Friday, May 29, 2015

ভাল নালাগে

ভাল নালাগে...

ভাল নালাগে হে আপোনাৰ তীৰ্যক চাৱনি,
চাট মাৰি ধৰে
যেন বিজুলী বিজুলী
আস সহিবযে নোৱাৰি
সেয়ে ভাল নালাগে...

ভাল নালাগে হে আপোনাৰ সুকোমল মাত,
সোণ কি কৰিছা
শুনিয়ে যে পৰে কলিজাখন শাত,
চৌদিশে সকলোৱেই নিমাত
আপোনাৰ সম্বোধনটি শুনাৰ আশাত ,
আস সহিব যে নোৱাৰি
সেয়ে ভাল নালাগে...

ভাল নালাগে আপুনি পাৰ হৈ যাওঁতে
সেই বতাহত এৰা আপুনি আপুনি সুবাস
কি কৰোঁ তাকে বুকুত বান্ধি যে সময় কটোৱাৰ
কিবা অঁকৰা হেঁপাহ ,
তাকে লৈ জীৱনৰ ৰঙ খিনি
তেজাল কৰাৰ উচাহ,
আস সহিব যে নোৱাৰি
সেয়ে ভাল নালাগে..

ভাল নালাগে , ভাল নালাগে

আস নাহিব চোন আপুনি
নাচাবই আপুনি
নকবই একোকে অ

আপুনি আহিলে কৰবাত হেৰাই যাওঁ মই
বুজক চোন
আপুনি আহিলে আকৌ এবাৰ
আপোনাক
ভালপোৱাৰ ভয়

আৰু...
কেনেবাকৈ নিবিচাৰিও
এদিন আপোনাক হেৰুৱাই পেলোৱাৰ সেই
বেদনাৰ
সংশয় !

আস সহিব নোৱাৰিম অ'
সেয়ে
এতিয়া যে এইবোৰ সঁচাকৈয়ে

একেবাৰেই
ভাল নালাগে...!

--প্ৰাণজিৎ বৰুৱা
২৯ মে ২০১৫


Friday, May 22, 2015

বলিউডৰ চিনেমা অসমীয়াত

বলিউডৰ চিনেমাৰ নামবোৰ অসমীয়ালৈ ডাব কৰিলে কেনেকুৱা হব তাকে চাওঁ আহক চোন ...

ডাব বাই
প্ৰাণজিৎ বৰুৱা... :-P :-P

asiqui প্ৰেমিক

asiqui 2 দুৰ্ঘোৰ প্ৰেমিক 😛

dabang  সাহসী
dabang 2 বম সাহসী

fota poster nikla hero পষ্টাৰ ফালি হিৰো পলাল

garam masala   MDH

dhoom ধুম
dhoom 2 ভালকৈ ধুম  দুবাৰ
dhoom 3 তিনিবাৰ বহুত ভালকৈ ধুম

once upon a time in mombai এসময়ত মুম্বাইত

ouatim dubara  আকৌ গৈছিলো মুম্বাইত

house full ভৰ্ত্তি
house full 2
পুৰা ভৰ্ত্তি
housefull 3 একদম খালী নাই বে তামাম ভৰ্ত্তি😪😛🙏😝 😂

JISM দেহা

JISM 2 দুটি দেহা

MURDER হত্যা

MURDER 2 নিৰ্মম হত্যা দুবাৰ

MR. INDIA মহাশয় ভাৰতীয়

DILWALE DULHONIA LE JAYENGE  কলিজা থকা ছোৱালীজনীক হে লৈ যাম

DIL JALE বুকুখন বৰ পুৰিছে

MAINE PYAR KIYA মই প্ৰেম কৰিলো

MAINE PYAR KYU KIYA মই বাৰু প্ৰেম কিয় কৰিলো ?

