Friday, October 12, 2018

শ্বেয়াৰ নকৰোঁ আহক ...

শ্বেয়াৰ নকৰোঁ  আহক ...

মই ভাত খাওঁতে দাঁতত ভাত এটা লাগিল ,
শ্বেয়াৰ নকৰোঁ আহক ...

ভাত খাই উঠি মোৰ স্বামীৰ লগত কাজিয়া এখন লাগিল শ্বেয়াৰ নকৰোঁ দিয়ক।

ভাতৰ পাতত আঠ বিধ ব্যঞ্জন,
মোৰ ঘৰত lcd tv ত মনোৰঞ্জন ,
তথাপি শ্বেয়াৰ নকৰোঁ দিয়ক।

সেইদিনা মই শ্বিলং গৈছিলোঁ ,
250 খন চেল্ফি উঠিছিলোঁ ,
মনটো বহুত ভাল ,
অথচ শ্বেয়াৰ নকৰিলোঁ ,
খন্তেক পাছতে মোৰ বেমাৰ হল ,
মনটো বেয়া বেমাৰী ফিলিঙ
চৰ্দি হৈ অৱস্থা জটিল
ওহোঁ সেইটোও শ্বেয়াৰ নকৰিলোঁ ..

কি হব এতিয়া ইমানবোৰ কথা হজম নহব
share নকৰাকৈ মোৰ দুহাত অস্থিৰ হৈ পৰিব।
মোৰ মোবাইল অসাৰ হব,
মোৰ সামাজিক দায়বদ্ধতা থমকি ৰব...
মোৰ মনে নামানিব,
উচপিচাই  ধৰ ফৰাই মই মৰিম এতিয়া ...

হয় আপুনি মৰি যাওক কোনো কথা নাই
কিন্তু আপুনি শ্বেয়াৰ নকৰিব
কোনো কথাই

কাৰণ
আপুনি প্ৰথমে ভাল কথা শ্বেয়াৰ কৰিবলৈ শিকে,
পাছত কথাবোৰ ভাল হব বুলি
শ্বেয়াৰ কৰিবলৈ শিকে,
আৰু শেষত  আপুনি নজনাকৈ আপোনাৰ দ্বাৰা বহু অনিষ্ট শ্বেয়াৰ হৈ পৰে।

আৰু কোনো হেৰাই নাযাওঁক ভৱিষ্যতে
সেই বাবেই কৈছোঁ

আজিৰ পৰা অলপ সংযমী হৈ
  একোকেই শ্বেয়াৰ নকৰোঁ আহক ...

✍️প্ৰাণজিৎ বৰুৱা


No comments :

Post a Comment