Wednesday, January 22, 2014

গাৰ্ল ফ্ৰেন্ড মানে কি জানে নে ??

গাৰ্ল ফ্ৰেন্ড মানে কি জানে নে ? ?
গাৰ্লফ্ৰেন্ড হ'ল এটা যন্ত্ৰ যিটোৰ সহায়ত আপোনাৰ অমুল্য় সময় বোৰ খৰচ হয় আপুনি গম নোপোৱাকৈয়ে।
 প্ৰশ্ন হয় কেনেকৈ ??
যদি আপোনাৰ কোনো গাৰ্লফ্ৰেন্দ আছে সম্বন্ধ থিকেই আছে, তেন্তে আপুনি এতিয়া বিশ্বাস কৰিবলৈ টান পাব,
 গতিকে আপুনি ইগনৰ কৰক ।
আৰু যাৰ আগতে আছিল এতিয়া নাই তেওলোকে ইয়াৰ সত্য সত্যতা নিৰূপণ কৰিব।
 আৰু যি সকলে ইয়াৰ পাল্লাত পৰা নাই কিন্তু পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বা মন গৈ আছে
 তেওলোকৰ বাবে গাৰ্লফ্ৰন্দৰ সঠিক সংজ্ঞাটো জানি লোৱাটো ভাল।
হয়টো ভৱিষ্য়তে সহায় কৰিব নিজে এই  যন্ত্ৰৰ পাল্লাত নপৰি সময় বোৰৰ এক উপযুক্ত ব্য়ৱহাৰ কৰিবলৈ।
বাৰু সেইবোৰ কথা থাকক মই কলো বুলিয়েই আপুনি বিশ্ৱাস কৰিব আপোনিটো মুৰ্খ নহয়
নিশ্চয় প্ৰমান বিচাৰিব, নিবিচাৰিব জানো ?
এতিয়া প্ৰমানলৈ যাও তেন্তে ন।
 মই কলো," জি এফ এটা টাইম কিলিং মেচিন !"
প্ৰথম আহক আপুনি জি এফ এজনী বিচাৰিলে প্ৰায় মেট্ৰিক দিয়াৰ সময়ৰ পৰাই বুলি ধৰিলো।
বিছাৰি পালে মানে ভাল লাগিল।প্ৰথমে তাইৰ গতিবিধি লক্ষ্য় কৰাৰ পৰা তাইৰ আগত ইম্প্ৰেচন দিয়ালেকে লাগিলনে ৬ মাহ মান।
 ৬মাহৰ পিছত কোনোমতে তাইৰ মবাইল নং লৈ ষ্টাৰ্ত আপোনাৰ এচ এম এচ চেনি পৰ্ব।(যিটো এটা অবিৰাম গতিত চলা প্ৰক্ৰিয়া
 সমাপ্তি
হব একেবাৰে সিদিনাহে  যিদিনাই আপোনাৰ এই ৰিলেশ্য়নৰো অন্ত পৰিব ।)
চেনি খাই আছে মজা পাই আছে আপুনিও তেওঁও।খাই থাকক ইফালে আপোনাৰ পঢ়া শুনা ৰসাতলে যাওঁক কানসাৰ নাই,
 নোহোৱাটোৱেই স্বাভাৱিক।
এনেকে  প্ৰপজ মাৰি মেলি গাৰ্লফ্ৰন্দৰ সাংবিধানিক মৰ্যদাটো দিয়ালৈ আপুনি কলেজীয়াৰ লেবেল লগালে গাত।
আপোনিয়েই কওঁক চোন ১ বছৰ কেনেকৈ গল ধৰিব পাৰিলেনে,নোৱাৰিলে  নহয় ? মানে টাইম কিলিংৰ ফা্ৰ্ষ্ট ষ্টেপ ক্লিয়াৰ।
আপোনাৰ যদি কপাল ভাল সময় বোৰ আৰু বেছি কিলিং কৰাৰ মন তেন্তে ভৱা মতেই দুয়ো একে খন কলেজতেই নাম লগাওঁক।
 খাটাং ক্লাচতকে আপোনাৰ কেন্টিন পাৰ্কবোৰ নিশ্চয় বেচি ভাল লাগিবলে লব
জীৱনটো ইমানেই মিঠা নে নিজৰেই বিশ্বাস নহব কেতিয়াবা ।
মানে এনেকৈ আপোনাৰ ৰোমাঞ্চে কেনেকৈ আকৌ দুবছৰ নিলে গম পালে জানো ? ।নিশ্চয় নাপালে ।
