Thursday, April 30, 2015

ঈশ্বৰৰ সন্ধানত ...

ঈশ্বৰৰ সন্ধানত ...

চকু দুটা মুদি দিলোঁ ,
ক'লা হৈ পৰিল সকলো ...

এতিয়া অলপ  শান্তি বিচাৰি
ঈশ্বৰৰ সন্ধানত গ'লো ...

প্ৰথমে আহিল
সদায়েই দেখি থকা চিনাকি ঈশ্বৰ জনেই,
পুৱাৰ পৰা শোৱালৈ যাৰে আৰাধনা কৰোঁ ,
সেইজনেই

তেওঁ আহি সুধিলে কি লাগে তোমাক ?

মই মোক লগা বস্তুবোৰৰ তালিকাখন মনত আওৰাই খুজিবলৈ ধৰিলো ,
এফালৰ পৰা ,
যেন বজাৰৰ লিষ্ট এখনহে ...!!

তেওঁ একো নকলে ,

তথাপি মই যেন শুনা পালোঁ তথাস্তু !!

লাহে লাহে দিন বোৰ গল ,
বিচৰা কিছুমান পালো ,
কিছুমান নাপালো ,

নোপোৱা বোৰ পাহৰি পেলাই পোৱা বোৰৰ বাবে ভগৱানক বহুত ধন্যবাদ দিলো !

পিছে
আকৌ নতুন নতুন একো  একোখন লিষ্ট উলিয়াই
কিবা কিবি বোৰ যে খুজিয়েই থাকিলো ...!!

ক্ৰমশঃ

নাজানো মোৰ কাম বোৰ কোনে কৰি দিয়ে  ,
ঈশ্বৰে নে বেলেগে ,
ধৰিব নোৱাৰিলো  ,

কিন্তু ঈশ্বৰৰ সন্ধানত গৈ

ঈশ্বৰ প্ৰাপ্তিৰ এডাল সাঁকো  ঠিকেই পালো ,

যাৰ নাম মই
"বিশ্বাস" ৰাখিলো !!

--প্ৰাণজিৎ বৰুৱা
৩০ এপ্ৰিল ২০১৫


Wednesday, April 29, 2015

প্ৰাণজিৎ বৰুৱাৰ লিমাৰিক সমগ্ৰ


লিমাৰিক 


(১)


সৌটো ভটৌ চুকৰ   দাংকোপ ৰাম বৰা ,

হবি তাৰ কথাই প্ৰতি ফিটাহি অলপ মৰা ,


তিনিখনবুলে তাৰ গাড়ী,

থাকে তাকে  জহ মাৰি ,


জানিলো পিছত তাৰ  দুখন থেলা এখন ৰিক্সা তাকো মামৰে ধৰা । 


(২)


আমাৰ গাঁৱৰ  দাং বৰলা  কাটিৰাম কাই ,

সদায় কৰে দুখ তাৰ বাবে  যে কোনো খালী নাই ,

 

সি কামুৰি আছে মোক ,

 খুলি দিব লাগে ফেচবুক ,


সি হেনো শুনিছে ফেচবুক কৰি বহুতে ধুনীয়া ছোৱালী গোটাই । 


(৩)


বিষাদ নিয়ৰ জোনাক হিম নগেনৰ নতুন নাম ,

ফেচবুকৰ বজাৰত বোলে তাৰ এতিয়া  বহুত দাম  ,


দৈনিক প্ৰায় দহটা মান,

কবিতা ফেচবুকত  কৰি দান ,


লাইক কিমান পাব  হিচাপ কৰাই হেনো  তাৰ বোলে  প্ৰিয়  কাম । 


--প্ৰাণজিৎ বৰুৱা 

৫ মে' ২০১৫


(ক)

লিমাৰিক 


আছিল তেতিয়া ১৮৪৫ নামৰ ইয়েৰ ,

"এ বুক অৱ নন চেঞ্চ" লিখক এডৱাৰ্ড লিয়েৰ ,


সেয়াই লিমাৰিকৰ যাত্ৰা ,

মহেন্দ্ৰ বৰাই দিলে অসমত এক মাত্ৰা,


লিমাৰিক লেখকে লিখে সকলোবোৰ  নকৰে কাকো  ফিয়েৰ  । 


প্ৰাণজিৎ বৰুৱা 

২/৫/২০১৫





খুহুতীয়া লিমাৰিক
লেখক: প্ৰাণজিৎ বৰুৱা

(১)
তিনি আলিত ৰ’লো, ছোৱালী জোকাওঁ বুলি/
এজনীক দেখি কমেন্ট দিলো ভন্টী লাগিছে তোমাক গুলি/

তাই চালে বেঁকাকৈ ,//
তললৈ হাউলী লাহেকৈ ,//

মোলৈ চোঁচা ল’লে,ৱতাই হাই হিলজোৰ খুলি ।

(২)
গুটখা বন্ধ কৰি স্বাস্থ্য মন্ত্ৰীৰ হুংকাৰ/
অসম মুক্ত হ’ব ধপাতৰ, কমি যাব কেঞ্চাৰ/

পানদোকানীৰ প্ৰতিবাদ ,//
কেনেকৈ মোকলাওঁ পেটৰ ভাত ,//

গুটখাই কে’লে, মদ, চিগাৰেটো দেখোন হেলথৰ বাবে সমানেই ডেঞ্জাৰ ।

(৩)
বিয়নী মেল এতিয়া হ’ল বোলে অতীত/
সকলো বিজি ৰং, কালাৰ্ছ, জী টিভিত/

পৱিত্ৰ ৰিষ্টা, ৰাগিনি আৰু ভাৰাঘৰ ,//
সকলোবোৰ মহিলা সংস্থাৰ বৰ মৰমৰ ,//

কাৰেন্ট গ’লেও ডেমকেয়াৰ দিনত আকৌ দিয়ে যে চব ৰিপিট ।

(৪)
অসমত এতিয়া বেষ্ট ছেলাৰ নীলমনি ধাবা/
বিশ টকাত আঠ জনে পেট ভৰাবলৈ পাবা/

মন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয় ,//
ধাবালৈ সেয়ে মানুহৰ তামাম সোঁত বয় ,//

ধাবাত হেনো লিখা আছে,”আঢ়ৈ টকাত খাই বৈ এমাহ বাচন ধুবা ।”

***
লিমাৰিক (প্ৰাণজিৎ বৰুৱা)
লিমাৰিক

(৫)
মহিলা সন্থাৰ প্ৰিয় কামত নিদিব যে আমনি/
জি টিভি, ষ্টাৰ প্লাছৰ পিছত আহিল ৰং, ৰেঙণি/

বোৱাৰী জীয়ৰী শাহুআই//
সকলোকে আৰু কোনে পাই//

ৰিম’ট খুজি নবহাব দেহাত হেঁতাৰ কোবৰ চামনি।

(৬)

ফেচবুকৰ ল’ৰাবোৰ কিন্তু বিৰাটেই চেনী/
একে সময়তে চাটিং কৰে উইথ চাৰি পাঁচজনী/

প্ৰথমে জনাব হেল্ল’ হাই//
শেষত সুধিব কোনোবা আছেনে নাই//

নাই বুলি জানিলেই চলিব অবিৰাম এই চেনিৰামী প্ৰেম কাহিনী।

(৭)

অসমত এতিয়া অসমীয়া ভাষাৰ গতি পুতৌজনক/
ইংৰাজী মাধ্যমত সন্তানক পঢ়োৱাটোহে যে সন্মানজনক/

কথাই প্ৰতি আহে চ’/
বাতৰিতো বিগ ব্ৰেকিঙৰ ঢৌ/

সকলোৱেই যেন আদৰিছে আংকল আণ্টি কৈ
স্মাৰ্ট হোৱাৰ এই নতুন ফেশ্যনক ।

(৮)

ফেচবুকৰ ছোৱালীবোৰো যে নহয় ধোৱা তুলসীৰ পাত/
ধনী ধুনীয়া ডেকা দেখিলেহে দিয়ে মিঠা মাত/

