Tuesday, January 21, 2014

শৈশৱ

„“„“„“ শৈশৱ ... „“„“„“


পখিলা খেদা সময় এটা বিচাৰি আছিলো ....
অতীত নে কি তাৰ নাম ,
সি মাতি আছিল ।
এটা সাধু শুনুৱাৰ প্ৰতিশ্ৰুতি, অলপ বিশ্ৰাম
অলপ নিভাজ ফুৰ্তি ,
এইবোৰ আছিল তাৰ আমন্ত্ৰণৰ বিশেষ কেইটামান টোপ ।

বিৰাট ভাল লাগিছিল তাৰ আহ্বান...
এটা প্ৰাণোস্বল সময় ;
এটা নিষ্পাপ শৈশৱ !!

আস ! ভাবিয়েই ভাল লাগি যায় ...

এই সময় সেই সময় ;পুতলা পুতলা সুবাস ,
মিছা মিছি ৰন্ধা নাৰিকল কুৰুকাৰ ভাত শাক ..!!
ক'ত যায় আজি ,ক'ত যায় ?
বগলী এ বগা ফুট দি যা,
মোকো লগতে তোৰ লৈ যা ...
ফুটকলা ৰং এটা বিচৰা ,
কি ৰং ?
এটা ৰামধেনু বিচৰা ।
সৌ পখিলাটো চোৱা ,
তাৰ গাত সপ্ত বৰণীয়া ৰামধেনু !!

তাৰ নামেই শৈশৱ ;

মোৰ মনে তাকেই খেদি যায়...
পিছে পখিলাটো উৰি গুচি যায়;
সি কয় ,
মোৰ হেনো পখিলা খেদাৰ বয়সেই নাই এতিয়া ...!!!

(c) #প্ৰাণজিৎ_বৰুৱা
contact.no- 9706129369
8september '13

No comments :

Post a Comment