাষে আৰম্ভ মোৰ যাত্ৰা ,
প্ৰকৃতিৰ সৌন্দৰ্যৰ এক অনন্য মাত্ৰা ।

চেপা চেপা ভয়
কিজানি পলমেই হয় ,
নাওঁ খন যদি আমাৰ বাবে অলপো নৰয় ,
এক মিনিটৰ বাবে যে আমাৰ আধা ঘন্টাৰ
অপচয় ।

হা হা !মাষ্টৰৰ চাকৰি অ' বিৰাট
চেলেনজিং !

বাৰু ,নাওঁ
পালো
থেলি হেচুকি এক্টিভা উঠালো ।

বেলেন্স ৰাখি দুভৰিৰ ,
আৰম্ভ নদী যাত্ৰা প্ৰভুক সোঁৱৰি ।

পাৰ কৰা কুশলে এই
সোণালী সোৱনশিৰি ,
জানাইটো মই জীৱনত পোৱা নাই
সাঁতুৰি ।

হা হা মাষ্টৰৰ চাকৰি !

যেনেতেন পালো নদীৰ পাৰ,
মাতিলে মোক পেগু নৰহে পালিহি চাৰ ।
চাৰ !!
এৰা এই শব্দটোতেই বহুত ভাৰ অ'
বহুত
ভাৰ ।

আধা ঘণ্টাৰ ভ্ৰমণ আকৌ
প্ৰকৃতিৰ ৰূপ
দৰ্শন ।
সেউজীয়া ধাননি ,
গৰু ম'হৰ হেম্বেলনী ,
বিতোপন চাঙঘৰ ,
আপি বোৰো মৰমৰ ।

সকলো ছবি যেন ধৰি ৰাখিম,
মৰমবোৰ
যেন
বুটলিয়েই থাকিম ।

সহজ সৰল মানুহ সহজ সৰল মন,
সচাকৈয়ে জীয়াই
থাকিবলৈ বেছি নালাগে ধন ।

এজাক মৰমৰ মাত ,
এজাক নিভাজ আৰ্শীৱাদ

বোকোচাত বান্ধি পালো মোৰ
কৰ্মস্থান ...
নাম বকুল বাৰী প্ৰথমিক বিদ্যালয়,
যত ফুলি উঠে এজাক ফুল কুমলীয়া
হৃদয় !

প্ৰথমে দিছিল অলপ ভাষাই আমনি ,
এতিয় চলে তাত অসমীয়া
মিছিংভাষাৰ
আমদানী ৰপ্তানী ।

কিছু অবুজ প্ৰশ্ন,
কিছু অবুজ চাৱনি ,
ভাল লাগে মোৰ সিহঁতৰ হাঁহি ধেমালী !

এতিয়া যে মোৰ শিকাইয়ে
শেষ নহয় সিহঁতক ,
সদায়ে যেন দি থাকিম পুলক সিহঁতৰ
কৌতুহলী মনক ।

মোৰ এই জীপাল মুহুৰ্তবোৰত
মই সুখী !!
কাৰণ এজাক শিশুৰ কোলাহলত
এতিয়া সাৰ
পাই মোৰ পৃথিৱী ...

হা হা !!
মাষ্টৰৰ চাকৰি,
বুজিছেনে ?
বিৰাট চেলেনজিং !!
নহয় বিৰাট ইন্টাৰেষ্টিং...!!!

Taste it,
Just Like it...

(c) #প্ৰাণজিৎ বৰুৱা


No comments :

Post a Comment