কেইজন প্ৰেমিক জনা নাযায়//
মিচকলেৰেহে কাম চলায়//

তিনিজন মানক নঠগালৈকে হেনো
কলিজাখন নপৰেই বোলে শাঁত ।

****

(৯)

ইলেকচনৰ আগদিনা ড্ৰাই ডে ঘোষণা/
মালোৱা সন্থাৰ পিয়াহত হয় বহু যান্ত্ৰণা,/

মন্ত্ৰীয়ে বিলাই কম্বল//
ভোট কিনাৰ সম্বল//

ড্ৰাই দে’ত ব্লেকত বটল বেচা বেপাৰটো বহুত পুৰণা ।

(১০)

বি এ পাছ কৰিলো যেতিয়া কিয় কৰিম খেতি/
পিয়নৰ হ’লেও জব কৰিম বেছি দিম মাটি ভেটি,/

ত্ৰিছ দিন অফিচ যাম//
দৰমহা পাম আৰামত খাম//

চাকৰি কৰিলে কোন শহুৰে মোক নাযাঁচি পাৰে নিজ বেটি ।

(১১)

প্ৰতিবাদ বন্ধ অসমৰ অলংকাৰ/
এইবোৰ যে এচেনছিয়েল কৰিবলৈ সংস্কাৰ,/

যদি নকৰে আন্দোলন//
চৰকাৰে নুবুজে জনতাৰ মন//

কৰ্মসোৰোপা অসমীয়াৰো এতিয়া ফেভাৰেট এই কালচাৰ ।

(১২)
মাহেকৰ মূৰৰ টকাকেইটা লৈ ওলালোগৈ বজাৰ/ পকেটত পুৰা মাল আছে যেতিয়া আজি খাম খানা ৰজাৰ,/

চলে দেখোন ইয়াত বেলেগৰ ৰাজ//
আশী টকা কিলোত কিনিলো পিয়াঁজ//

ৰজাৰ খানা খাবলৈ গৈ মোৰ যে ধাৰেই ধাৰ ।

(১৩)

কলেজীয়া দাদা-বাহঁত বহুত বিজি জানা/
ফেচবুক, হোৱাটচ এপ কত যে কাম ৩জিৰ জমানা,/

ক্লাচ কৰোতে দেৰি হয়//
সেইয়ে বুলেট স্কুটি লয়//

আৰু তুমি কি বুজিবা কিমান মুস্কিল বিএফ-জিএফৰ ৰিষ্টাটো নিভানা ।

(১৪)
দীঘল চুলিৰ ভন্টীজনীক লাগি গৈছিল ভাল/
টাইদ জিনচ আৰু টি-চাৰ্টত তাইক লাগিছিল কিছু মাল,/

বাইকখন কাষতে ৰখাই//
মাতিলো বোলো ‘ভন্টী হাই’//

পিছে ঘূৰিলৈহে দীঘলচুলীয়া দাদাই
ফৰফৰাই দিলে মোৰ গাল ।

***
****
লিমাৰিক (প্ৰাণজিত বৰুৱা)
(বিষয়:- ৰাজ্য সভাৰ ইলেকচন)

(১৫)
নতুন শব্দ নতুন বিজিনেচ কোটি টকাৰ খেল ,/
ৰাজ্য সভাৰ ইলেকছনে ৰাইজক বনাই বেল /

ভোট নিদিলেও নাকচ কৰা ,//
হৰ্ছ ট্ৰেডিঙৰ নতুন ধাৰা//

ঐক্যবদ্ধ বিৰোধীক কৰে শাসকে এনেকৈয়ে চেল বেল ।

(১৬)

বহিৰাগত প্ৰাৰ্থী আনি দেখাই কংগ্ৰেছৰ জোৰ,/
নেদেখাব কিয় সদায়েইচোন পৰনিৰ্ভৰশীল অসমীয়াবোৰ/

নাপিত, মাছ চবেই চালানী //
ভোটবেংকো বনাই বাংলাদেশী আনি//

বিদেশী, বানপানী আৰু সন্ত্ৰাসবাদী অসমত এই তিনিবিধেই এতিয়া প্ৰচুৰ ।

(১৭)

বিধায়ক হবলৈ নালাগে বিশেষ একো অৰ্হতা /
থাকিব লাগে মাথোঁ টকা-পইছাৰ অফুৰন্ত ক্ষমতা /

নাই বিধায়কৰ ন্যুনতম জ্ঞান//
ভোটদান নাকচ ইয়াৰেই প্ৰমান //

যদি ভোটটোকেই দিব নাজানে ইহঁতৰ বিধায়ক হোৱাৰ আছে বাৰু কিদাল যোগ্যতা !!

***
লিমাৰিক

*প্ৰাণজিৎ বৰুৱা*

( ১৮)
আমাৰ দাদা দেখনিয়াৰ দুবাহুত বহুত বল... /
চেহেৰা দেখিয়ে দাদাৰ সুন্দৰীৰ নামিছে ঢল... /

দাদাই চলায় পালচাৰ বাইক, //
সেয়ে সকলোৱে কৰে লাইক, //

ৰাতি হ'লেহে দাদাই ধৰে ৰঙা ৰঙা জল...

( ১৯)
ডিঙি হ'লেও বেসুৰা শিকে হে ভকেল... /
ষ্টেট লেভেল নহ'লেও ছিংগাৰ হ'ব লকেল... /

নকল কৰি গান ৰচি... //
বেছি দামত থাকে বেচি... //

বনাব হেনো হে এখন ফাইভ ষ্টাৰ হোটেল...

(২০)

এল পি স্কুলৰ টিচাৰ হম পাচ কৰিলে টেট... /
ইংৰাজীত ষ্টুডেন্টক পঢ়াম C.A.T. মানে কেট... /

কোচিং কৰিম, গাইড কিনিম... //
যেনে তেনে হ'লেও পাচ কৰিম... //

টেট ডিগ্ৰী যে এতিয়া নিবনুৱাৰ নতুন জেদ...

(২১)
মেনকায় যায় বিউটিপার্লাৰ, কৰিবলৈ চুটি চুলি... /
চেলাউৰি চুচি উদং কৰে, ল'ৰাই ভালপাওঁক বুলি... /

ক্লাচত থাকোতে এছ.এম.এছ কৰে; //
ব্ৰেকত যেন তাইক লগ ধৰে; //

হাঁহি দিওতে দাঁত সুলকিল তাই যে আচলত সুলী...

***

#Limerick

(২২)
ভাৰতবৰ্ষৰ বজাৰত ডাঙৰ ভূমিকম্প,/
টকাৰ মূল্যৰ দ্ৰুত হ্ৰাসত; জনগনৰ আতংক /

শাসক বিৰোধীৰ ৰাজনীতি,//
ধোৱাছাঙত প্ৰধানমন্ত্ৰীৰ অৰ্থনীতি//

কেতিয়াকে ঘূৰাই পাব বাৰু দেশে বিকাশৰ ছন্দ ।

(২৩)
অসমত বনিবই লাগিব নদীবান্ধ বৃহৎ/
নদীবান্ধ অবিহনে উন্নতি হব কিহত /

নদীবান্ধে দিব যে  বিদ্যুত ;//
ক্ষতি কাৰ সাধাৰণ জনৰ মৃত্যুত//

অসমীয়া মৰিলে দুখ কৰিবলৈও অসমীয়াই  যে নহয় ইহঁত ।

(২৪)

পি এইচ ডি এটা লৈ ভাবিছো বনাই লওঁ মোৰ ফিউচাৰ,/
ৰিছাৰ্চ এটা কৰো বুলি কিনিলো এটা চেলুলাৰ /

খুলিলো টুইটাৰ; ফেচবুক//
দিবনে বাৰু ডক্তৰেট মোক //

টপিকটো ; " ফেচবুকত বাৰু ধুনীয়া ছোৱালীবোৰ কিয় ইমান বেছি পপুলাৰ ।"