GOLMALL.. গন্দগোল

GOLMALL RETURNS  গন্দগোল আকৌ হল

SING IS KING  সিং ৰজা হল

GOD TUSHI GREAT HO ভগৱান আপুনি মহান

PYAR KIYA TOH DORNA KIYA ভালপালে কাৰ বাপেকলৈ ভয় কৰিম

KOHI PYAR NA HO JAYE প্ৰেমত নপৰিলেই হয় আৰু দেই

ROWDY RATHORE   খঙাল শৰ্মা

HERA FERI  ইফাল সিফাল

HERA FERI 2 বাৰে বাৰে ইফাল সিফাল

HUMPTY SARMAH KI DULAHANIA  সৌৰৱ গগৈৰ বিদেশী কইনা


এতিয়া চিনেমা কেইখনৰে কিবা এটা কওঁ শুনক

KAL HO NA HO কাইলৈ হওক বা নহওক
LOVE AJ KALL আজিকালিহে প্ৰেম হৈছে MUJSHE SHADI KORLO মোক বিয়া পাতা
MAIN HOO NA মই আছো নহয়
I LOVE YOU মই তোমাক ভাল পাওঁ
KASAM SE শপত অ
DORNA MOT ভয় নকৰিবা
ROTI KAPDA AUR MOKAN মই খুৱাব পিন্ধাব আৰু ৰাখিব পাৰিম
HERO মই হিৰো
HERO NO 1 একদম ১ নম্বৰ হিৰো
BIWI NO 1 তুমি পত্নী নম্বৰ ১
Entertainment তামাম আনন্দ বে
GHAR SANSHAR আমাৰ ঘৰ সংসাৰ
ইয়াতে
KABHI KHUSHI KABHI GOM কেতিয়াবা ফুৰ্তি কেতিয়াবা বিষাদ ।

লোৱা খোৱা

BORFFI  বৰ্ফি মিঠাই :-D :-D :-P :-P ❤ ❤

HAPPY ENDING শেষ ভালেই সকলো ভাল

THANK YOU
DUBBING BY
PRANJIT BORUAH
9706129369


লিমাৰিক (বিষয় : ৰাজনীতি !)

লিমাৰিক
(বিষয় : ৰাজনীতি !)

            (১)
অসম মোৰ  মৰমৰ
গাদী কেনেকৈ এৰিম,/
লোকসভাৰ ৰিজাল্টতেই কি মই হাৰ মানিম,/

মোৰ কথা বালিত মুটা,
বিসম্বাদীনো কোন কুটা,

সিহঁতে কলে বুলিয়েই জানো মই   সোণৰ কণীৰ হাঁহজনী মাৰিম ।

         (২)

মোদী ধুমুহাত পদুম ফুলিল ভাঙিল কংগ্ৰেছৰ হাত,/
দুৰ্নীতিৰ বোজাত দুবি মেডাম এন্দ কোম্পানীৰ মুখৰ হেৰাল মাত/

ৰাইজৰ আশালৈ এইবাৰ,
আহি গল মোদী চৰকাৰ,

আশা পুৰণ নকৰিলে কিন্ত খাটাং ইহঁতেও খাবগৈ লাট ।
  

           (৩)

নাটক কৰাত পাৰ্গত আমাৰ দিল্লীৰ ঝাৰু পাৰ্টী,/
কেজৰিয়ে কয় চৰকাৰ ভাঙি হমনে কৰ দিয়া বড়ী গল্টী,/

ধৰ্ণাৰে জিকিল  মন,/
কৰিলেও চৰকাৰ গঠন,/

এতিয়া জেললৈ গৈহে গম পালে    পলিটিক্স যে কিমান ডাৰ্টী ।

© প্ৰাণজিৎ বৰুৱা
২২/০৫/২০১৪


Sunday, May 17, 2015

টোপনি

টোপনি ...

টোপনি আৰু আইৰ হাতৰ বুলনি,
একেই সনা পোতোকা ,
টোপনি আৰু মৰমৰ নিচুকনি
একেই মাদ�কতা,

শৈশৱ শৈশৱ সেই ভাগৰ,
টোপনি বোৰ দিনত তেনেই তাকৰ ,
কিতাপ মেলিলেই হেঁচা মাৰি ধৰা ,
কি যে টোপনি দুষ্ট স্বভাৱৰ ।

দেউতাৰ পিঠিত হাত ফুৰোৱা,
লেমৰ পোহৰত গৰম উঠি যোৱা
আৰু
বাহিৰত জোনাকৰ তলত সাধু শুনোৱা
আহ কি যে মৰম  আকলুৱা
তেনেই মন জুৰোৱা ...

