Wednesday, April 29, 2015

ভেলেন্টাইন দে ...এটা অৰ্থ হীন দিন মোৰ বাবে ...

আজি ভেলেন্টাইন দেৰ উৰুকাত মনটো ভাল নহয় জানা !

কিবা ৰিক্ত ৰিক্ত অনুভৱ কিবা নাই নাই ভাৱ
যদিও ফাগুন দুৱাৰ দলিত
তথাপি ভালপোৱাৰ মলয়া জাক নাই ,
বলা নাই ইয়াত ...!
কাৰোবাৰ বাবে অপেক্ষা কৰি
মোৰ সেউজীয়া কলিজাখনৰ টোপনি খতি...
কোন? কাৰ বাবে?? নাজানো!!

ওফাৰত পাপনৰ গান বাজিছে
  "আহিবানে তুমি ... ! "
নাহে কোনো জানো ,
তথাপি শুনো ভাল লাগে ...
ভাল লাগে প্ৰেমৰ গান বোৰ, কবিতা বোৰ !
নাথাকিলেও প্ৰেমত বিশেষ দখল
আমাৰোটো এখন কলিজা আছে ।
ভাল পাবৰ মন যায়
ওচৰত বহি কথা হবৰ মন যায়
দুওঠঁত ওঁঠ থৈ প্ৰেমৰ বাৰিষা আনিবলৈ মন যায়েই...
নাযাবই কিয় কোৱাচোন
চৌদিশে কি উলাহ
কিমান কি পৰিকল্পনা চোৱানা মানুহবোৰৰ ...
মই যে বিৰাট জেলাছ হৈ পৰো জানা !!
আৰে য'তনেকি মই পাতি আছো ৰিক্ততাৰ শ্ৰাদ্ধ,
তাত যদি মানুহবোৰে পাতে যুগ্মতাৰ ভোজ ,
মই কি সহ্য কৰিব পাৰোঁ তুমিয়েই কোৱাছোন ?

এইয়া চোৱা আৰম্ভ হৈ গৈছে ফেচবুকতো
ভালপোৱাৰ এক অনামী প্ৰতিযোগিতা...
মিঠা উইছ ,মিঠা সম্ভাষন ...!
চোৱাছোন চোৱা ,কিমান সুখী লাগিছে মানুহবোৰক !!
মানুহবোৰ ইমান বেছি সুখী হৈ গলে
মোৰ অলপো ভাল নালাগে।
কিয় নাজানো ,তেওঁলোকৰ সুখতেই
মই যে আটাইতকৈ বেছি দুখী হৈ পৰোঁ !

কোৱাছোন জানা যদি;
কিবা অভিশাপ আছে নেকি বাৰু
ডান্ট্ৰে ব্ৰিয়েট্ৰিছ,জংকী পানৈৰ দৰে কৰোবাৰ
আমাৰ এই এধানিমান হৃদয়খনত,
যে সদায়েই আমিবোৰ এলাগী এনেবোৰ দিনত ...!!
জানা সংগীহীনতাৰ এই বিষণ্ণ ডায়েৰী লিখাৰ আৰু অলপো ইচ্ছা নাই,
সচাকৈয়ে ভেলেন্টাইন দেৰ এই উৰুকাত মনটো অলপো ভাল লগা নাই... !!!

     ##প্ৰানজিৎ বৰুৱা
১৩ ফেব্ৰুৱাৰী ২০১৫


No comments :

Post a Comment