Thursday, August 27, 2015

কোনোবা আছে জানো

কোনোবা আছে জানো...

এই মন গলেই চাবলৈ ,
কিবা এটা ভাল লগাকৈ কৈ দিবলৈ...

কোনোবা ??

কবিতা লিখিব খুজিলো,
তেওঁ আগত উলাই দিবহি,
কিবা এটা আঁকিব খুজিলো,
তুলিকাত বহি দিবহি...

আছে জানো...
ইচ্ছা এটাৰ বোকোচাত
উঠি মন গলেই
যাক  মৰমৰ আবিৰ সানো ,
যাৰ কথা বিনা চৰ্তেই মানো,

হেঁপাহী কিছুমান শব্দ টোপোলা এটাত  কঢ়িয়াই ,
থাকিম যেন তেওঁকেই ছটিয়াই..

আছেনে কোনো
আছে জানো !

যাক অপলক চাই,
সমস্বৰে জীৱনৰ গীত গায়,

এজাক নিৰ্জন  টোপনিৰ কোলাত শুব খুজো,
আউসী হেন চুলি একোচা আলফুলে চুব খুজো,

আছেনে !

আকাশ চোৱাৰ ইচ্ছা
শেষ হব তেওঁৰ চকুত ,

জোনাক বিচৰা যাত্ৰা
শেষ হব তেওঁৰ হাঁহিত,

তেওঁৰ আঙুলি ফাকেৰেই
যেতিয়া কাৰোবাৰ বাবে সুৰুয নামিবহি

মৰম কৰাৰ ইচ্ছা !

কিজানি শেষ হব খুজিও নহব
কোনোবা  তৃষ্ণাতুৰ মৌ আহি
যেতিয়াই তেওঁৰ সৰিয়হ ফুলা দুওঁঠত  জিৰাবহি..!

আস বৰষুণ বোৰ তেতিয়া যে
ভাল লগা হৈ পৰিব,
ফুল বোৰে গীত গোৱা আৰম্ভ কৰি দিব,
চৰাই বোৰে নাচিবলৈ...

আৰু মই চাগৈ শিকিম জীয়াই থাকিবলৈ ...
পৃথিৱীখন যে ধুনীয়া শিকিম বুজিবলৈ ...!

সাম্ভাব্য  স্বপ্নৰ এনে  সুমধুৰ আয়োজন ,
নিজৰ বাবে কাৰোবাৰ একান্ত প্ৰয়োজন ,
আৰু
এই বৰ্ণিল  জীৱনটোৰ শৃংখলাবদ্ধ
উদযাপনৰ হেঁপাহৰ বাবেই
নিজকেই প্ৰায় সুধোঁ...

আছেনে কোনো

আছে জানো ???

প্ৰাণজিৎ বৰুৱা
২৭/৮/২০১৫


Friday, August 7, 2015

ৰিলিজন

ৰিলিজন

আমাৰ ঘৰলৈ আজি এজনী অকনমানি ছোৱালী ভায়েকৰ সতে আহিল,
কি কথা সোধাত কলে দেউতাকৰ হাত এখন গছৰ ডাল পৰি ভাঙিল,
মই চালো ছোৱালীজনীৰ মুখ,
দেখাতেই লাগে তাইৰ সঁচাকৈয়ে বৰ দুখ,

ভায়েকলৈ চালো দুগাল শেতা পৰা,
এটা মলিয়ন চোলা অ'ত ত'ত টাপলি মৰা ।

তেওঁলোকে সাহাৰ্য বিচাৰি আহিছে  দেউতাকৰ বাবে,
গতিকে এটকা দুটকা কিবা এটা হ'লেও দিব লাগে ।

মই সুধিলো ঘৰত কোন কোন আছে তোমাৰ ,
ঘৰ ক'ত ,পঢ়া শুনা কৰানে নকৰা,
ছোৱালীজনীয়ে ক'লে আম্মা ,দেউতা আৰু আমি দুটা আছো ঘৰত,
পঢ়া শুনাও কৰো আমাৰ  গাঁও বধাকৰা,

ছোৱালী জনীৰ বয়স বাৰ  বছৰ হৈছে কিজানি ,
ল'ৰাটোৰ বয়স সাত,
এনেকুৱা সোনালী শৈশৱত ইমানবোৰ   ঘাত প্ৰতিঘাত ।

বুকুখন বিষাই গ'ল...