পুনশ্চঃ
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ

শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি ,

আহ
টোপনি ..
লৈ
আইৰ নিচুকনি
মৰমৰ বুলনি
আহ

নোৱাৰোঁ যে কটাব আৰু
অত বোৰ ব্যস্ত
উজাগৰী ৰাতি ...!

প্ৰাণজিৎ বৰুৱা
১৩/০৫/২০১৫


বিধৱা ...

বিধৱা ...

"শিৰৰ সেন্দুৰ কন বৰ বিলাসী বস্তু অ ..."

কোনে জানো কৈছিল ,
হয়তো কোনোবা নাৰীয়েই কৈছিল ,

কিয় কৈছিল ?
নাজানে ??

আপুনি শুভ কাম এটা কৰিব খুজিছে ,
নাচায় উকা বাচন ,
নাচায় উকা কপাল ,
আপোনাৰ কামত এইবোৰে দিব জঞ্জাল ...

আপুনি ভকতৰ বাবে প্ৰসাদ সাজু কৰিছে,
সকলোৱে ধুই দিছে ,
কোনো বিধৱাই নজনাকৈ চুই দিছে ,
আপুনি জ্ঞানী বাবে
তেওঁক জ্ঞান অলপমানো দিছে
বিধৱা তিৰোতাই ভগৱানৰ  নৈৱদ্য চুব নাপাই ...
জাত যায় ,

কেনেবাকৈ  দেখিলেই
বগা সাজ
আপোনাৰ অথন্তৰ ঘটে
ৰাতিপুৱাই ,

চেহ
বগা সাজ যোৰাই চোন সঁচাকৈয়ে  বৰ নচুৱাই ,
কোনোবা দুখুনীক দেখোন  বাৰুকৈয়ে কন্দুৱাই ...

সেই স্বামী হাৰাৰ শোকেই জানো কম হল,
যে সকলোৱেই আপোনাক কথা শুনাই গল,

আপোনাৰটো নাছিল হেঁপাহ ,
স্বামীক হেৰুৱাৰ,
তথাপি হেৰুৱালে ,
বিধিৰ লিখন ,
কিন্তু আছিল হেঁপাহ জীয়াই থকাৰ
সেইটোও হেৰুৱালে
কাৰ লিখন এইটো ??

বাদ দিয়ক মই কৈছো
আপুনি জীয়াই থাকক,
বগা সাজ নালাগে ৰঙীন হৈ থাকক ,
হাঁহক আপোনাৰ জীৱনটো নতুনকৈ সজাওক ...

আৰু যিয়েই আপোনাৰ বিৰোধ কৰিব ,
লাগিলে এজনেই হওঁক বা
সমাজ এখনেই হওঁক ,
তেওঁক চিঞৰি চিঞৰি কওঁক ,
মই যদি বিধৱা স্বামী হীনতাৰ ,

তেন্তে তুমিও বিধৱা বিবেক হীনতাৰ...
So ,
Don't keep  me
away from happiness
you guys...
please
Mind  your own Business ...

--প্ৰাণজিৎ বৰুৱা
১৬ মে ২০১৫


Wednesday, May 13, 2015

বাকৰ বচন ৰিটাৰ্ণছ ৭

বাকৰ বচন ৰিটাৰ্ণছ (৭)

(১)
আই পি এল য়ে হওঁক বা আই পিলেই হওঁক ,
মনোৰঞ্জনৰ ক্ষেত্রত দুয়োটাৰে ভূমিকা  গুৰুত্বপূৰ্ণ  ।

