ৰিলিজন
আমাৰ ঘৰলৈ আজি এজনী অকনমানি ছোৱালী ভায়েকৰ সতে আহিল,
কি কথা সোধাত কলে দেউতাকৰ হাত এখন গছৰ ডাল পৰি ভাঙিল,
মই চালো ছোৱালীজনীৰ মুখ,
দেখাতেই লাগে তাইৰ সঁচাকৈয়ে বৰ দুখ,
ভায়েকলৈ চালো দুগাল শেতা পৰা,
এটা মলিয়ন চোলা অ'ত ত'ত টাপলি মৰা ।
তেওঁলোকে সাহাৰ্য বিচাৰি আহিছে দেউতাকৰ বাবে,
গতিকে এটকা দুটকা কিবা এটা হ'লেও দিব লাগে ।
মই সুধিলো ঘৰত কোন কোন আছে তোমাৰ ,
ঘৰ ক'ত ,পঢ়া শুনা কৰানে নকৰা,
ছোৱালীজনীয়ে ক'লে আম্মা ,দেউতা আৰু আমি দুটা আছো ঘৰত,
পঢ়া শুনাও কৰো আমাৰ গাঁও বধাকৰা,
ছোৱালী জনীৰ বয়স বাৰ বছৰ হৈছে কিজানি ,
ল'ৰাটোৰ বয়স সাত,
এনেকুৱা সোনালী শৈশৱত ইমানবোৰ ঘাত প্ৰতিঘাত ।
বুকুখন বিষাই গ'ল...
আৰু বেছি দেৰি নকৰো বুলি জেপৰ পৰা ৪০ টকা এটা ২০, ২০ কৈ দুয়োটাকে দিলো...
পইচাটো লোৱাৰ পিছত
সিহঁতৰ মুখত এটা সুকোমল হাঁহি দেখিলো,
মনটো ভাল লাগি গ'ল...
তাহাঁতক বিদায় জনালোঁ
সিহঁত যাব ওলাল,
গেট খন খুলিব লওঁতেই
কিবা এটা ভাবি ঘপহকৈ সুধি দিলো
তোমালোকৰ নাম কি আছিল ?
ছোৱালী জনীয়ে ক'লে নীলিমা বৰ্মন,
লৰাটোৱে কলে ৰফিক আলী !
নহয় ; বৰ্মন !! নহয়; দাস...!!!
আস , ক'ৰবাত
কিবা এটা যেন পালোঁ আঁসোৱাহ ।
মই দুয়োটাৰ ওচৰলৈ গলোঁ,
পুনৰ এইবাৰ অলপ কঠোৰ হৈ সুধিলো ...
তোমালোক দুয়োটা ভাই ভনী হয় নহয়...?
মোক ফাকি দিব খুজিছা...!
সিহঁতে ভয় খালে,
কলে দাদা হয় ,
হয় আমি ভাই ভনী ,
কিন্তু আমাৰ উপায় নাই
দাদা সৌ মানুহ ঘৰত গ'লো আমাৰ নাম সোধাত আলী আৰু বেগম বোলাত ,
চেই চেই কৰি পঠিয়াই দিলে,
আৰু ইঘৰ মানুহত নাম সোধাত
এইবাৰ বৰ্মন বুলি ক'লো
টকা ১০ টা আৰু বিস্কুত দিলে,
সেয়ে আমি এতিয়া হিন্দুৰ ঘৰত বৰ্মন হওঁ মুছলমানৰ ঘৰত আলী,
দাদা আমি দুখীয়া মানুহ নাপাৰিব আৰু গালি...!
মই মনে মনে ৰলো,
ভাবিবলৈ ধৰিলো,
সঁচাকৈয়ে যদি চলিব পাৰে দান দক্ষিণা সহায় পুতৌৰ নামতো ৰিলিজনৰ এনে ভণ্ড পল্যুচন
তেন্তে সঁচাকৈয়ে চেল্যুট ,
কুমলীয়া বয়সতে ইহঁতৰ এইয়া এটা সুন্দৰ
চল্যুছন ...!
জীয়াই থকাৰ হেঁপাহ ,
নালাগে আৰু এই কষ্টকৰ ৰিলিজন ...!!
প্ৰাণজিৎ বৰুৱা
৭আগষ্ট ২০১৫ ।
No comments :
Post a Comment