প্ৰাণজিৎ বৰুৱা
28 august '13

***

(২৫)

দেউতাক ক'লো মৰমেৰে মোবাইল এটা দিয়া,/
চেমচাং গেলেক্সী নহ'লে দিবা নকিয়া লুমিয়া /

দেউতাই সুধিলে কিয় অ' সোণ,//
মই ক'লো এইবোৰ স্মাৰ্ট ফোন ,//

মুৰ্খ মানুহক স্মাৰ্ট বস্তু লাগে বুলি দেতাই দিলে এপাট কানতলীয়া ।

***
লিমাৰিক

(২৬)

অসমীয়া সংগীতৰ এতিয়া অৱস্থা শোচনীয় ,/
আগৰ সেই সুন্দৰ সৃষ্টিৰ অভাৱ এতিয়া বাৰু কিয় ,/

টিভি চেনেলত ওলাব পায়,//
যিহকে তিহকে থাকে গায় ,//

এতিয়া আকৌ বিলাহী জিলেলে লাদেনৰ গীত
বোৰহে যে জনপ্ৰিয় ।

(২৭)

ফেচবুকৰ দুটা ফৈদ দুজন  গায়কৰ অনুৰাগীৰ
মাজত ,/
দুয়ো ফৈদৰেই অসন্তোষ বিপৰীত গায়কৰ
কাম কাজত ,/

অনুৰাগী বোৰৰ বিৰাট চেন্টিমেন্ট ,//
দুয়োজনক লৈ দি  বিভিন্ন  কমেন্ট,//

এটা পক্ষই পেলাই আন পক্ষক চান্স পালেই বহু লাজত ।

***

সৰস্বতী পূজাৰ লিমাৰিক
প্ৰাণজিৎৰ
সৰস্বতী পূজাৰ লিমাৰিক

(২৮)

সৰস্বতী পূজা নহয় যেন এইয়া অঘোষিত ফেচন,/
কোনে কিমান ধুনীয়াহৈ দিব পাৰিব  ইম্প্ৰেছন,/

নিউজ চেনেলো হৈছে ৰেদী,//
চলাথ কৰিবলৈ পূজাৰ বেদী ,//

সৰস্বতী পূজা মানে যে বিউটি শ্ব নহয় ইহঁতক
কোনে বাৰু দিব  এই লেচন ।

(২৯)
আহি গ'ল আৰ. টি. ই.বিনামূলীয়া শিক্ষাদান/
ভাত কাপোৰ সকলো চৰকাৰেই ধৰিব   যোগান,/

ছাত্ৰৰ পৰা তুলিলৈ  ফিজ,//
পূজাত খোৱালে স্পিছিয়েল দিছ,//

পিছে এতিয়া  কথাটো   গৈ ওপৰ পোৱাত
হেদ মাষ্টৰৰ  কলিজাই  বানিছেযে   ধান ।

(৩০)
সৰস্বতী পূজাত পাৰ্কত  যোৱাটো ডেকা গাভৰুৰ পুৰণি হবি,/
জাকে জাকে গাভৰুৱে মেখেলা চাদৰ পিন্ধি ঘুৰাটো সঁচাকৈয়ে যে বিতোপন ছবি ,/

এতিয়া আকৌ লাইভো  দেখাব,//
বিধে বিধে যে প্ৰাইজো দিব,//

মৰমৰ বা ভনীহঁত অ' তহঁতে পাৰ যদি আগতীয়াকৈয়ে কেমেৰামেনটোকেই পতাই থবি ।

(৩১)
সৰুতেই শুনিছিলো সৰস্বতী সৰস্বতী বিদ্যাৰ দেৱী,/ পূজাত পূজিছিলো মা ভালে কুশলে পৰীক্ষাত পাছ কৰাই দিবি,/

খাইছিলো বুট মাহ,//
মনত বাঢ়িছিল সাহ,//

এতিয়াৰ ছাত্ৰীয়ে পূজে মা এইবাৰ সৰস্বতীৰ ধুনীয়া ছোৱালীৰ খিতাপটো পাৰিলে মোৰ মোৰতে পিন্ধোৱাবি  ।

(৩১)

ঔম ভুৰ ভুৱঃ  স্বাহা আছিল সৰস্বতী বন্দনা ,/
এতিয়া আহিল বেবী দল হানি সিংৰ জমানা,/

দিনে নিশাই চাওন্দ বঢ়াই,//
পূজাই পূজাই  য়ো য়ো লগাই ,//

এনে লাগে আজিকালি  যেন কৰবাতে হেৰাই গল সেই পূজাৰ পৱিত্ৰ ভাৱনা ।

--প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯
২১ জানুৱাৰী ২০১৫

***

লিমাৰিক

(৩২)

ডিচেম্বৰৰ শেষত আহিছে  ইংৰাজী  নিউ ইয়েৰ/
ডেকা বুঢ়া সকলোৰে গাত লাগিছে  ফিফ্ট গিয়েৰ /,

মাইকত বজাইলৈ বেবী ড'ল,//
সকলোৱে পিকনিকলৈ ব'ল,//

লেট আচ  এনজয় অল দিচ পিকনিক
উইথ গাহৰি পুৰা এন্দ বিয়েৰ ।

(৩৮)
ল'ৰা ছোৱালী সকলোবোৰ হব খুজিছে  বেগী,/
বাইক স্কুটিৰ সময় এইয়া চাইকেল হল এলাগী,/

লৈ হাতেহাতে স্মাৰ্ট ফোন,//
বনাই  তিনি চাৰিটা দেহা সোণ,//

ভাত বনোৱাৰ এলাহতে এওঁলোকে
খাই দুই মিনিটৰ মেগী । ।

(৩৯)

ফেচবুকত হেনো ছোৱালী জনীৰ আছে বিজিনেচমেন  ফ্ৰেণ্ড,/
তাকেলৈ  যশ মাকৰ জীয়কে গোটাব  কোটি পতি হাজবেন্দ,/

বাপেকৰ লগত কাজিয়া কৰি,//
মাক জীয়েক গ'ল ল'ৰা বিচাৰি,//

দুয়ো বেহুচ গম পাই  বোলে জোঁৱায়েকে চলাই
হেনো ৰিক্সা তাকো চেকেন্দ হেন্দ ।

(৪০)

মেধা ভিত্তিত নিযুক্তি দিলে পৰীক্ষাৰ নাম টেট,/
পানী বোকা গচকি চাকৰি কৰে পুৰাবলৈ পৰিয়ালৰ পেট,/

ঘৰৰ পৰা আতৰি,//
কৰে ঠিকা ভিত্তিক চাকৰি ,//

মেধাৰ পুৰস্কাৰ কিস্তিত দৰমহা  দি কয় চৰকাৰে এপইন্ট মেন্ট অৱ টেট টিচাৰচ আৰ ৰিয়েলি গ্ৰেট ।

--প্ৰাণজিৎ বৰুৱা
১৬  জানুৱাৰী ২০১৫
***

লিমাৰিক (বিষয় :সাম্প্ৰতিক সময়)

    (৪ ১)

ভাৰতীয় ক্ৰিকেট  টীমৰ এইয়া পুৰণি স্বভাৱ, //
সেউজীয়া পিটচত বেটিংৰ পেলাব নোৱাৰে প্ৰভাৱ,//

বলিংতো গতি নাই,/
ফিল্ডিংতো বল সৰকি যায়,/

হয়তো দ্ৰাবিড় লক্ষ্মন টেন্ডুলকাৰৰ দৰে কোনোবাৰ হৈ আছে  এতিয়াও অভাৱ ।

        (৪২)
বানপানীৰ মথাউৰীৰ নামত টকা আহিল  কোটি কোটি,//
ঠিকাদাৰ মন্ত্ৰীয়ে খালে তাকে লুটি পুটি,//

