Wednesday, March 16, 2016

আজিকালি

আজিকালি ...

আজিকালি বাট  চাই ৰওঁ ,
এটি  সুযোগলৈ...

আজিকালি বাট চাই ৰওঁ ,
সন্ধিয়া ,আবে�লি বোৰৰ নিচাত ডুবিবলৈ...

আজিকালি মোৰ প্ৰিয় ৠতু বুলি কোনো কথা নাই,
আজিকালি মোৰ প্ৰিয় ঠাই বুলিও কোনো জেগা নাই...

আজিকালি মোৰ বাবে ,
গুড মৰ্ণিং গুড নাইট বোৰো বহুত গুৰুত্বপূৰ্ণ ...

আজিকালি কিছুমান বলে নোৱাৰা সম্বোধন
অবিহনে দিনটো ;ৰাতিটো অসম্পূৰ্ণ ...

আজিকালি দিনবোৰ ছুটি ,
ৰাতিবোৰ ছুটি ...

কথাবোৰহে বেছি ,
ওলাই থাকে শেষ নোহোৱাকৈ ...

আজিকালি ডাৱৰ খিনি অকলে নাচাওঁ,
বেলি ডুবা দৃশ্যটোও অকলে নাচাওঁ ,

"অসমীয়াত এসাঁজত "
অকলে  সোমাই নাখাওঁ ...

আজিকালি কিট কাট ভাল লাগে ,
তামোল ভাল নালাগে ,

কেতিয়াবা মন গলেহে ৰাতি খাওঁ,
তাকো ৰাতিপুৱাই ধুই পেলাওঁ...

আজিকালি হোৱাটচ আপৰ ডিপি খন সঘনে সলাওঁ,
ফেচবুকত ধুনীয়া ছোৱালী বোৰলৈ আগৰ দৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাওঁ...

আজিকালি মোৰ পৃথিৱীখন সৰু হৈ পৰিছে,
কিন্তু বেছি ভাল লগা হৈ পৰিছে ।

আজিকালি মোৰ যাত্ৰাবোৰ নিলাজ হৈ পৰিছে,
কিন্তু বেচ ভাল লগা হৈ পৰিছে...

দুহাতত হাত থৈ আজিকালি ,
দুচকুত চকু থৈ আজিকালি ,

দুবাহুত কাৰোবাৰ হেঁচা লৈ 
বেছি ভাগ সময়েই  হেৰাই থাকিব পৰা হলো আজিকালি ,

হয় আজিকালি সেয়ে
মানুহে কোৱা কুই
কৰে কিজানি  ,

ই সলনি হল ,

ইয়াৰ কলিজাটো কোনোবাই বুকুচাত লৈ গল ...

সেয়ে নেকি সেইদিনা আবেলি এটা ফোনটো কাণত লৈ থাকোঁতেই
বা এজনীয়ে চিঞৰি চিঞৰি কোৱা শুনা পালোঁ...

আজিকালি লৰা ডেকা হল ,
লৰা পত এ কাৰে পে আৰু শেষৰ আখৰ মত কব নোৱাৰাকৈয়ে পৰি গল ।

হা হা

কি যে,
আজিকালি ফাগুনৰ বলিয়া বতাহৰ দৰেই বলিয়া ,
মানুহবোৰ কথাবোৰো :*

☺ ☺

প্ৰাণজিৎ বৰুৱা
১৬/৩/২০৬


Wednesday, March 9, 2016

সংজ্ঞা

সংজ্ঞা

ভোক

দুখীয়াৰ বাবে পেটৰ,
লুভীয়াৰ বাবে মনৰ ।

শীত

দুখীয়াৰ বাবে সংগ্ৰাম,
চৌখিনৰ বা কিছুমান ব্ৰেণ্ডৰ নাম ।

সুখ

ধনী কোন দুখীয়া কোন বিচাৰি নাযায়,
সন্তোষৰ সীমাবদ্ধতাতে  মাথোঁ যাক  পোৱা যায় ।

✍ প্ৰাণজিৎ বৰুৱা
৬/১/২০১৬


Friday, March 4, 2016

প্ৰেম ৰাধা কৃষ্ণৰ

প্ৰেম ৰাধা কৃষ্ণৰ ...

ৰাধা ক'ত ৰাধা ক'ত ,
কানাইয়ে  বিনাই ।

ৰাধাই
আঁৰ চকুৰে চাই ,
কানাইক বাউলী কৰি সুখ পাই,
মিছিকিয়াই ।

কাণাই এইবাৰ মুৰুলী বজাই ,

আস !
এইবাৰ ৰাধা ৰব নোৱাৰি
উচ পিচাই ..

পেখম ধৰে ম'ৰাই ,
বৃন্দাবন ৰজন জনাই ...

উফৰি আহে ,
সপ্ত ৰাগ ,
আকাশত যেন চন্দ্ৰ তাপ ।

সুৰত বিলীন সংসাৰ ,
পশ্চিমত যে বেলি নাযায়েই মাৰ ।

সুৰৰ মূৰ্চ্ছনাত সকলো উটি যায়
ভাঁহি যায় ।

কানাইয়ে  ৰাধাক আৰু
ৰাধাই কানাইক  সংগোপনে হৃদয় যচাৰ
খবৰ দেখোন সমগ্ৰ পৃথিৱীয়ে গম পাই ।

ফুলে পখিলাই নদী আকাশ পৃথিৱী
সকলোৱে
এই ভাল লগা ভালপোৱাৰ  গীত গাই
ৰাধা কৃষ্ণৰ প্ৰেম বিয়পাই ।

পিছে ৰাধাই যে
কানাইক নিজাকৈ নাপাই ।

হৰ্ষ নে বিষাদ !

এই প্ৰেমৰ কোনো নামেই  দিয়া নহল,
অথচ
সেই প্ৰেমেই সকলোৰে বুকুত এপিয়লা
সুখৰ মদিৰা ঢালি গ'ল ।

যাৰ বাবেই নেকি আজিও ভালপোৱা  অজৰ অমৰ ,
সাক্ষী হৈ ৰয় তাৰেই;

এই অমৰ প্ৰেম কাহিনী ৰাধা কৃষ্ণৰ ।

✍✍ প্ৰাণজিৎ বৰুৱা
৪/০৩/২০১৬