অ পোৱাবোৰে ইতিমধ্য়ে আপোনাৰ ৰিজাল্টতেই গম পালে আপোনাৰ প্ৰেম কিমান গভীৰ।
বাৰু সেইবোৰ থাকক আপোনাৰটো সময়বোৰ অকল তাইৰ কথা ভাবোতেই গৈ আছে সপোন দেখোতেই গৈ আছে,
 আপুনি সূখী হৈ পৰিছে  ছাগে নহয়।
হবই সুখী সম্পুৰ্ণ স্ৱাভাৱিক সেইটো ।
 কওঁক চোন বাৰু জি এফ আপোনাৰ বাবে এতিয়া মৌলিক প্ৰয়োজন হৈ পৰা নাইনে মানে ''ইয়ো আৰ কান্ট লিভ উইদাউত হাৰ..." টাইপ
হৈ গল নে আপোনাৰ।
হবই লাগিব এইটো আমাৰ প্ৰমানৰ পৰাই কব পাৰি কাৰন যিটো বস্তুৱে আপোনাৰ ইমানবোৰ টাইম কিল কৰিলে সেইটো নহলে আপোনাৰ
 টাইমবোৰ বাৰু পেটৰ ভিতৰত গেছ হোৱাৰ নিচিনা অভাৰ হৈ নাযাবনে  লগতে অস্বস্তিকৰো হব নিশ্চয়।
মানে আপুনি এনেকৈ চেনি খাই খাই জি এফ মেইন্তেইনেঞ্চ কৰি কৰি কেনেকৈ যেনতেন দিগ্ৰী কম্প্লিট কৰিলে ধৰিবই নোৱাৰিলে।
 মানে আমাৰ প্ৰমানৰ বিষয়বস্তু আধা আধি শেষ। আপোনাৰ জীৱনৰ অমূল্য় সময়বোৰৰ অধিকাংশ সময় শেষ।
আৰু বাকী খিনি সময় সিমান মূল্যবান নহয়, কাৰণ আপুনাৰ যি যি দক্ষতা আছিল সেইয়া আূপোনাৰ মাৰ্কছিট আদিত ভালকে ওলোৱাৰ আগতেই
আপোনাৰ টাইম কিলাৰ জি এফে ইতিমধ্য়ে কিলিং কৰিলেই।
আৰু ইয়াৰ পিছৰ পৰ্যায় আপোনাৰ বাবে অতি অনাকাংক্ষিত
কিয়নো জি এফৰ বিবাহৰ উপযুক্ত বয়স হল। নানা সুন্দৰ প্ৰস্তাৱো আহিছে  ।
জি এফে তেতিয়া দুটা কথাই কব হয় কব ,"তুমি মোক পাহৰি পেলোৱা মই মা দেতাৰ অবাধ্য় হব নোৱাৰোঁ।"
অথবা যদি অলপ ভাল বিধৰ জি এফ হয় তেন্তে আপুনাক তাইক নিজৰ কৰি লবলে উপযুক্ত
হোৱাৰ এটা সময় বান্ধি দিব ।যিটো সেইটো সময়ত অসম্ভৱ আৰু হাস্য়কৰ...
 নহয় জানো। আল্টিমেটলি আপুনি হেৰুৱালে তাইক।
 এতি্য়া হয়তো ভাবিছে  আপুনি আপোনাৰ টাইম কিলিং শেষ হল তাই গল বাবে,
 কিন্তু নহয় ! আপুনাৰ টাইম বোৰ এতিয়া বেচি কিল হব দুখত, জি এফৰ সোৱঁৰণত, বিষাদত ,
জীৱনতো কেনেকৈ জীয়াই থাকিব পাৰি  এনে প্ৰতাৰনাৰ পিছত ,কেনেকৈ চলাব সংগ্ৰাম তাক চিন্তা কৰিয়েই কিল হব সময় বোৰ,নহয়???
গতিকে নিশ্চয় প্ৰমান হল মোৰ কথাটো নহয়নে?
 যে  "গাৰ্লফ্ৰেন্ড হল এটা যন্ত্ৰ যিটোৰ সহায়ত আপোনাৰ অমুল্য় সময় বোৰ খৰচ হয় আপুনি গম নোপোৱাকৈয়ে..."
গতিকে আমি সামৰণিত ইয়াকে কব পাৰোঁ যে আপোনাৰ জীৱনৰ অমুল্য় সময় বোৰ এই অৰ্থহীন যন্ত্ৰটোৰ লগত খৰছ কৰাতকে
 জীৱনটো গঢ়াত মনোনিৱেশ কৰক