বন্যাৰ্তই কৰে হাহাকাৰ,/
শুই থাকে সদায় চৰকাৰ,/

শ শ কোটিৰ আধুনিক মাথাউৰি বোৰো যে  যায় এজাক বৰষুণতে উটি ।

    
        (৪৩)

১৫ আগষ্ট স্বাধীনতা দিৱস সকলোৱে জানে//
এমাহৰ আগৰ পৰাই যে ১৪৪ ধাৰা আনে//

পুলিচ নাগৰিক প্ৰশাসন ,/
সকলোবোৰেই যে সচেতন ,/

১৫ আগষ্টৰ পিছৰ পৰাহে যেন সকলোৱে স্বাধীনতা দিৱস মানে।

       (৪৪)
সীমান্ত বাসীৰ টোপনি নাই জ্বলিছে যে তাত জুই,//
সেই জুইয়ে সমগ্ৰ অসমকে কিন্তু  গৈছে মিহিকে চুই,//

মন্ত্ৰীবিধায়কৰ নাই কানসাৰ,/
এইয়াই অসমৰ চৰকাৰ,/

সকলোবোৰ মৰি শেষ হলেওঁ যেন গনতন্ত্ৰ থাকিবই
এনেকৈ শুই ।

--প্ৰাণজিৎ বৰুৱা
১৮ আগষ্ট ২০১৪

***

#LIMERICK

(৪৫)
জান সোন দেহা বুলি মাতিবলৈ লাগিছিল
এজনী লাহৰী /
লাহৰিৰ আকৌ প্ৰেমিক বোৰৰ
পৰা নাইয়ে অলপো আহৰি /

কেনেকৈযে হয় ৰিলেচনচিপ //
দিয়াহলে কোনোবাই তাৰেই টিপ//

সকলো বেদনাই গলো হেঁতেন জান ঐ মই
পাহৰি ।

(৪৬)
প্ৰেম প্ৰেম কৰি বিনাই নাথাকিবি ভাই /
প্ৰেমে তোক মোক সহজে চিনিকে নাপাই /

বেংকবেলেঞ্চ কৰ মেইনটেইন//
চাকৰি এটা গোটা যেনতেন//

প্ৰেমে জনাব তোক তেতিয়া দূৰৈৰ পৰাই
হেল্ল হাই।

(৪৭)

ভন্টি বোৰৰ ফেচবুকত ফটো দিয়াৰ হবি /
লাইক কমেন্টেৰে ডেকাবোৰে মন
ভোলোৱাই লবি /

লাহে ধীৰে চলাবি চাট //
কৈ দিবি দিলকি বাত //

চাঞ্চ পাওঁতেই মন পচন্দৰ এজনী পাৰিলে গোটাই থবি /

(c) #প্ৰাণজিৎ_বৰুৱা
25 november 2013

#লিমাৰিক #

(৪৮)

বিহু মঞ্চত উঠিলৈ হিন্দী গামেই গাম ,
হিন্দী গায়েই মই অসমৰ নাম উজলাম /

হিয়াৰ আমঠু মই অসমীয়াৰ,
ছ' আই ;দ'ন্ট কেয়াৰ/

গাবলৈ যদি নিদিয় মই দোকান দিয়েই খাম ।

(৪৯)

এশ দুশ গুলি মাৰা এতিয়া কোটি টকাৰ খেল,
মিডিয়াৰ পৰা মন্ত্ৰীলৈকে সকলোৱেই লেল পেল /

ধন ঘুৰাই পোৱাৰ আশা দি বাদ,//
এজেন্টে কৰে ছুইছাইড ,//

কোটি টকীয়া খেলত আমি বনিছো মাথোঁ বেল ।

(৫০)

ধুনীয়া ধুনীয়া ফটো আপ্লোড চেনিচম্পাৰ চখ ,
দমৰাবোৰৰো লাইক কমেন্ট দি নিবিষায় যে নখ /

ফেছবুকত তাই বেছ পপুলাৰ,
মে'ল ফ্ৰেণ্ডেই তাইৰ চাৰি হাজাৰ,/

জীয়েকৰ এনে পপুলাৰিটি দেখি ,মাকৰ তাম্মাম যশ...!!!

প্ৰাণজিৎ বৰুৱা
কোঁৱৰ গাঁও
উত্তৰ লখিমপুৰ
ডাক মৈদমীয়া ।
পিন ৭৮৭০০১
ফোন ৯৭০৬১২৯৩৬৯


ভেলেন্টাইন দে ...এটা অৰ্থ হীন দিন মোৰ বাবে ...

আজি ভেলেন্টাইন দেৰ উৰুকাত মনটো ভাল নহয় জানা !

কিবা ৰিক্ত ৰিক্ত অনুভৱ কিবা নাই নাই ভাৱ
যদিও ফাগুন দুৱাৰ দলিত
তথাপি ভালপোৱাৰ মলয়া জাক নাই ,
বলা নাই ইয়াত ...!
কাৰোবাৰ বাবে অপেক্ষা কৰি
মোৰ সেউজীয়া কলিজাখনৰ টোপনি খতি...
কোন? কাৰ বাবে?? নাজানো!!

ওফাৰত পাপনৰ গান বাজিছে
  "আহিবানে তুমি ... ! "
নাহে কোনো জানো ,
তথাপি শুনো ভাল লাগে ...
ভাল লাগে প্ৰেমৰ গান বোৰ, কবিতা বোৰ !
নাথাকিলেও প্ৰেমত বিশেষ দখল
আমাৰোটো এখন কলিজা আছে ।
ভাল পাবৰ মন যায়
ওচৰত বহি কথা হবৰ মন যায়
দুওঠঁত ওঁঠ থৈ প্ৰেমৰ বাৰিষা আনিবলৈ মন যায়েই...
নাযাবই কিয় কোৱাচোন
চৌদিশে কি উলাহ
কিমান কি পৰিকল্পনা চোৱানা মানুহবোৰৰ ...
মই যে বিৰাট জেলাছ হৈ পৰো জানা !!
আৰে য'তনেকি মই পাতি আছো ৰিক্ততাৰ শ্ৰাদ্ধ,
তাত যদি মানুহবোৰে পাতে যুগ্মতাৰ ভোজ ,
মই কি সহ্য কৰিব পাৰোঁ তুমিয়েই কোৱাছোন ?

এইয়া চোৱা আৰম্ভ হৈ গৈছে ফেচবুকতো
ভালপোৱাৰ এক অনামী প্ৰতিযোগিতা...
মিঠা উইছ ,মিঠা সম্ভাষন ...!
চোৱাছোন চোৱা ,কিমান সুখী লাগিছে মানুহবোৰক !!
মানুহবোৰ ইমান বেছি সুখী হৈ গলে
মোৰ অলপো ভাল নালাগে।
কিয় নাজানো ,তেওঁলোকৰ সুখতেই
মই যে আটাইতকৈ বেছি দুখী হৈ পৰোঁ !

কোৱাছোন জানা যদি;
কিবা অভিশাপ আছে নেকি বাৰু
ডান্ট্ৰে ব্ৰিয়েট্ৰিছ,জংকী পানৈৰ দৰে কৰোবাৰ
আমাৰ এই এধানিমান হৃদয়খনত,
যে সদায়েই আমিবোৰ এলাগী এনেবোৰ দিনত ...!!
জানা সংগীহীনতাৰ এই বিষণ্ণ ডায়েৰী লিখাৰ আৰু অলপো ইচ্ছা নাই,
সচাকৈয়ে ভেলেন্টাইন দেৰ এই উৰুকাত মনটো অলপো ভাল লগা নাই... !!!

