Wednesday, April 29, 2015

আলিঃ আয়ে লৃগাং

ৰাতিৰ আন্ধাৰত
কাণত সেইয়া বাজিছে
কাৰোবাৰ বাঁহী ,

দূৰৈত লচ পচীয়া কনেংৰ হাঁহি,
নৈপৰীয়া বা এচাটি লাগে গাত আহি,

সোৱণশিৰিৰ ৰূপালী মাছ,
ডেকা গাভৰুৰ মিবু গালুগ
ৰিঃবি গাছেং সাজ,
পঃৰ আপুংৰ মিঠা সুবাস ,

চাংঘৰত জ্বলিছে জুই,
পুৰা গাহৰিৰ সোৱাদত পৰিছে
সৰসৰাই  লোভৰ পানী,
দুৰৈত সেয়া  ঐনিতমৰ
মৌ মিঠা সুৰ শুনি,
পলাশ ৰঙী হৃদয় বোৰো গৈছে যে
বাৰুকৈয়ে চুই !

বতাহত এইয়া কিহৰ গোন্ধ ,
ফাগুনৰ ,
পলাশৰ ,
ৰঙা মদাৰৰ ,

ওহো
এইয়া
সুবাস মৰমৰ ,
চেনেহৰ ,
চহা কৃষকৰ

এইয়াই যে
সুবাস হেঁপাহী লিগাংৰ ... !!

(আলিঃ আয়ে লৃগাঙ উৎসৱৰ ওলগ সকলোলৈকে আগতীয়াকৈ জনালোঁ ...!!)
--প্ৰাণজিৎ বৰুৱা
১৭ /২/২০১৫�


No comments :

Post a Comment