Wednesday, October 31, 2018

ভাল মানুহবোৰক জীয়াই থাকিব দিয়ক ।

ভাল মানুহ বোৰ জীয়াই থাকিবলৈ দিয়ক ...

  ধুনীয়া বোৰ থাকিবলৈ দিয়ক,
মৰম বোৰ বাকিবলৈ দিয়ক ,
শিশুবোৰক খেলিবলৈ দিয়ক,
ঘৰ বোৰক ঘৰ হৈ  থাকিবলৈ দিয়ক ...

অনুগ্ৰহ কৰি ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক ।

মন যোৱা কাম বোৰে অপকাৰ নকৰিলে কৰিবলৈ দিয়ক,
হাঁহি বোৰ দেখি ভালেই লাগে হাঁহি বোৰ বৈ যাবলৈ দিয়ক,
ভাল মানুহৰ কথাই কামে সুগন্ধি বোৰ বিলাই থাকিবলৈ দিয়ক ,
বাধা নিদিব ...

ভাল মানুহবোৰক জীয়াই থাকিবলৈ দিয়ক ....!

ভাল মানুহ বোৰে  কান্দিলে ,
চকুপানীৰ লগতে হুমুনিয়াহ সৰে,

আপুনি সৰিবলৈ নিদিব ...

ভাল মানুহ বোৰৰ বহুতো জিলিকা সপোন,
অকালতে মৰহি পৰে ,

আপুনি পৰিবলৈ নিদিব ...

অনুগ্ৰহ কৰি ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক ।

ভাল মানুহবোৰ ঠুনুকা,
কাঁচৰ দৰে,
ভাঙিবলৈ সহজ,
জোৰা দিবলৈ টান...

আপুনি নাভাঙিব তেওঁলোকৰ হৃদয় খন
কেতিয়াও !!

ভাল মানুহৰ শত্ৰু বোৰ ,
অজানিতে বাঢ়ি আহে,
তেওঁলোকৰ মিছা মাতিব নোৱাৰে,
অনিয়ম দুৰ্নীতি মনে মনে  নসহে...

আপুনি নহব তেওঁলোকৰ শত্ৰু কেতিয়াও ...!!!

দুচকুত দুৰ্বাৰ হেঁপাহ  ৰাখি,
পৃথিৱীখন সৰগ কৰাৰ ইচ্ছা এটা বোকোচাত বান্ধি,
এই দুষ্প্ৰাপ্য ভাল মানুহ বোৰে ,
সময়ে সময়ে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে,
বিভিন্ন ভেশে ,
দেশে দেশে প্ৰদেশে প্ৰদেশে ঘুৰি
ফুৰে ...

বহুত  বাধা নেওচিও ওলাই আহে..

এতিয়ালৈকে ইমান বোৰ প্ৰদুষণৰ মাজতো পৃথিৱীখনত আহ্নিক আৰু বাৰ্ষিক গতি যে
স্থবিৰ হৈ পৰা নাই ...
কেৱল মাত্ৰ এওঁলোকৰ বাবে...!!

পাৰে যদি
এই বিলুপ্ত প্ৰায় প্ৰজাতিটো হেৰাই যাবলৈ নিদিব,

নিৰৱতাৰে, নিঃ স্বাৰ্থ ভাৱে কাম কৰি যোৱা
এই ভাল মানুহবোৰক কাম বোৰ সুকলমে কৰি যাবলৈ দিয়ক ...

আপুনি ,
মই ,আমি
আমাৰ কাম আৰু কু চিন্তাৰে নৰক কৰিবলৈ খোজা এই পৃথিৱীখন
নৰক হোৱাৰ পৰা ৰক্ষা কৰিবলৈকে ,

অন্ততঃ

অনুগ্ৰহ কৰি এই  এমুঠি মান

ভাল মানুহবোৰক জীয়াই থাকিবলৈ দিয়ক ...!!!

--প্ৰাণজিৎ বৰুৱা
৩১ /১০/২০১৫


Saturday, October 27, 2018

ল'ৰালি

ল'ৰালি

পেটলৈ গ'ল বগৰী গুটি ,
লাগিল মোৰ ভয় ,
লগৰ বোৰে ক'লে
গুটিৰ পৰাই  পেটত গছ হয় ।

মিছা কথাত ঠেং ছুটি ,
বিদ্যা শপত খাই ,
বছৰে বছৰে ফেল হোৱাৰ ,
ভয়নো বাৰু কাৰ নাই ?