     ##প্ৰানজিৎ বৰুৱা
১৩ ফেব্ৰুৱাৰী ২০১৫


আলিঃ আয়ে লৃগাং

ৰাতিৰ আন্ধাৰত
কাণত সেইয়া বাজিছে
কাৰোবাৰ বাঁহী ,

দূৰৈত লচ পচীয়া কনেংৰ হাঁহি,
নৈপৰীয়া বা এচাটি লাগে গাত আহি,

সোৱণশিৰিৰ ৰূপালী মাছ,
ডেকা গাভৰুৰ মিবু গালুগ
ৰিঃবি গাছেং সাজ,
পঃৰ আপুংৰ মিঠা সুবাস ,

চাংঘৰত জ্বলিছে জুই,
পুৰা গাহৰিৰ সোৱাদত পৰিছে
সৰসৰাই  লোভৰ পানী,
দুৰৈত সেয়া  ঐনিতমৰ
মৌ মিঠা সুৰ শুনি,
পলাশ ৰঙী হৃদয় বোৰো গৈছে যে
বাৰুকৈয়ে চুই !

বতাহত এইয়া কিহৰ গোন্ধ ,
ফাগুনৰ ,
পলাশৰ ,
ৰঙা মদাৰৰ ,

ওহো
এইয়া
সুবাস মৰমৰ ,
চেনেহৰ ,
চহা কৃষকৰ

এইয়াই যে
সুবাস হেঁপাহী লিগাংৰ ... !!

(আলিঃ আয়ে লৃগাঙ উৎসৱৰ ওলগ সকলোলৈকে আগতীয়াকৈ জনালোঁ ...!!)
--প্ৰাণজিৎ বৰুৱা
১৭ /২/২০১৫�


মোক এজনী ছোৱালী লাগে যাৰ উচ্চতা জাতত নহয় মাতত...

মোক এজনী ছোৱালী লাগে যাৰ
উচ্চতা জাতত নহয় মাতত...

মোক এজনী ছোৱালী লাগে তেজ মঙহৰ,
প্ৰয়োজন নাই কোনো মেচিনৰ ,
মেচিন চলিবলৈ ইন্ধন লাগে,
ইন্ধনৰ বাবে টকা,
মোক এজনী ছোৱালী লাগে
যি মাথোন  মোৰ অবিহনে সদায় উকা ।

মোৰ গধূলিৰ জোনাকী  হব পাৰিব যি,
ফাগুণৰ পলাশৰ ৰঙেৰে চিৰদিন জীপাল যি
মোৰ বুকুৰ উম লৈ যি নিশ্চুপ হৈ পৰিব যি,
তেওঁৱেই হব পাৰিব  মোৰ প্ৰেয়সী ...!

মোক এজনী ছোৱালী লাগে
উচ্চতা যাৰ জাতত নহয় মাতত ...

তাই কথা কলে যেন সকলোবোৰ ৰৈ যাব,
তাই চালেই যেন এচমকা বিজুলী বৈ যাব,
তাই কৰবাত গলেই
যেন মোৰ পৃথিৱীখনেই ৰৈ যাব...
তাইৰ কথা কুলি কেতেকীয়ে,
জান জুৰিটিয়ে,
কৰবী কাঞ্চন মাধৈমালতীয়ে
সদায়েই কানে কানে কৈ যাব ...

এনে হব তাই
থাকিম যেন অপলক তাইকেই  চাই ...

মোক এজনী ছোৱালী লাগে উচ্চতা যাৰ জাতত নহয় মাতত,

উচ্চতা যাৰ চিন্তা
ভাৱনাত,
যি বুজিব পাৰে সন্মানৰ সংজ্ঞা ,
যি চিনিব পাৰে সকলোৰে মমতা,

যি দিব পাৰে সাহস অলপতেই হৈ পৰে অভিমানী
যি বুজাইও দিব  পাৰে প্ৰেমৰ অভিধানী অৰ্থ  প্ৰেক্টিকেলী,
যি লুকুৱাই থব পাৰে জীৱনৰ সমস্ত বিষাদ একুকি প্ৰাণোচ্চল হাঁহিৰে ,
হয় তেওঁৱেই 
মোৰ চিৰ জীৱনৰ লগৰী তেওঁৱেই হব পাৰে ...

হয় মোক
মোক এজনী ছোৱালী লাগে ,
যাৰ চাৰিত্ৰিক বৈশিষ্ট্য ছোৱালীৰ দৰে
হলেই যথেষ্ট ,
যাৰ আশা আকাংক্ষা মোৰে আৰম্ভ হৈ মোতেই শেষ হোৱাটোৱেই চিৰ কাম্য,

মই বিচাৰিছো এগৰাকী  সহচৰ
মোৰ এই জীৱনৰ কণ্টকাকীৰ্ণ বাটত,
যাৰ কথা শুনি মই শান্তিৰে শুব পাৰিম,
হাঁহিব পাৰিম কান্ধত মোৰ থৈ কেতিয়াবা উচুপিবও পাৰিম ,
খোজ কাঢ়ি যাব খুজিছো বহুত দুৰ
ধৰিলৈ তাইৰ দুহাতত...
হয়
এজনী ছোৱালী লাগে মোক
যাৰ
উচ্চতা জাতত
নহয় তাইৰ মৌ সনা মাতত ...!

--প্ৰাণজিৎ বৰুৱা
২৭ ফেব্ৰুৱাৰী ২০১৫


বিশ্বাস বনাম ভালপোৱা...

বিশ্বাস বনাম ভালপোৱা...

মই কাৰোবাক খুবেই বেছি বিশ্বাস কৰো,
কিয় কৰো ,
নুসুধিব ...

কাৰোবাক চকু মুদি বিশ্বাস কৰাতো
কিমান গভীৰ ভালপোৱাৰ দান ,

সেইয়া আপোনালোকৰ দৰে
দৈনিক বিশ্বাসৰ পষ্টমৰ্টেম কৰি থকা
বোৰে অলপো  নুবুজিব ...!!

১৩/৩/১৫
প্ৰাণজিৎ বৰুৱা


বিজ্ঞাপন

বিজ্ঞাপন

আজি ২ চ'ত ২০১৫,
সময় ৭ বাজি ২৫ মিনিট সন্ধিয়া

এটা বিজ্ঞাপন দিব খুজিছোঁ,
হয়তো নিজে নিজেই গুচি আহিব খুজিছে সমস্ত ভাৱনা বোৰ,
ৰূপ লব খুজিছে এটা বিজ্ঞাপনৰ ;
উদঙাই দিব খুজিছে সমস্ত খবৰ মনৰ !

বিজ্ঞাপনৰ বিষয় নাৰী
কব পাৰে ,
বা
নাম দিব পাৰে
এজনী প্ৰেয়সীৰ সন্ধান বিচাৰি ।

মোৰ বয়স একুৰি চাৰি গচকো গচকো,
পেচা শিক্ষক ছাত্ৰ দুয়োটা ,
নিচা বৰ্তমান বেছিকৈ ফেচবুক, ফটোগ্ৰাফী ,
মাজে মাজে ছবি অঁকা, আৰু দুই এটা কবিতা লিখা ।
গান শুনি ভাল পাওঁ ,
হিন্দী আৰু অসমীয়া ভাল চিনেমা চাওঁ,
কমেদি প্ৰগ্ৰাম আৰু ক্ৰিকেট খেলা চাই অলপ বেছি ভাল পাওঁ ।
ভালকৈ বনালে বা ভাল বস্তু পালে খাই অলপ ভাল পাওঁ,
মদ নাখাওঁ , চিগাৰেট নাখাওঁ ,
মাজে মাজে পাচ পাচ , মিঠা পান আৰু তামোল এখন দুখন খাওঁ ।
হব মোৰ বিষয়ে থাকক ইমানেই
পিছত জানিব বাকী বোৰ  ।

এতিয়া আহো বিজ্ঞাপনলৈ,
মানে
মোৰ সাম্ভাব্য প্ৰেয়সীৰ কাষলৈ,
কেনে হব লাগিব আপুনি ?
ধুনীয়া ??
নিশ্চয় আপুনি অলপ ধুনীয়া হবই লাগিব মোৰ দৃষ্টিত,
ধুনীয়াৰ কোনো সংজ্ঞা নাই মোৰ ওচৰত,
সম্ভৱ মোৰ ভাল লগাটোৱেই মোৰ বাবে  ধুনীয়াৰ সংজ্ঞা হৈ পৰিব ।