আৰু বেছি দেৰি নকৰো বুলি জেপৰ পৰা ৪০ টকা এটা ২০, ২০ কৈ দুয়োটাকে দিলো...
পইচাটো লোৱাৰ পিছত
সিহঁতৰ মুখত এটা সুকোমল হাঁহি দেখিলো,
মনটো ভাল লাগি গ'ল...
তাহাঁতক বিদায় জনালোঁ

সিহঁত যাব ওলাল,
গেট খন খুলিব লওঁতেই
কিবা এটা ভাবি ঘপহকৈ  সুধি দিলো
তোমালোকৰ নাম কি আছিল ?

ছোৱালী জনীয়ে ক'লে নীলিমা বৰ্মন,
লৰাটোৱে কলে ৰফিক আলী !
নহয় ; বৰ্মন !! নহয়; দাস...!!!

আস , ক'ৰবাত
কিবা এটা যেন  পালোঁ আঁসোৱাহ   ।

মই দুয়োটাৰ ওচৰলৈ গলোঁ,
পুনৰ এইবাৰ অলপ কঠোৰ হৈ সুধিলো ...
তোমালোক দুয়োটা ভাই ভনী হয় নহয়...?
মোক ফাকি দিব খুজিছা...!

সিহঁতে ভয় খালে,
কলে দাদা হয় ,
হয় আমি ভাই ভনী  ,
কিন্তু আমাৰ  উপায় নাই

দাদা সৌ মানুহ ঘৰত গ'লো আমাৰ নাম সোধাত আলী আৰু বেগম বোলাত ,
চেই চেই কৰি পঠিয়াই দিলে,
আৰু ইঘৰ মানুহত নাম সোধাত
এইবাৰ বৰ্মন বুলি ক'লো
টকা ১০ টা আৰু বিস্কুত দিলে,

সেয়ে আমি এতিয়া হিন্দুৰ ঘৰত বৰ্মন হওঁ মুছলমানৰ ঘৰত আলী,
দাদা আমি দুখীয়া মানুহ নাপাৰিব আৰু গালি...!

মই মনে মনে ৰলো,
ভাবিবলৈ ধৰিলো,

সঁচাকৈয়ে যদি  চলিব পাৰে দান দক্ষিণা সহায় পুতৌৰ নামতো ৰিলিজনৰ  এনে ভণ্ড পল্যুচন
তেন্তে সঁচাকৈয়ে  চেল্যুট ,

কুমলীয়া বয়সতে ইহঁতৰ এইয়া এটা  সুন্দৰ
চল্যুছন ...!

জীয়াই থকাৰ হেঁপাহ ,
নালাগে আৰু এই কষ্টকৰ ৰিলিজন ...!!

প্ৰাণজিৎ বৰুৱা
৭আগষ্ট ২০১৫ ।


Tuesday, August 4, 2015

লিমাৰিক বিষয় : স্বাধীনতা দিৱস ।

লিমাৰিক
বিষয় : স্বাধীনতা দিৱস ।

(১)

স্বাধীনতা দিৱস পালেহি লাগিল আকৌ লেথা,
কিনো  কওঁ আমাৰ এই ভুৱা  স্বাধীনতাৰ কথা,

লাগি গল ১৪৪ ধাৰা,
সাধাৰণ জনগন আধামৰা,

বাইক  চেকিঙত টকা দি লাগে যে বহুত বেথা ।

(২)

কেনেকৈ বাৰু পাহৰো ধেমাজি ৰ সেই ক'লা দিন,
সন্ত্ৰাসবাদীৰ শিশুৰ ওপৰত দেখুওৱা কাপুৰুষালিৰ চিন ,

কৈ নিজক সংগ্ৰামী বুলি,
মানুহৰ তেজে ফাকু খেলি,

পাৰিব জানো এওঁলোকে আনিব কেতিয়াবা সুখৰ দিন ।

(৩)

স্বাধীনতা লাভ কৰাৰো যে হ'ল ইমানবোৰ বছৰ,
আমি বোৰে যে পোৱাই নাই দেখোন একো সুখবৰ ,

অসমক  সদায় কিয় অৱহেলা ,
নে এইয়া ৰাজনৈতিক খেলা,

আমি বাৰু ভাৰতীয় হৈয়ে লগালো নেকি কিবা জগৰ ।
(৪)

