Tuesday, January 21, 2014

কথোপকথন

"""""" কথোপকথন  """""


--- এনেকৈ নাছাবা লাজ লাগে !!

-ক'ত লাগে ?
---চকুত !

-চকু মুদি থাকা ।
---নুমুদো !!

-কিয় ?
---পৃথিৱীখন নেদেখো !

-নেচাবা পৃথিৱী ।
---নোৱাৰো থাকিব নোচোৱাকৈ !

-তেন্তে যোৱা, চকু মেলা আৰু চোৱা তোমাৰ ধুনীয়া পৃথিৱী বাহিৰত ।
---নাযাওঁ !!

-কিয় ?
---এনেয়ে ।

-মোক আকৌ কিয় চাইছা এনেকৈ ?----তোমাক চোৱা নাই jua, মোৰ ধুনীয়া পৃথিৱীখনকহে চাইছো !!!

-যাহ !এতিয়া মোৰহে লাজ লাগে !!
---ক'ত ??

-তোমাৰ দুচকুত :-) :-) !!!

#প্ৰাণজিৎ

No comments :

Post a Comment