আপোনাৰ কথা শুনি মই ৰৈ যাম,
অনৰ্গল কিবা কিবি কথা পাতি যাম,
কথা পাতি পাতি এখন বেলেগ পৃথিবী গৈ পাম ,
দুয়ো আটকধুনীয়াকৈ তাক সজাম,
আপোনাক জোকাম , অভিমান তোলাম আৰু
শেষত মই ৰব নোৱাৰিম আৰু
মৰমেৰে আলফুলে আপোনাৰ অভিমানক দুৰলৈ আতৰাই পঠাম।

মোৰ প্ৰতিটো সম্বোধনত আপুনি নতুন হৈ পৰিব বাৰে বাৰে,
আপোনাৰ প্ৰতিটো আব্দাৰ শুনিবলৈকে ৰম নিশা দুপৰলৈকে সাৰে ।

বুজিছে বহুতো কথাই কবলৈ আছে,
বহুতো মৰম দিবলৈকেই আছে,
অপেক্ষাৰ বান্ধ এই চিগো চিগো,
মনটো যেন বান্ধি ৰাখিব নোৱাৰা হৈছো ।

আহকচোন আগবাঢ়ি
আছে যদি কোনোবা
এই বিজ্ঞাপনৰ প্ৰতি  আগ্ৰহী প্ৰাৰ্থী,

কথা দিলো চকুলোৰ নদী ববলৈ নিদিওঁ,
ভালপোৱাৰ বদনাম হবলৈ নিদিওঁ ,
কোনো দিন আতৰি নোযোৱাৰ আশ্বাস
আৰু আপোনাৰ সুখে দুখে সাহস হোৱাৰ বিশ্ৱাসেৰে
এই
সম্পৰ্ক গঢ়াৰ প্ৰতিশ্ৰুতিৰে
আপোনাক আদৰিছো,

মোৰ সৰু পৃথিৱীখনলৈ ,
যদিহে আপুনি সাজো আছে আপোনাৰ সঁচা হৃদয় খন মোক দিবলৈ ,
মোক আকোৱালী লবলৈ ,
আপোনাৰ মান অভিমানৰ ভাগ দিবলৈ
তেন্তে
পলম নকৰি যোগা যোগ কৰক ,

ঠিকনাত
আপোনাৰ হৃদয় প্ৰত্যাশী
প্ৰাণজিৎ
অথবা মৰমৰ পি বি
ফোন ৯৭০৬১২৯৩৬৯ 

বিশেষ দ্ৰষ্টব্য :আপোনাক সুখী কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰোঁ ,
আৰু
বহুতেই কৰাৰ দৰে ভালপোৱাক খেলৰ দৰে ব্যৱহাৰ নকৰোঁ ।
আপুনিও নকৰিলে ভাল পাম ... !!


চকুলো ...

চকুলো ...

"অভিমানী চকুলো নোতোকিবা তুমি ,
জানাইটো তোমাৰ চকুত চকু পানী
মোৰ বাবে কিমান অসহনীয় ..."

এনেকৈ কবলৈ কোনোবা পোৱা হলে
হয়তো
কান্দিবলৈ পাহৰিয়ে গলো হয় মই,

পিছে
চকুলো বোৰ দেখোন এতিয়া মোৰ যে
থমকিয়ে
নৰয় ,
পলকতে ভাঁহে স্মৃতি 
পলকতে বয় ,
বয় যি বয় অলপমানো নৰয় ,

চেহ
সদায় মোৰ হাঁহি মুখীয়া মুখখন তিয়াই
জানো কোনোবাই কি ভাল পায় ,

মই কান্দি ভাল নাপালে কি
হ'ল,
মোৰ জীৱনৰ  শাশ্বত সত্য
এইটোৱেই তেওঁ যে
মোক কন্দুৱাই বৰ সুখ পাই ।

পুনশ্চঃ তেওঁৰ সুখতে সুখী ,
দুখতে দুখী হোৱাৰ সংকল্প লোৱা
মইটোৰ যিহেতু
এতিয়া
নিজা বুলিবলৈ একোটোৱেই নাই !!

হয়তো সেইয়ে তেওঁলোকে
জীৱনটোত  এভুমুকি মাৰি চাই,
আৰু
অলপমান অজুহাত পালেই
সুখৰ মৰিচীকা দেখুৱাই ,

আৰু বিচাৰিয়েই  বা
নিবিচিৰাকৈয়েই হওঁক পিছত
গোটেই জীৱনটোতেই দেখোন
  তেওঁলোকে মোক
চকুলোৰ হিমালয় এখন উপহাৰ দি থৈ যায় ।

সম্ভৱতঃ তেওঁলোকে
তাতেই কিবা এটা সুখ পাই !

--প্ৰাণজিৎ বৰুৱা
২/৪/২০১৫


কম কথা কোৱা ছোৱালী জনী ...

কম কথা কোৱা ছো�ৱালী জনী ...

এদিন মোৰ প্ৰিয় কিতাপ খনৰ এচুকত জিলিকি উঠিছিল এখন ফটো ,
পিঠা ভাজি ভাজি হাঁহি থকা দুটি মৰম লগা চকু ,

আস চকুৱেও যে কথা কব পাৰে ভবাই যে  নাছিলো ,
সেই কথাই যে মনত এনেকুৱা ভাল লগা বিৰিঙাব জনাইটো নাছিলোঁ ,

লাহে লাহে তাইৰ সতে চিনাকি হলো,
এটা দুটা কথাও পাতিলো,
কথা পাতি বুজিলো তাই খুউব কম কথা কয় ,
কিন্তু কথা খিনি যে বহু প্ৰয়োজনীয়ই হয় ,

তাইক ফটোত দেখিলেই কিবা এটা ভাল লাগে দেখোন মন
তাই হাঁহিলে কঁপাই জাই
গোটেই ফেচবুকৰ চোতাল খন ,
জানে
তাই আহিলেই যে   ফুলি যায়
গোটেই  কঁহুৱানী বননি  খন ...

তাই যেন বৰ গহীন এনে লাগে মাজে মাজে ,
তথাপিও সাহস কৰি মাতোঁ কথা পাতো লাজে লাজে ,

তাই স্কুটি নে কি তেনেকুৱা এখন চলাই ,
সেইখনৰ সতে তাইক বৰকৈ শুৱাই পাই  ,

তাই নাহৰৰ দেশত থাকে ,
নাহৰৰ দেশতেই তাই বহুতো সপোন আঁকে ,

মই কেতিয়াবা কওঁ
সকলোবোৰ ছোৱালী একেই ,
তাই মাথোঁ কয়
নহয়...!

নাজানোঁ তাই কি ভাবে ,
কাৰ কথা চিন্তা কৰি থাকে ,

পিছে কম কথা কোৱা সেই
আনকমন ছোৱালী জনীক যে
মোৰ বৰ ভাল লাগে ,
প্ৰায়েই মোৰ সপোনবোৰতো যে  আহে,
দিঠকতো প্ৰায়েই ভাঁহে

আৰু  আলফুলে যে তাই অ'

বিৰাটেই  মৰম লাগি যোৱাকৈয়ে  হাঁহে ...!!

note কোন বুলি নুশুধিব
কব নোৱাৰিম  :-D :-D :-P :-P

--প্ৰাণজিৎ বৰুৱা
১৬/৪/২০১৫


ষ্টাইল ...

ষ্টাইল ...

ষ্টাইলত উৰে দুনীয়া,
ভাল নালাগে দেখোন ইমানেই ষ্টাইলি দুনীয়া...