আমৰ ভিতৰৰ পোক গিলি,
সাঁতুৰাৰ পণ ললো ,
কল গছত ধৰি পুখুৰীত
কিন্তু
কিছু পানী খালোঁ ।

লেমৰ পোহৰত কল মটিয়াই ,
কিনো জানো আওৰালো ,
পুৱতি নিশা  আঁঠুৱাৰ ভিতৰত
পাই নিজকে 
আচৰিত হে হ'লো ।

ক'ৰবালৈ গলে গাড়ীত ,
আইনাৰ কাষৰ  চিটটো লাগে,
ভাবি  পাৰ নাপাওঁ
গছ পথাৰ ঘৰ বোৰ কেনেকৈ
বাৰু  পিছলৈ গৈ থাকে ।

চুৱা চুই , ফুট কলা ,
লুকা ভাকু বোৰ  খেলা ,
,সঁচাকৈয়ে  সেয়া যে এক
  সুৱৰ্ণৰ আবেলি বেলা  ।

আলহী আহিলে পাইছিলো কিমানযে
বুজাব নোৱাৰা
সুখ ,
যাওঁতে দি যায়  পইচা ,
থকা কেইদিনো যে প্ৰতি সাঁজতে
দেখিছিলো   মাংসৰ মুখ ।

ৰাতি হ'লে
শিয়ালৰ হোৱাত মুখৰ মাত হৰে ,
ফুট গধুলিতে পঢ়িব দিলে টোপনিয়ে
হেঁচি ধৰে ।

দেউতাৰ চাইকেলৰ মোনাটোলৈ ,
কিমান যে আছিল হেঁপাহ ,
নতুন বহী , কিতাপ পালে
,লাগিছিল কি উলাহ ।

সঁফুৰা , মৌচাক , জিজ্ঞাস, টিংকল আৰু
নতুন আৱিষ্কাৰ ,
আমাৰ বাবেই যে আছিল
আনন্দৰ বিপুল সম্ভাৰ ...

এৰি অহা সেই ল'ৰালি,
সঁচাই কিমানযে  ৰসাল ...
বুজাব নোৱাৰা স্মৃতিৰে
এতিয়া আমি ভাবনাতেই  উমাল...

✍✍প্ৰাণজিৎ বৰুৱা
২৭/১০/২০১৭

জন্ম ১৯/১১/১৯৯০ ( সম সাময়িক বন্ধু বোৰৰ হাতত । )

ফোন : ৭০০২৯০৪১৩১


Friday, October 12, 2018

শ্বেয়াৰ নকৰোঁ আহক ...

শ্বেয়াৰ নকৰোঁ  আহক ...

মই ভাত খাওঁতে দাঁতত ভাত এটা লাগিল ,
শ্বেয়াৰ নকৰোঁ আহক ...

ভাত খাই উঠি মোৰ স্বামীৰ লগত কাজিয়া এখন লাগিল শ্বেয়াৰ নকৰোঁ দিয়ক।

ভাতৰ পাতত আঠ বিধ ব্যঞ্জন,
মোৰ ঘৰত lcd tv ত মনোৰঞ্জন ,
তথাপি শ্বেয়াৰ নকৰোঁ দিয়ক।

সেইদিনা মই শ্বিলং গৈছিলোঁ ,
250 খন চেল্ফি উঠিছিলোঁ ,
মনটো বহুত ভাল ,
অথচ শ্বেয়াৰ নকৰিলোঁ ,
খন্তেক পাছতে মোৰ বেমাৰ হল ,
মনটো বেয়া বেমাৰী ফিলিঙ
চৰ্দি হৈ অৱস্থা জটিল
ওহোঁ সেইটোও শ্বেয়াৰ নকৰিলোঁ ..

কি হব এতিয়া ইমানবোৰ কথা হজম নহব
share নকৰাকৈ মোৰ দুহাত অস্থিৰ হৈ পৰিব।
মোৰ মোবাইল অসাৰ হব,
মোৰ সামাজিক দায়বদ্ধতা থমকি ৰব...
মোৰ মনে নামানিব,
উচপিচাই  ধৰ ফৰাই মই মৰিম এতিয়া ...

হয় আপুনি মৰি যাওক কোনো কথা নাই
কিন্তু আপুনি শ্বেয়াৰ নকৰিব
কোনো কথাই

কাৰণ
আপুনি প্ৰথমে ভাল কথা শ্বেয়াৰ কৰিবলৈ শিকে,
পাছত কথাবোৰ ভাল হব বুলি
শ্বেয়াৰ কৰিবলৈ শিকে,
আৰু শেষত  আপুনি নজনাকৈ আপোনাৰ দ্বাৰা বহু অনিষ্ট শ্বেয়াৰ হৈ পৰে।

আৰু কোনো হেৰাই নাযাওঁক ভৱিষ্যতে
সেই বাবেই কৈছোঁ

আজিৰ পৰা অলপ সংযমী হৈ
  একোকেই শ্বেয়াৰ নকৰোঁ আহক ...

✍️প্ৰাণজিৎ বৰুৱা