প্ৰেম ৰাধা কৃষ্ণৰ ...
ৰাধা ক'ত ৰাধা ক'ত ,
কানাইয়ে বিনাই ।
ৰাধাই
আঁৰ চকুৰে চাই ,
কানাইক বাউলী কৰি সুখ পাই,
মিছিকিয়াই ।
কাণাই এইবাৰ মুৰুলী বজাই ,
আস !
এইবাৰ ৰাধা ৰব নোৱাৰি
উচ পিচাই ..
পেখম ধৰে ম'ৰাই ,
বৃন্দাবন ৰজন জনাই ...
উফৰি আহে ,
সপ্ত ৰাগ ,
আকাশত যেন চন্দ্ৰ তাপ ।
সুৰত বিলীন সংসাৰ ,
পশ্চিমত যে বেলি নাযায়েই মাৰ ।
সুৰৰ মূৰ্চ্ছনাত সকলো উটি যায়
ভাঁহি যায় ।
কানাইয়ে ৰাধাক আৰু
ৰাধাই কানাইক সংগোপনে হৃদয় যচাৰ
খবৰ দেখোন সমগ্ৰ পৃথিৱীয়ে গম পাই ।
ফুলে পখিলাই নদী আকাশ পৃথিৱী
সকলোৱে
এই ভাল লগা ভালপোৱাৰ গীত গাই
ৰাধা কৃষ্ণৰ প্ৰেম বিয়পাই ।
পিছে ৰাধাই যে
কানাইক নিজাকৈ নাপাই ।
হৰ্ষ নে বিষাদ !
এই প্ৰেমৰ কোনো নামেই দিয়া নহল,
অথচ
সেই প্ৰেমেই সকলোৰে বুকুত এপিয়লা
সুখৰ মদিৰা ঢালি গ'ল ।
যাৰ বাবেই নেকি আজিও ভালপোৱা অজৰ অমৰ ,
সাক্ষী হৈ ৰয় তাৰেই;
এই অমৰ প্ৰেম কাহিনী ৰাধা কৃষ্ণৰ ।
✍✍ প্ৰাণজিৎ বৰুৱা
৪/০৩/২০১৬
No comments :
Post a Comment