পৃথিৱী ঘুনিয়া হয় ,
অতিপাত ষ্টাইলৰ কোবত,
হাবি কাটি অট্টালিকা হয় ,
গছ বোৰ ষ্টাইলি আচবাব হয় ,
পৃথিৱীখন ফাটি পৰে ইমানেবোৰ ষ্টাইলৰ ক্ষোভত ।

ষ্টাইলত উৰে দুনীয়া,

মানুহবোৰে ষ্টাইলত কথা কবলৈ শিকে ,
ষ্টাইলত পিন্ধিবলৈ শিকে,
থাকিবলৈ শিকে ,
দুখ লাগে সেইবোৰ ষ্টাইলৰ স্বাৰ্থতে
বিবেক বিবেচনা নীতি নিয়মবোৰ যে সমুলি বিকে ।

সকলো শেষ কৰিও ষ্টাইলৰ পিছতেই যে ঘুৰে ..

ষ্টাইলত উৰে দুনীয়া...

কৰবাত আকৌ
ষ্টাইলত কিছুমানে এখন ৰুটিৰ এফাল খাই
এফাল পেলাই ,
এহাতে এচামে দাষ্ট বিনতহে নিজৰ ভাগৰ খিনি কোনো মতে গোটাই ,
এই ষ্টাইলি দুনিয়াত কোনে কাৰ মুখলৈ চাই ।

মানুহবোৰৰ  ভীষণ ষ্টাইল

ষ্টাইলত উৰে দুনীয়া,
ভাল নালাগে দেখোন ইমানেই ষ্টাইলি দুনীয়া...

সঁচাকৈয়ে ভাল নালাগে মানুহৰ এই ষ্টাইলি স্বভাৱ বোৰ,
যিবোৰ আনক দেখাবলৈকে মাথোঁ ,
বাহ্যিকতা মাথোঁ ,

যিবিলাকৰ হয়তো 
নাথাকে ষ্টাইল সুচিন্তাৰ  ,
সুস্থ  ৰুচিবোধৰ ,
মানবীয়তাৰ ...

ভাল নালাগে এই সস্তীয়া ষ্টাইলি দুনিয়া ,
এই বোৰে  যে মাথোঁ কৰে সমাজকহে  একেবাৰে ঘুনিয়া !

ষ্টাইলত উৰে দুনীয়া...
ভাল নালাগে সঁচাই  ইমান  ষ্টাইলি দুনীয়া...!!

--প্ৰাণজিৎ বৰুৱা
২৮ এপ্ৰিল ২০১৫


Monday, April 27, 2015

নীলা খামৰ চিঠি

নীলা খামৰ চিঠি

মৰমৰ সোন ...

কেনে আছা বাৰু ? আশা কৰিছো
কুশলেই আছা হয়তো  ।
মনে কৈছে ভালেই থাকিবা সদায় মোৰ শুভকামনা যিহেতু আছেই তোমাৰ সৈতে সকলো সময়ত ।

বাৰু 
জানা নাজানা
ফাগুন পাওঁ পাওঁ হৈছেহি আকৌ ,
তোমাৰ প্ৰিয় ৠতু বুলি যে কৈছিলা মনত আছেনে ?

নে প্ৰিয় বস্তু বোৰ ক্ষণ স্থায়ী হৈ পৰে তোমাৰ আজিকালি ...
হি হি
যিহেতু এদিন মইয়োটো বৰ প্ৰিয় আছিলোঁ তোমাৰ ...!!

বাৰু বাদ দিয়া
তুমি আগৰ দৰেই আছানে চিত পখিলা জনী হৈ । দৌৰি ফুৰা ,
সৰু সৰু ল'ৰা  পোৱালি ,
ছোৱালী বোৰৰ লগত খেলি ফুৰা ।
আৰু লগৰ কেইজনীৰ লগত লগ হৈ পদূলি মুৰত ৰৈ ল'ৰা জোকোৱা তোমাৰ সেই প্ৰিয় কামবোৰ কৰিয়ে আছানে আজিকালিও ।
নে বাদ দিলা ,
ব্যস্ত হৈ পৰিছা নেকি কাৰোবাৰ লগত  !!
হবও পাৰা তোমাক ভালপোৱা মানুহ টো অসংখ্য আছে মইয়েটো নহয় মাত্র ।

বাৰু বাদ দিয়া
জান তোমাৰ হাঁহিটো বহুত দিন শুনা নাই অ,
কান উনাই আছো কৰবাত কেনেবাকৈ শুনো বুলি পিছে নুশুনোৱেই চোন সেই চিনাকি মাত কতো ।
যেতিয়াই কৰবাত যাওঁ মোৰ চকুৱে তোমাকে নজনাকৈয়ে বিচাৰি ফুৰে । কৰবাত কোনো গাভৰু দেখিলেই তুমি বুলি ভাবি মন উৰা মাৰে ।

কি কৰিম বাৰু কোৱাচোন ...
ইমানেই কিয়নো বাৰু মনলৈ আহা তুমি,
শয়নে সপোনে কিয় ভাঁহা তুমি ...
এইয়া গধূলি হলেই নিসংগ হৈ পৰিলেই মনটো উৰা মাৰি যায়,

উফাৰত এতিয়া পাপনৰ
মন মোৰ উৰি যায় বাজি আছে ,
আমাৰ দুয়োৰে প্ৰিয় গান আছিল যে এইটো ।
মনত আছেনে ,
গানটো শুনিয়েই
আজি তোমালৈ বৰ বেছি মনত পৰিছে অ...

আজি বুলিয়েই নহয় তোমালৈ মনত নপৰাকৈ হয়তো মোৰ এটা দিনো যোৱাই নাই ।

বুজিছা
সোণ
মোৰ
মনত অহা কথাবোৰ মই অকলে আৰু বলে নোৱাৰা হৈছো সেইয়ে এইয়া তোমাৰ  লগতে ভগাই লওঁ বুলি হাতত কলম  তুলি ললো   ।

পিছে কিনো লিখো ভাবিয়েই পোৱা নাই দেখোন , ইমানবোৰ কথা কবলৈ আছে শুধিবলৈ আছে একো এটাই ভালকৈ কব নোৱাৰা হৈ গৈছো ।
কি জানো হৈছে নাজানো ...!!

জানা ,
আজিকালি তোমালৈ মনত পৰিলে মোৰ আকৌ  চকুলো বোৰ নোলাই আগৰ দৰে,
হয়তো শক্তিশালী হৈ পৰিছে হৃদয় ।
হয়তো শুকাই গৈছে অভিমানী চকুলো !
নাজানোঁ যি হৈছে ভালেই হৈছে দিয়া  ।

ভগৱানে কাৰো বেয়া নকৰে এইটোৱেই বিশ্বাস লৈ ফুৰিছো ।

শুনিছিলো কাৰোবাক বেছি গুৰুত্ব দিলে হেনো তেওঁৰ পৰা পোৱা  গুৰুত্ব কমি যায় ।
হয়তো মোৰ ভুলো সেইটোৱেই হৈছিল তোমাক যে নিজতকৈও ভাল পাইছিলো...
...
...
হু...!!
ধেৎ আকৌ  আবেগিক হৈ পৰিছো চোন ।
নাই নাই মই বহুত কষ্ট কৰি নিজকে আকৌ ভাল পাব খুজিছোঁ । এইবোৰ আকৌ নুলিয়াও দিয়া ।
দুৰ্বল হোৱাৰ ইচ্ছা নাই ।
বাদ দিছো ।
বাকী তোমাক কব লগা বহুতেই আছে ।
ইয়াত নকওঁ দিয়া এতিয়া ।
তোমাৰ খবৰ জনাবা পাৰিলে ।

আৰু কিবা কেনেবাকৈ যদি মোৰ অলপমানো প্ৰয়োজন হয় মোক মনত পেলাবা দেই নিসংকোচে ,
মই সাজু আছো সদায় তোমাৰ সকলোবোৰ বিপদ মুৰ পাতি লবলৈ । মাত্ৰ এবাৰ কৈ চাবা ।
ভাল দিনত মনত নেপেলালেও অন্ততঃ দুখ হলে  কবলৈ  নাপাহৰিবা...
তুমি দুখী হোৱাটো সহ্য কৰিব নোৱাৰিম অ জান সঁচাকৈয়ে কৈছো  ।

আৰু মোৰ আশীষ আছেই যেতিয়া
তোমাৰ একো বেয়া নহয়ো দিয়া ।
চিন্তা নকৰিবা !!
...

