পাগলী ...
পাগলী এই চাওঁ,
কত তোৰ সলাজ চকু ,
কত তোৰ উঠন বুকু ...
পাগলী
কাৰ বাবে তোৰ ইমান লাজ,
আমি দেখোন দুয়োটাই নিলাজ ,
পাগলী ঐ
তইনো কিয় ইমান আজলী ,
হাঁহিটোত কি যে নিচা ভৰালি ,
পাগলী আহ চোন আহ কাষলৈকে আহ,
আহ দেচোন দে তোৰ উমাল উশাহ ,
কি যে হেঁপাহ ,
তোক লৈ ,
কি যে মৰম তোক দিবলৈ,
পাৰ ভঙা উচাহ ...
পাগলী ঐ সৰিয়হ ফুলিছে ...
পাগলী ঐ তোৰ চকুত ,
পাগলী ঐ বাৰিষাৰ বান্ধ ভাঙিছে ,
পাগলী ঐ তোৰ বুকুত ...
পাগলী ঐ মেঘে গাজিছে ,
বুকুত বিষ ,
পাগলী ঐ বৰষুণ সৰিছে,
বুকুত বিষ,
পাগলী তোৰ বাবে বুকুত বিষ ,
মনত বিষ, সকলোতে বিষ,
সকলোবোৰ বিষালি কৰি তই কত গলি
পাগলী ঐ
তই আজলী নাছিলি ,
মোক নিঠৰুৱা কৰা
তই যে সঁচাকৈয়ে পাগলীয়ে আছিলি ...!!
--প্ৰাণজিৎ বৰুৱা
৮/৫/২০১৫
No comments :
Post a Comment