(২)
ভূমিকম্প , বানপানী আৰু সৰুপানী,
তিনিওটাই আহোঁতে নিদিয়ে পিছে আগ জাননী ।

(৩)
প্ৰিঞ্চেচ এঞ্জেল যিয়েই নোহোৱা সকলোবোৰ ফেচবুকতহে শুৱাব,
ঘৰত কাম নকৰিলে কিন্তু  মাৰে দিনতে ত্ৰিভূৱন দেখুৱাব ।

(৪)
বিতৰ্ক আৰু বহাগ মাহ আৰু দলনিৰ সেই দল ঘাঁহ,
লহ পহকৈ বাঢ়ি অহাত উভয়ৰে বৰ হেঁপাহ ।

(৫)

ইন্টাৰনেট  নথকা মোবাইল
আৰু নিমখ নোহোৱা ডাইল
একেই ভেলুলেচ যেন সেই তাহানিৰ অৰ্কুট প্ৰফাইল ।

(৬)
খাবলৈ অনা কলপুলিক পচলা,
আৰু
দেদবডি(মাংস)ক  সুস্বাদু কৰাবোৰক
মচলা
বুলি কোৱা হয়  ।

(৭)
ফেচবুক, টিভি আৰু মাছ বজাৰ ,
তৰ্ক কৰি ভালপোৱা মানুহ আছে অপাৰ  ।

(৮)
মাছৰ ভাল মোৱা , মুহুদিৰ ভাল গুৱা,
আটাইতকৈ টান কাম ৩ জি নেটপেক থাকিও ৰাতি শুনকালে টোপনি যোৱা ।

(৯)
ভেঞ্চাৰ স্কুলৰ চাকৰি,
ঘোঁচ নোখোৱা কেৰাণী
আৰু পোৱালি নথকা গাই,
এই তিনিওৰ কোনো ভেলু নাই ।

(১০)
ফেচবুকৰ পৰা লগ আউট ,
আৰু ধুনীয়া প্ৰেয়সীক বেলেগৰ লগত ডাউট,
কৰিলেও অশান্তি নকৰিলেও
নোৱাৰি যে থাকিব দুয়োটাৰে উইদাওট ।

প্ৰাণজিৎ বৰুৱা
১৩ মে ২০১৫
৯৭০৬১২৯৩৬৯ 


Friday, May 8, 2015

পাগলী

পাগলী ...

পাগলী এই চাওঁ,

কত তোৰ সলাজ চকু ,
কত তোৰ উঠন বুকু ...

পাগলী
কাৰ বাবে তোৰ ইমান লাজ,
আমি দেখোন দুয়োটাই  নিলাজ ,

পাগলী ঐ
তইনো কিয় ইমান আজলী ,
হাঁহিটোত  কি যে নিচা ভৰালি ,

পাগলী আহ চোন আহ কাষলৈকে আহ,
আহ দেচোন দে তোৰ উমাল উশাহ ,
কি যে হেঁপাহ ,
তোক লৈ ,
কি যে মৰম তোক দিবলৈ,
পাৰ ভঙা উচাহ ...

পাগলী ঐ সৰিয়হ ফুলিছে ...
পাগলী ঐ তোৰ চকুত ,
পাগলী ঐ বাৰিষাৰ বান্ধ ভাঙিছে ,
পাগলী ঐ তোৰ বুকুত ...

পাগলী ঐ মেঘে গাজিছে ,
বুকুত বিষ ,
পাগলী ঐ বৰষুণ সৰিছে,
বুকুত বিষ,

পাগলী তোৰ বাবে বুকুত বিষ ,
মনত বিষ, সকলোতে বিষ,

সকলোবোৰ বিষালি কৰি তই কত গলি

পাগলী ঐ
তই আজলী নাছিলি ,

মোক নিঠৰুৱা কৰা

তই যে সঁচাকৈয়ে পাগলীয়ে  আছিলি ...!!