১৫ আগষ্ট স্বাধীনতা দিৱস সকলো ঘৰে  ঘৰে সোমা,
কি ঠিক ক'ৰবাত ফুটি যায় যদি গ্ৰেণেড অথবা বোমা,
এইয়াই স্বাধীনতাৰ প্ৰভাৱ ,
নিৰাপত্তাৰেই  য'ত অভাৱ,

স্ফুৰ্তি তামাচাৰ সলনি  আজি যে সকলোৰে মন গোমা ।

প্ৰাণজিৎ বৰুৱা ।
৪ আগষ্ট ২০১৫ ।
দুৰভাষ ৯৭০৬১২৯৩৬৯
কোঁৱৰ গাঁও ।
ডাক - মৈদমীয়া । পিন - ৭৮৭০০১
উত্তৰ লখিমপুৰ ।
অসম ।


বা

বা ...

যি সকলৰ এজনী বা আছে তেওঁলোক বৰ ভাগ্য বান,
তেওঁলোকৰ ভাগ্য এই কাৰণেই ভাল
ভগাই লব পাৰে তেওঁলোকে সকলো মান অভিমান ...

মন গলেই জোকাই খং তোলাই,
মন গলেই মৰমতে পিঠিত ভুকু লগাই,
মন গলেই তেওঁলোকৰ আগত মুখ ফুলাই,
কৰিব পাৰি ভাল লগা কিছু মিঠা আব্দাৰ ...
ভাল লাগে

মন গলেই যে  আৰম্ভ  কৰি দিব পাৰি  যেতিয়াই তেতিয়াই এটা  ৰসাল আড্ডাৰ...

বা ,
কিয় জানো শব্দটো
শুনিয়েই শাত পৰি যায় গা...

দুখত সান্তনা
সুখত হাঁহি,
বিষাদত প্ৰেৰণা দিবলৈ
কেনেকৈ  যে
ঘপহকৈ ওলাৱ আহি....

আচৰিত লাগে...
ইমান মৰমৰ আকৰ মানুহ কেনেকৈ হব পাৰে,
ইমানেই  প্ৰেৰণাৰ নিজৰা কেনেকৈ বোৱাব পাৰে,
নিজে দুখত থাকিও হাঁহি হাঁহি আনৰ দুখ কেনেকৈ কেনেকৈ আঁতৰাব পাৰে,

কোনে দিলে বাৰু ইমানবোৰ
কৈ শেষ নোহোৱা গুণ,
কিয় ইমান সোনকালেই হৈ পৰ
বুকুৰ আপোন ...!

বা ,
তোৰ হঁতে উমলি পাৰ হয় ল'ৰালি,
তোৰ সচেতনাত অংকুৰিত হয়  জীৱনৰ গজালি,

তই মা দেউতাৰ মনত এজনী  সাধাৰণ ছোৱালী ,
পিছে তই যে মোৰ এই  সৰু মনটোক ভাল লগাৰ নুপুৰ পিন্ধালি...
বহুত কথাই তই এৰা ধৰা কৰি কৰিয়েই শিকালি,
বহুত শিক্ষাই তোৰ নিজৰ ভাগৰ খিনি আমাক বিলাই বুজাই দিলি...

কি যে এই এনাজৰী ,
মোৰ দুখত  তোৰহে চকুলো আহে বাগৰি,
সকলো সুখ যেন তই  দি যাবি এই আজুৰি আজুৰি ...

সঁচাকৈয়ে
কি যে এই নিস্পাপ  সম্পৰ্ক...
একেবাৰেই হিয়া জুৰাই ...

বা তই কাষতেই থাক সদায়,
থাক মোকে খং উঠাই,
মোৰ অবুজ অভিমানক থাক তই ৰঙ চাই...

বা কোনোদিনে আঁতৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দে
থাক বা থাক মোক
আজীৱন ভালপাই ....

থাক অ এনেকৈয়ে জীৱনৰ দিক্ দেখুৱাই !

প্ৰাণজিৎ বৰুৱা
৩ আগষ্ট ২০১৫