SO;
   "AVOID GIRLFRIEND TO SAVE TIME & MONEY, MAKE YOUR LIFE PERFECT & LIVE ALWAYS HAPPY :-) (Y) "

BY-(C) প্ৰানজিৎ বৰুৱা,২২ জানুৱাৰী ২০১৪

Tuesday, January 21, 2014

শৈশৱ

„“„“„“ শৈশৱ ... „“„“„“


পখিলা খেদা সময় এটা বিচাৰি আছিলো ....
অতীত নে কি তাৰ নাম ,
সি মাতি আছিল ।
এটা সাধু শুনুৱাৰ প্ৰতিশ্ৰুতি, অলপ বিশ্ৰাম
অলপ নিভাজ ফুৰ্তি ,
এইবোৰ আছিল তাৰ আমন্ত্ৰণৰ বিশেষ কেইটামান টোপ ।

বিৰাট ভাল লাগিছিল তাৰ আহ্বান...
এটা প্ৰাণোস্বল সময় ;
এটা নিষ্পাপ শৈশৱ !!

আস ! ভাবিয়েই ভাল লাগি যায় ...

এই সময় সেই সময় ;পুতলা পুতলা সুবাস ,
মিছা মিছি ৰন্ধা নাৰিকল কুৰুকাৰ ভাত শাক ..!!
ক'ত যায় আজি ,ক'ত যায় ?
বগলী এ বগা ফুট দি যা,
মোকো লগতে তোৰ লৈ যা ...
ফুটকলা ৰং এটা বিচৰা ,
কি ৰং ?
এটা ৰামধেনু বিচৰা ।
সৌ পখিলাটো চোৱা ,
তাৰ গাত সপ্ত বৰণীয়া ৰামধেনু !!

তাৰ নামেই শৈশৱ ;

মোৰ মনে তাকেই খেদি যায়...
পিছে পখিলাটো উৰি গুচি যায়;
সি কয় ,
মোৰ হেনো পখিলা খেদাৰ বয়সেই নাই এতিয়া ...!!!

(c) #প্ৰাণজিৎ_বৰুৱা
contact.no- 9706129369
8september '13

কথোপকথন

"""""" কথোপকথন  """""


--- এনেকৈ নাছাবা লাজ লাগে !!

-ক'ত লাগে ?
---চকুত !

-চকু মুদি থাকা ।
---নুমুদো !!

-কিয় ?
---পৃথিৱীখন নেদেখো !

-নেচাবা পৃথিৱী ।
---নোৱাৰো থাকিব নোচোৱাকৈ !

-তেন্তে যোৱা, চকু মেলা আৰু চোৱা তোমাৰ ধুনীয়া পৃথিৱী বাহিৰত ।
---নাযাওঁ !!

-কিয় ?
---এনেয়ে ।

-মোক আকৌ কিয় চাইছা এনেকৈ ?----তোমাক চোৱা নাই jua, মোৰ ধুনীয়া পৃথিৱীখনকহে চাইছো !!!

-যাহ !এতিয়া মোৰহে লাজ লাগে !!
---ক'ত ??

-তোমাৰ দুচকুত :-) :-) !!!

#প্ৰাণজিৎ

স্বাৰ্থপৰ

স্বাৰ্থ পৰ ... :-(


পুৱাৰ চিপ চিপ বৰষুণত নাছে #এহাল_শালিকি ...