--প্ৰাণজিৎ বৰুৱা
৮/৫/২০১৫


প্ৰেম পত্ৰ... লাভ লেটাৰ

প্ৰেম পত্ৰ... ;-) :-D :-P :-P

মৰমৰ সোণ
তুমি মোৰ পুৰ্নিমাৰ জোন,
প্ৰথমেই লৈ লবা মোৰ মৰমৰ কিছ,
জানাইটো তোমাক কিমান কৰো যে মই মিছ,
জানা আজি মই ভ�াতেই খোৱা নাই,
তোমাৰ যে মেছেজ এটাও পোৱা নাই,

জানানে মই যে হৈ যাওঁ দুৰ্বল নাখালে ভীমকল,
শক্তি তেতিয়াহে আহে যেতিয়া পাওঁ তোমাৰ মিচকল,

কচম তুমি মোৰ ষ্টাৰ প্লাচ তুমিয়েই জী টি ভি,
তুমি মোৰ প্ৰেৰণা
ভোকৰ পাৰ্লে জী।

তুমি মোৰ বিচ টকীয়া লাপু,
তুমি মোৰ সকামৰ প্ৰিয় বুট মগু,

তুমি মোৰ জাৰৰ দিনৰ লেপ তুলি কম্বল,
জানাই দেখোন তুমিয়েই মোৰ জীয়াই থকাৰ একমাত্ৰ সম্বল।

যেতিয়াই বৰষুণ দিয়ে
ভেকুলীয়ে মাতে,
যেতিয়াই তোমাৰ ফোন আহে
মোৰ সময়বোৰ ভালকৈ কাতে ।

বহাগ মাহৰ কপৌফুল,
মোৰ হৃদয় বিয়াকুল,

খৰাং কালৰ পকা কোঁৱা,
জান তুমি!
তুমি বাৰু
মোক ভাল পোৱা নোপোৱা??

বসন্তৰ কালৰ কলা কুলি,
কৈ দিবা খুলা খুলি,

ফেচাই মাতে নিউ নিউ,
মই  কিন্তু কলো  তোমাক
আই লাভ ইউ...

বান্দৰে ভাল পাই কল খাই,
তুমিও সোনকালে দিবা দেই  ৰিপ্লাই,

যদি তুমি ইয়েছ  দিয়া,
চিওৰ বহাগতেই হব
আমাৰ বিয়া ।

জান এটা কথা ,
জানি লবা  ,

মই দাত ঘঁহো কলগেতেৰে নলগাওঁ কেতিয়াও পেপচুদেন্ট...
ভালপোৱাৰ আগতেই কৈছো, সহ্য নকৰিম কেতিয়াও
কিন্তু যদি দিয়া
ব্ৰেক আপৰ চেন্টি মেন্ট ।

অ দেহা ঠাণ্ডা বতৰ চাহ গৰম,
তোমালৈ যে মোৰ বিৰাট মৰম,

হব দিয়া কিমাননো বুজাম তুমিটো বুজি পোৱাই,
তোমাৰ দেউতাহঁতো সুখী হব যদি মোক কৰি লয় জোৱাই।

জানাই চাগে তুমি

চিনেমা তেতিয়াই হিট যত চলমান আমীৰ খান থাকে,
আৰু লাভ লেটাৰ তেতিয়াই হিট যি প্ৰাণজিৎ প্ৰেমিকে  লিখে ।

শেষত
মৰম চেনেহ বোৰ বান্ধি তোমালৈ দিলো মোৰ
এই প্ৰেম  পত্ৰ,
সোনকালে উত্তৰটো দিবা যাতে চোৱাব পাৰো বিয়াৰ বাবে শীঘ্ৰেই
এটা ভাল দিন বাৰ নক্ষত্ৰ ।
❤ ❤ ❤ ;-) :-D :-D :-P :-P

© প্ৰাণজিৎ বৰুৱা
৮ মে ২০১৪


Sunday, May 3, 2015

ৰাতিপুৱা

ৰাতিপুৱা

চিনাকি সুৰ্যটো পুৱাতে সাৰ পায়,
খিৰিকীৰ ইটো পাৰৰ পৰা
মই তাক নে জানো সিয়েই মোক চাই ...

