Thursday, August 27, 2015

কোনোবা আছে জানো

কোনোবা আছে জানো...

এই মন গলেই চাবলৈ ,
কিবা এটা ভাল লগাকৈ কৈ দিবলৈ...

কোনোবা ??

কবিতা লিখিব খুজিলো,
তেওঁ আগত উলাই দিবহি,
কিবা এটা আঁকিব খুজিলো,
তুলিকাত বহি দিবহি...

আছে জানো...
ইচ্ছা এটাৰ বোকোচাত
উঠি মন গলেই
যাক  মৰমৰ আবিৰ সানো ,
যাৰ কথা বিনা চৰ্তেই মানো,

হেঁপাহী কিছুমান শব্দ টোপোলা এটাত  কঢ়িয়াই ,
থাকিম যেন তেওঁকেই ছটিয়াই..

আছেনে কোনো
আছে জানো !

যাক অপলক চাই,
সমস্বৰে জীৱনৰ গীত গায়,

এজাক নিৰ্জন  টোপনিৰ কোলাত শুব খুজো,
আউসী হেন চুলি একোচা আলফুলে চুব খুজো,

আছেনে !

আকাশ চোৱাৰ ইচ্ছা
শেষ হব তেওঁৰ চকুত ,

জোনাক বিচৰা যাত্ৰা
শেষ হব তেওঁৰ হাঁহিত,

তেওঁৰ আঙুলি ফাকেৰেই
যেতিয়া কাৰোবাৰ বাবে সুৰুয নামিবহি

মৰম কৰাৰ ইচ্ছা !

কিজানি শেষ হব খুজিও নহব
কোনোবা  তৃষ্ণাতুৰ মৌ আহি
যেতিয়াই তেওঁৰ সৰিয়হ ফুলা দুওঁঠত  জিৰাবহি..!

আস বৰষুণ বোৰ তেতিয়া যে
ভাল লগা হৈ পৰিব,
ফুল বোৰে গীত গোৱা আৰম্ভ কৰি দিব,
চৰাই বোৰে নাচিবলৈ...

আৰু মই চাগৈ শিকিম জীয়াই থাকিবলৈ ...
পৃথিৱীখন যে ধুনীয়া শিকিম বুজিবলৈ ...!

সাম্ভাব্য  স্বপ্নৰ এনে  সুমধুৰ আয়োজন ,
নিজৰ বাবে কাৰোবাৰ একান্ত প্ৰয়োজন ,
আৰু
এই বৰ্ণিল  জীৱনটোৰ শৃংখলাবদ্ধ
উদযাপনৰ হেঁপাহৰ বাবেই
নিজকেই প্ৰায় সুধোঁ...

আছেনে কোনো

আছে জানো ???

প্ৰাণজিৎ বৰুৱা
২৭/৮/২০১৫


No comments :

Post a Comment