আজিও দিছে বৰষুণ ,
আজিও সৰিছে শেৱালি ।
পিছে নচা নাই যুৰীয়া শালিকি !!

এটা শালিকি #এঠেঙীয়া হ'ল !শালিকিৰ যোৰা ভাঙি গ'ল ...

এতিয়া নিসংগ শালিকিৰ চকুত বিৰহৰ চকুপানী ,
সি কয় এটা কাহিনী...
স্বাৰ্থ পৰ মানুহবোৰৰ নিচিনাই স্বাৰ্থপৰ আছিল
তাৰ জীৱন লগৰি...!!!

(c) #pranjit

আপুনি বিচৰামতেই পালেহেঁতেন যদি

~~~আপুনি বিচৰামতেই পালেহেঁতেন যদি ...~~~


কিমান ভাল লাগিল হেঁতেন যদি ... .
যদি বিচাৰিলেই চব পাই
গলোহেতেঁন ;

এই ধৰতি চিঅৰ বনি গল হেঁতেন
হেভেন ।

এই অলপ আমনি লাগিছে
হাজিৰ মোৰ সন্মুখত
ৰম্ভা মেনকা টাইপ সুন্দৰী ,

বাহ !

এই অলপ ভোক লাগিছে
হাজিৰ প্লেটে প্লেটে চাওমিন পিজ্জা টন্দুৰী ,
বাহ !


সচায়ে কল্পনা কৰিয়ে ভাল লাগে,

সপোন দেখাৰো মাদকতা আছে ।

বিচাৰিছো এখন পাটী চাইকেল,

যদি হাজিৰ হয় হায়াবুচা বা বি এম
দাব্লিউৰ লেটেষ্ট মডেল ।

বিচাৰিছো ফুটপাঠত
এটা কমদামী জিনচ ,

আৰু মোৰ
বাবে যদি ফ্ৰী দিয়ে পেন্টালুন
লেভিছ ।


আস! কি মজা লাগে ভাৱি,
যদি বিচৰামতেই হলহেতেঁন
আজe

বিচাৰিম মোৰ ভাবি শহুৰ এজন হাত
দীঘল মানুহ হ'ব,

মোৰ
বাবে এটা চাকৰি বিচাৰি দিব !

কিন্তু সেইবুলিয়েই যে বিল
গেটচে মোক জোৱাই হোৱাৰ প্ৰস্তাৱ দিব ,
কোনেনো ভাৱিব !!

ভাৱি কিন্তু বিৰাট মজা লাগে,

ভাৱক ভাবক
ভৱাত টেক্স নালাগে ।
ভাবি চাওক আপোনাৰ লণ্ডনত
তিনিটা ফ্লেট,
চিংগাপুৰত হোটেল ;
ডুবাইত
মাল্টিপ্লেক্স ।

ভাবি চাওঁক আপোনাৰ
আছে এটা আই পি এল টিম ,
ভাবি চাওঁক আপুনিয়েই
বনাইছে চেন্নাই এক্সপ্ৰেছ ফিল্ম ।
ভাবক আপুনি
পঞ্চ তাৰকাত লাঞ্চ
খাব,
আপোনাৰ সতে কেট্ৰিনা যাব ।
আপোনাৰ নামত ফেচবুকত এটা পেজ
খুলিব ,
এমাহত ফেচবুক ফ্ৰেণ্ড কোটিৰ ঘৰ
চুব ।
হি হি!! যদি বিচৰামতেই পালো হয়,
কিমান যে ভাল লাগিল হেঁতেন;
নহয় ?
বিচাৰক বিচাৰক সপোন দেখক,
দিনতো দেখক ৰাতিও দেখক ,
মুঠতে সুখত থাকক ।
আপুনি যিমান পালেওঁ সুখী নহয়
সেয়া গাৰেন্টি ,
সেয়ে আপুনি কল্পনা কৰিয়ে লওঁক
মনৰ শান্তি ।
হয়তো আপোনাৰ এনে অবাস্তৱ
সপোনত উঠিব হাঁহি,
কিন্তু আপুনি সুখী হব এনেকুৱা ভাল
লগা কথা ভাবি ।