একে সময়তে
এটি আজলী শালিকী ,এহাল  ঘৰ চিৰিকা ,
আৰু দুটি বগা পখৰা পাৰ চৰাই
আহি ঘৰৰ
চালতে কি জানো গীত গায় ..

তেনেতে মা নামৰ মৰম এটাই
মোক আলফুলে জগাই ,

সোন আৰু
কিমান নোশোৱা ...
চোৱাচোন এইয়া হলেই যে
প্ৰভাতী পুৱা ।

এটি নতুন  দিনৰ আশা বুকুত বান্ধি
মই এঙামুৰি দি
তেতিয়াই বিচনাখন এৰো ,

ৰাতিপুৱাৰ সেই লাস্যময়ী সতেজ
সুবাস লৈয়ে
দিনটোৰ বাবে প্ৰস্তুত হৈ পৰো ।

--প্ৰাণজিৎ বৰুৱা
৩/৫/২০১৫


English LIMERICK ইংৰাজী লিমাৰিক

limerick

(1)

Human  Cruelty Destroy One Day All of The Nature ,
Whenever the earth wouldn't  bear these kind of  torture,

then there will be nothing to lost or gain,
The term human being is  just in vain,

If we can't stop   these nonsense  right now might have surely  lost the future .

Pranjit Boruah
2/5/2015

(2)

keep it in mind time and tide wait for none,
for any kind of reason neither moon will stop nor the sun,

though our life schedule is hectic ,
but the universe itself is  dynamic ,

so don't upset my freind enjoy & live the life do run and run.

(3)

positive atmosphere and courage gives  a hope of life ,
doesn't matter from where it comes friends , relatives or beloved wife,

encouragement matter ,
to make life being better ,

So let us come and inspiriing our loving one by giving a high five.

pranjit boruah
2/5/2015

(4)
laughing could  make you a healthy man,
a smile could give you a joyful life like  heaven ,

why worry about,
laugh out loud ,

live the life with full of nourish & be happy as much as you can.

Pranjit Boruah
3-5-2015







Friday, May 1, 2015

সুৰা আৰু অসমীয়া

অসমীয়া মানুহক কিয় উৰা জাহাজত উঠাৰ পিছত সুৰা দিয়া নহয় ...

চাৰি পাঁচ পেগ মৰাৰ পাছত

ব্ৰিটিছ সকল : মই এতিয়া শুম ।

আমেৰিকান : মই এতিয়া ইন্টাৰনেটত অলপমান কাম কৰিম ।

জাৰ্মান : মই এতিয়া অলপ চিনেমা চাম ।

চাইনিজ : মই এতিয়া অলপমান গান শুনিম ।

আৰু  অসমীয়া :"ঐ পাইলট চাওঁ তই  গুচ কে%%la প্লেন এতিয়া মই চলাম !!

:-D :-D :-P :-P

অনুবাদিত: প্ৰাণজিৎ বৰুৱা


বেবেৰিবাং পদ্য ২

আমৰ বতৰত আম ,
লিচুৰ বতৰত লিচু ,
মা কচম কাটাঁ লাগা ড্ৰেছটোত তোক কিন্তু লাগিছে
দেই কিছু ।

বটলৰ ভিতৰত লাল ,
মাংসত জালুকৰ জাল,
বিদ্যা শপত তই যে,
লাখৌ মে একমাল ।

কল খাবি ভীম ,
সদায় যাবি জীম ,
আৰু চোৱালী যদি চাৱ;চাবি একদম শ্লীম ।

বিলত তিৰবিৰাই পদুমৰ কলি ,
বাৰীত বাঢ়ে পালেংৰ পুলি ।
তুমি পিছে জ্বলি মৰিবা ,
প্ৰেয়সীক দিলে ফেচবুক খুলি ।

কুকুৰে কামুৰিলে হ'ব জলাতংক ,
কানচেপা খাবি নোৱাৰিলেঅংক ,
কিন্তু পঢ়ি থাকোতেই যদি প্ৰেম কৰ গাৰেন্টি ;
তোৰ লাইফ ধ্বংস ।

মাইকী আনিবি মাক ভাল ,
যদি চাকৰি কৰে
তেন্তে নাই জঞ্জাল ,
আৰু তাইয়ে যদি এক লৌতি বেটী ;
তেন্তে তোৰ সেইখন কপাল নহয় চোতাল ...
বুজিছ?
?
দেৰি কৰি নাথাক ,
কথাতো ক মাক ,
"শিয়ালৰ জাক জাক ...
কিন্তু টোৰ হ'বলগীয়া বোৱাৰী বোৱাৰীয়েই নহয়
চি ইজ ইয়ৰ গুড লাক ...!!!"