আৰু  অতি সোনকালে তোমাৰ উত্তৰ পাম বুলি বাট চাই ৰলো ।

বাৰু
নিশাও এতিয়া বৰ গহীন হৈ আহিছে
আজিলৈ
ইমানতেই এৰিছো   দেই সোণ,

কুশলে থাকিবা
সদায়,
মৰম দিলো এবুকু !!!

ইতি
তোমাৰ মৰমৰ
পি বি !!

--প্ৰাণজিৎ বৰুৱা
৯-২-২০১৫


বিচাৰি আছো এগৰাকীক...

বিচাৰি আছো এগৰাকীক...

বিচাৰি আছো এগৰাকীক...
ভাবিছো যাক
একেবাৰে আপোন কৰি ল'ম ,

যি গৰাকীয়ে
মতলীয়া ৰাতিটোত
দুবাই ৰাখিব মোক,
কেৱল তেওঁৰ ৰাগিত ...!!

যি গৰাকীয়ে সদায়
মাথোঁ মোৰ বাবেই চিন্তা কৰি
কটাব উজাগৰী ৰাতি,

মই যদি বেলেগৰ হোৱাৰ কথা কওঁ
তেওঁ ভীষণ কষ্ট পাব ...!!

কাজিয়াও কৰিব
কেৱল মোৰ স'তে ,
বিচ্ছেদ হোৱাৰ ভয়ত ২৪ X ৭ ঘন্টাই
মোৰ স'তেই সম্পৰ্ক ৰাখি যাব যি ...

ৰাতি মেঘে গজা শব্দ শুনি
ভয় খাব তেওঁ ...!
আৰু সাবটিবও কেৱল মোক ।

যি শাওনৰ বৰষুণ;
জোনাকৰ প্ৰেমত পৰাৰ
আগতেও
এবাৰ মোক সুধি চাবলৈ ভাল পাব ।

বিচাৰিছো এগৰাকীক,
যাৰ প্ৰথম প্ৰেম হয়তো নহয়
কিন্তু
শেষ প্ৰেম কেৱল মই ,মই !!

তুমি সহায় কৰিবানে
বিচাৰোতে তেনে এগৰাকীক ?

পাৰা যদি চাবাচোন,
তেওঁ তোমাৰ চৌপাশেই থাকিব পাৰে ...

হ'ব পাৰে
তোমাৰ নিচেই চিনাকি ,
লাগে দিয়াছোন মোকো এগৰাকী...!!!

--প্ৰাণজিৎ বৰুৱা
১৭ মে ২০১৩
৯৭০৬১২৯৩৬৯


Saturday, April 25, 2015

তুমি বেছি ধুনীয়া অ...

তুমি বেছি ধুনীয়া অ...

জোনবাই জনীক মোৰ বৰ পচন্দ হৈছিল,
মাজ নিশা তামোল গছৰ সিপাৰে যে ডাৱৰৰ কোলাত শুই আছিল তেতিয়াই ,

মনটো উৰা মাৰি
একেবাৰে ওচৰেই পাই গৈছিল নহয় ,
কোনোমতে আকৌ ঘুৰাই আনি পৃথিৱী
পোৱালোহি...!

জানানে ,
তেতিয়াই আকৌ তোমাক দেখিলো নহয়
ঘপহ কৰি চিল মিলিয়া টোপনিৰ মাজত,
তুমি হাঁহিছিলা লাজত ,
আহিছিলা যে  মোৰ প্ৰিয় সেই
বেঙেনা বুলীয়া সাজত ...

আকৌ জানো কি হল,
সাৰ পাই পেলালো নহয়
প্ৰায়
দোকমোকালিতে
ধুনীয়া  শালিকী এহালিৰ মাতত ,

জানা
এঙামুৰি দি দেখিলো পুৱাৰ হেঙুলীয়া বেলি
চাই আছিল মোলৈকে মোৰ তুলি ...!

এনেকৈ
সেই জোনবাই জনীৰ পৰা বেলিটোলৈ ,
কৰা নিশাটোৰ
যাত্ৰা পথত,
প্ৰায়  সকলোৱেই দেখোন মনটো টানি  নিলে মোৰ ,

সকলোবোৰেই দেখোন  ইমান মোহনীয়া,

পিছে
কিয় নাজানো মনত ভাঁহি আহে
অনবৰতে ,
প্ৰতি ক্ষণতে
সেই সপোনৰ তুমি জনীহে ,

আছলতে মিছাও নহয় দিয়া,

তুলনাবিহীন
ভাৱেই তুমিয়ে যে আছিলা
আটাইতকৈ বেছি ধুনীয়া ...!

২৫ এপ্ৰিল ২০১৫
--প্ৰাণজিৎ বৰুৱা


Friday, April 17, 2015

শৈশৱ

শৈশৱ

মুৰত এটা বোজা লৈ  কাগজ পলিথিন বিচৰাটো শৈশৱ  ,
দাচবিনত ভোকৰ ভাত ,
কাম কৰি পোৱা মালিকৰ কেটেৰা মাত
পোৱাটোও
হেনো এটা  শৈশৱ ।

কি যে
আমাৰটো শৈশৱ এনে নাছিল,
আমাৰ শৈশৱত চিলা আছিল ,
আমাৰ শৈশৱৰ পূজাত
বিহুত নতুন কাপোৰ আছিল ,
আমাৰ শৈশৱতটো সংগ্ৰাম বোলা শব্দটো অভিধান বৰ্জিতহে আছিল ।

কিমান হেঁপাহৰ হয় এই মানুহৰ জীৱনৰ শৈশৱটো ,
বিচাৰিলেও যে ঘুৰাই পোৱা নাযায়,
বাৰে প্ৰতি মাৰ্বল খেলা  দিনলৈ মন উৰি গুচি যায়,
যি শৈশৱৰ  খেলা ধুলা কৰাৰ প্ৰতি টোপাল ঘাম  আইৰ আছলেৰেহে  মোহাৰা  যায়,
প্ৰতিদিনেই য'ত আইতাই বিচনী মাৰি  সাধু শুনাই ,
পিতায়ে সন্ধিয়া পিঠিত হাত বুলাই ঘামচি ফুটাই ,
আস ক'ত পায়নো
এনে সোণালী শৈশৱ বাৰু  বাৰে বাৰে ঘুৰাই ।

পিছে শৈশৱৰ ছবিবোৰ  যে
সকলোৰে একেই নহয়,

বৰ দুখ লাগে ফুট পাথৰ শৈশৱ কিছুমান দেখিলে,
বৰ দুখ লাগে হোটেল গেৰেজৰ নিষ্পাপ মুখ বোৰ দেখিলে ,
দুখ লাগে পিঠিত আঘাত লৈ ফ্লেটৰ মজিয়া  সাৰি থকা ফুল কুমলীয়া হাত দুখনি দেখিলে ,
দুখ লাগে সঁচাকৈয়ে দুখ লাগে
ইমানবোৰ শৈশৱ এনেদৰেই মৰহা দেখিলে ...!

পাৰে যদি সমাজখন
অনুগ্ৰহ কৰি নকৰিবচোন
শৈশৱৰ এনে শ্ৰেণীবিভাজন  ...

অন্ততঃ পখিলা খেদা শৈশৱৰ সন্মান কৰিবলৈ শিকক  পইচাৰ জোৰ দেখুৱাই  শৈশৱৰ শোষণ
অনুগ্ৰহ কৰি বন্ধ কৰক
বন্ধ কৰক !!

--প্ৰাণজিৎ বৰুৱা
১৭ এপ্ৰিল ২০১৫