আপুনি বিচাৰিলেই হ'ব পাৰে এই
নিৰস পৃথিৱীতো সুখী ,
মাত্ৰ অলপ ৰিলেক্স হৈ দেখক
এটা সপোন; " সকলোবোৰ
আপুনি বিচৰামতেই পালেহেঁতেন
যদি ...!!"

(c) #প্ৰাণজিৎ_বৰুৱা 24 august '13

এইবাৰো ভেলেন্টাইন এটা বেকাৰ শব্দ

**এইবাৰো ভেলেন্টাইন এটা বেকাৰ শব্দ ...**

জানেনে একৈছ বছৰ বয়স হৈছে মোৰ,
মানে সুৱলা শব্দত একৈছটা বসন্ত গৰকিছো ।
বহুতৰ বহু ৰোমান্তিক কবিতা পঢ়িছো ,
ৰোমান্তিক চিনেমাও চাইছো ,মাজে মাজে আওৰাইছো দুৰ্দান্ত সংলাপ ।
আৰু তেওঁলোকৰ দৰেই বাস্তৱত হিৰো হোৱাৰ এক উন্মাদ সপোন দেখিছো ...

অ'হ ক'বলৈ পাহৰিছো ;
মই কমটি ৰোমান্তিক নভেল পঢ়া নাই ,
এতিয়া অৱশ্যে পঢ়িবলৈ এৰিছো ।

আগতে পঢ়োঁতে প্ৰতিটো কাহিনীতে সোমাই যাওঁ ,
বিচাৰিলেই যে নিজক পাওঁ ।

চেহ, কিনো কৈ আছো জানো !!

আছলতে এই সকলোবোৰ পঢ়ি; দেখি; শুনি কিবা এটা মন যায়,
 বিৰাট মন যায় পাৰ্কৰ এচুক; হলৰ এচুক অধিকাৰ কৰি চাব, এটা লং ড্ৰাইভত যাব
কাৰোবাৰ স'তে বিৰাটেই মন যায়... ।

এটা নিজৰ কাহিনী সাজিম, কাৰোবাক লৈ সুন্দৰ কবিতা লিখিম ,
তেওঁৰ লগত ঘন্টা ঘন্টা যোৰা কথা পাতিম ...!
মন যায়েই দেখোন কেতিয়াবা, আছলতে বয়সো হৈছে যে এনে হোৱাৰ ...।

কিন্তু কি হ'ব এইবোৰ মাথোঁ সপোনতেই সমাপ্ত ,
ধনীৰ দুলালৰ হে স্বত্ব এইবোৰ ...
একৈছ বসন্ত গৰকা এই স্বপ্নবিলাসী মানুহটোৰ বাবে ,
আজিও ভেলেন্টাইন যে এটা বেকাৰ শব্দ... !!

(c) প্ৰাণজিৎ বৰুৱা 15 august 2013


আপোনাৰ প্ৰিয় উৎসৱ কি ...

#আপোনাৰ_প্ৰিয়_উৎসৱ_কি ?


কথা এটা সুধি চাব পাৰোনেকি আপোনাক ?
এক্সকিউজ মি !!
হয় আপোনাকে কৈছো ,
কথা এটা সুধিব খুজিছো !! আপোনাৰ বাৰু প্ৰিয় উৎসৱ কি ?
বিহু ,পূজা নে দেৱালী ??
বিহু !
কিয় ??
কাৰণ আপুনি হব পাৰে তিনিখন বিহু কমিটিৰ
কোষাধ্যক্ষ কিম্বা সভাপতি ,
কৰিব পাৰে দান
বৰঙনিৰে বছৰটোলৈ অতাকৈ আপোনাৰ জেপ ভৰ্তি ! হা ..হা ..!!
ধেৎ চিৰিয়াছ নহব ,
মই ধেমালী কৰিছো ধেমালী !!

আপুনি কি ভাল পায় পূজা ।
সঁচাকৈ কৈছেনে বাৰু ,
আপুনি সঁচাকৈ আস্তিক তেন্তে, সাত্বিক
আপুনি নহয় ?
আপুনি গাব জানে দেৱী বন্দনা সুললিত
কন্ঠেৰে ...!