:-) :-)

(c) প্ৰাণজিৎ বৰুৱা
29 May 2013


বেবেৰিবাং পদ্য

~•~বেবেৰিবাং ...~•~
(1)
ছুটি ছুটি কাপোৰ
দীঘল দীঘল নখ ,
পাঁচ ছয়টা বয়ফ্ৰেণ্ড মেইনটেইন
চেনীচম্পাৰ চখ ।

(2)
প্ৰফাইল পিকছাৰ টেগ
আৰু ধুনীয়া ছোৱালী এড ,
ফ্ৰেণ্ড লিষ্টৰ গাভৰুক পটোৱা ;
আমাৰ দমৰা কুমাৰৰ জেদ ।

(3)
অ'চি ব্লুৰ ৰাগ
গ'ল্ড ফ্লেকৰ ধোৱাঁৰ পাক,
পালচাৰ 220 আৰু গেলেক্সী টেব
নহ'লে ,
কলেজত
উলিয়াওনো কেনেকৈ অ' নাক ?

(4)
ভন্টি থাকক ঘৰত
বায়েৰে মৰক জ্বৰত ,
পাতি লোৱা সেই
ৰূপহী চিষ্টাৰলৈহে
তোৰ দেখোন বেছিকৈ দৰদ ..!!

(5)
আব্বে ;তাম্মাম ;মাল,
চালিয়া; ঝাক্কাছ; ছাল ,
চ' আমি আছামিজ লাইক কৰো,
ভাষা আমদানীত যে
ভাল ..!!

(c) প্ৰাণজিৎ বৰুৱা
19 june 2013


আল্টিমেট প্ৰশংসা

মেগী যেন চুলি তোমাৰ,
কুৰকুৰে যেন দাত ,
লিমকা যেন ফিগাৰ তোমাৰ
বিস্কফাৰ্ম ৰাস্ক-ইট যেন মাত

জনী লিভাৰৰ কালাৰ তোমাৰ,
যশপাল যাদৱৰ হাইট,
অক্সয় খান্নাৰ কেৰিয়াৰ তোমাৰ ,
আমজেদ খানৰ ডায়েট ।

শ্ৰীশান্থৰ দৰে লোভ তোমাৰ,
শ্বেন ৱাৰ্নৰ দৰে ইমেজ ,
ইনজামামৰ দৰে খোজ তোমাৰ ,
মাখায়া এনটিনিৰ দৰে ফেচ ।

গগৈ চাৰৰ দৰে ডায়লগ তোমাৰ,
অগপৰ দৰে গতি,
নীলমনিৰ দৰে
কথা; তোমাৰ প্ৰশংসাৰ
মাৰিছো ইমানতে ইতি ।

বেয়া চেয়া নাপাবা অল ইজ ওৱেল ,
এইয়া তাৰেই প্ৰশংসা যাৰ অলপ বেছি ফটা লেবেল ...!!!

কৃষ্ণ !
(c) প্ৰাণজিৎ বৰুৱা
5august'13


বৰ ভাল কথা নহয় বৰ বেয়া কথা

দুজন বন্ধুৱে কথা পাতি আছিলে দেই ।
মই শুনি ভালপোৱাত আগবঢ়ালো কথোপকথনটি আপোনালোকলৈ --

হেৰা বন্ধু, মই বিয়া পাতিলো ।

-অ' বৰ ভাল কথা ।

নহয় বৰ বেয়া হ'লহে ,তাই দেখিবলৈ একদম বেয়া ।

-অ' বৰ বেয়া কথা ।

নহয় বৰ ভাল কথাহে ,তাই বৰ ধনী ।

-অ' বৰ ভাল কথা ।

নহয় বৰ বেয়াহে ;
তাই মোক একো নিদিয়ে ।

-অ' বৰ বেয়া কথা ।

নহয় বৰ ভাল কথাহে ,তাই মোক এটা ডাঙৰ ফ্লেট আৰু এখন ধুনীয়া গাড়ী কিনি দিছে ।

-অ' বৰ ভাল কথা ..

নহয় বৰ বেয়াহে ,
ফ্লেটটো ভূমিকম্পত ভাগি থাকিল আৰু কালি গাড়ীখনো এক্সিদেন্ট হ'ল ।

--উস ৰাম বৰ বেয়া হ'লহে ।

নহয় বৰ ভাল কথাহে ,মোৰ মানুহজনীয়েহে গাড়ী খন চলাই আছিল আৰু তাই স্পট ডেড হ'ল...!!! 

(c)প্ৰাণজিৎ বৰুৱা


জিঞাঁ খেদা সময়বোৰ ঘূৰাই লাগে

জিঞা খেদা সময়বোৰ ঘূৰাই লাগে ।

জিঞা খেদা সময়বোৰ ঘূৰাই লাগে ...

নেমু ৰ তলৰ কেচু বোৰে ৰিঙিয়াই মাতে ...
"অ'ই কিতাপ বহী বোৰ তেনেকৈ দলিয়াই কত যাৱ অ' !কিবা এটা খাই যা ।"
,মাৰ সেই কথাকেইটা বাজি উঠে ।

এতিয়াৰ দিজিটেল শব্দতকৈ
বেছ ভালেই লাগে মা -দেতাৰ সেই শাসনৰ গালিবোৰ ...!!

কুঁৱাৰ তলত ৰচীৰে দুবাই ৰাখি খোৱা সেই ঠাণ্ডা পানীখিনিও
এতিয়াৰ ফ্ৰীজৰ পেপছি ফান্টাতকৈ ভাল লাগে ...
ভাল লাগে;
এঘন্টা চাইকেল মাৰি আহি টুপ টুপ ঘামবোৰ বিচনীৰ বা লাগি শিল চেঁচা মাদকতা পোৱা ক্ষণটি ।
ভাল লাগে ;
লেমৰ ঢিপ ঢিপ পোহৰত আওৰোৱা বাৰং বাৰং এশ চৌৰাল্লিছ
আৰু বাৰং তেৰংবুলি ..
টেবুলত মোৰ লাগি যোৱা সেই চিলমিলিয়া টোপনিৰ পলটি !!

দেওবাৰৰ শক্তিমান;
টিংকল, সফুৰা ,মৌচাকৰ আকৰ্ষণ
পৰী আৰু ৰাক্ষসৰ সাধুবোৰে
এতিয়াও আমনি কৰে বিৰাট বুজিছে ?

আবেলি পথাৰৰ চুৱা চুই ,
চোৰ -পুলিছ, 'ফুট কলা দুয়ো ৰঙ ;
ৰঙ এটি বিচৰা ...?
আস, কি ক'ম !!

সেই ৰঙবোৰ সঁচায়ে বিচাৰো এতিয়া ...
বিচাৰো ,
সন্ধিয়াৰ ধূপ ধুনাৰ সুগন্ধিত গোৱা মুক্তিত নিষ্পৃহ যিটোৰ শান্তিবোৰ ...!

দিয়া ,
ঘূৰাই দিয়া মোক সেই সময় বোৰ ..
দিয়া মোক জিঞা খেদা সময়বোৰ ..
বিনিময়ত ,
লাগে যদি লৈ যোৱা মোৰ সমস্ত বৰ্তমান ...!!!

(c) প্ৰাণজিৎ বৰুৱা
উত্তৰ লখিমপুৰ
ফোন ৯৭০৬১২৯৩৬৯
২৭ মে ২০১৩