কি ,নাজানে ??
একো নাই,
হয়তো আপুনি দান দিব আপোনাৰ বিছ হাজাৰ
দৰমহাৰ পৰা লাখ টকীয়া প্ৰতিমা !
কেনেকৈ ?
সেইয়া নুসুধো বাৰু দিয়ক !!
আপুনি বলি দিয়া মাংসৰে ভোজ খাব ,
পূজাৰ নিশা জীৱন্ত দেৱীৰ সৈতে কটাব ...!
কচম আপুনি কিন্তু নৰকত যাব !!
হা ..হা ...হেইত ভয় নাখাব ,
মই ধেমালী কৰিছো ,
(নৰকতো আপুনি চাল্লা জাগাই নাপাব !!)

হেৰি শুনকনা ।
কওকচোন ,
আপোনাৰ প্ৰিয় উৎসৱ তেন্তে নিশ্চয়
দীপাৱলী...
প্ৰিয় ঠাই জুৱাস্থলী,
হৈ থাকিব মালামাল ; মাত্ৰ মাল বোৰ থাকক পুৰামাত্ৰাই ঢালি ।
আকাশ বন্তিৰে পোহৰ হব, টকাবোৰ শব্দ
হৈ ফুটিব ,
আপোনাৰ মাথোঁ কিছু ব্লেক
মানি শব্দ ;পোহৰহৈ পুৰিব !
কিনো লোকচান হব, নহয় ?
হওঁক শব্দ প্ৰদুষণ, বায়ু প্ৰদুষণ, আপোনাৰটো
একোৱেই ক্ষতি নহয় ..!!
বেয়া নাপাব হে !
আছলতে মই এনেই সুধিছিলো ,আপোনাৰ
প্ৰিয় উৎসৱনো কি ।
কাৰণ মই নহয় ,
সকলোৱেই জানে আপোনালোকৰ
প্ৰতিটো দিনেই একোটা উৎসৱ !!বিহু,
পূজা কিম্বা হওঁকেই বা দীপাৱলী ...
আপোনালোকৰ সদায়েইটো ৰংগোলী ।
যিহেটো আপোনাৰ জেপ নহয়েই কেতিয়াও খালি !
আপোনাৰ স্টাইলতেই কৈছো দিয়ক, মুল্য বৃদ্ধি ,দাৰিদ্য ,
বকৱাচ চব গ' টু হেল ,
আমিটো নহওঁ কেতিয়াওঁ দুখীয়া; লেট আছ
চেলিব্ৰেট অল দা ফেষ্টিভেল ..!!!

(c) #প্ৰাণজিৎ_বৰুৱা
3-11-13

লিমাৰিক

#লিমাৰিক #

(1)
মেনকাই যায় বিউটি পাৰ্লাৰ কৰিবলৈ ছুটি চুলি ,/
চেলাউৰি চুচি উদং কৰে লৰাই ভাল পাওঁক বুলি /

ক্লাচত থাকোতে এচ এম এচ কৰে, ব্ৰেকত যেন তাইক লগ ধৰে,

হাঁহি দিওঁতে দাত সুলকিল তাই যে আছলতে সুলি ।

(2)

মাহেকৰ মুৰৰ টকাকেইটা লৈ ওলালোগৈ বজাৰ ,/
পকেটত পুৰা মাল আছে যেতিয়া আজি খাম খানা ৰজাৰ /

পিছে ইয়াত চলে দেখোন বেলেগৰ ৰাজ ,/
আশী টকা কিলোত কিনিলো পিয়াঁজ/

ৰজাৰ খানা খাবলৈ গৈ; মোৰ যে ধাৰেই ধাৰ ।


(3)
দেউতাক ক'লো মৰমেৰে মোবাইল এটা দিয়া,/
চেমচাং গেলেক্সী নহ'লে দিবা নকিয়া লুমিয়া /

দেউতাই সুধিলে কিয় অ' সোণ,
মই ক'লো এইবোৰ স্মাৰ্ট ফোন ,

মুৰ্খ মানুহক স্মাৰ্ট বস্তু লাগে বুলি দেতাই দিলে এপাট কানতলীয়া ।

(c) প্ৰাণজিৎ বৰুৱা 17august '13