Wednesday, April 29, 2015

মোক এজনী ছোৱালী লাগে যাৰ উচ্চতা জাতত নহয় মাতত...

মোক এজনী ছোৱালী লাগে যাৰ
উচ্চতা জাতত নহয় মাতত...

মোক এজনী ছোৱালী লাগে তেজ মঙহৰ,
প্ৰয়োজন নাই কোনো মেচিনৰ ,
মেচিন চলিবলৈ ইন্ধন লাগে,
ইন্ধনৰ বাবে টকা,
মোক এজনী ছোৱালী লাগে
যি মাথোন  মোৰ অবিহনে সদায় উকা ।

মোৰ গধূলিৰ জোনাকী  হব পাৰিব যি,
ফাগুণৰ পলাশৰ ৰঙেৰে চিৰদিন জীপাল যি
মোৰ বুকুৰ উম লৈ যি নিশ্চুপ হৈ পৰিব যি,
তেওঁৱেই হব পাৰিব  মোৰ প্ৰেয়সী ...!

মোক এজনী ছোৱালী লাগে
উচ্চতা যাৰ জাতত নহয় মাতত ...

তাই কথা কলে যেন সকলোবোৰ ৰৈ যাব,
তাই চালেই যেন এচমকা বিজুলী বৈ যাব,
তাই কৰবাত গলেই
যেন মোৰ পৃথিৱীখনেই ৰৈ যাব...
তাইৰ কথা কুলি কেতেকীয়ে,
জান জুৰিটিয়ে,
কৰবী কাঞ্চন মাধৈমালতীয়ে
সদায়েই কানে কানে কৈ যাব ...

এনে হব তাই
থাকিম যেন অপলক তাইকেই  চাই ...

মোক এজনী ছোৱালী লাগে উচ্চতা যাৰ জাতত নহয় মাতত,

উচ্চতা যাৰ চিন্তা
ভাৱনাত,
যি বুজিব পাৰে সন্মানৰ সংজ্ঞা ,
যি চিনিব পাৰে সকলোৰে মমতা,

যি দিব পাৰে সাহস অলপতেই হৈ পৰে অভিমানী
যি বুজাইও দিব  পাৰে প্ৰেমৰ অভিধানী অৰ্থ  প্ৰেক্টিকেলী,
যি লুকুৱাই থব পাৰে জীৱনৰ সমস্ত বিষাদ একুকি প্ৰাণোচ্চল হাঁহিৰে ,
হয় তেওঁৱেই 
মোৰ চিৰ জীৱনৰ লগৰী তেওঁৱেই হব পাৰে ...

হয় মোক
মোক এজনী ছোৱালী লাগে ,
যাৰ চাৰিত্ৰিক বৈশিষ্ট্য ছোৱালীৰ দৰে
হলেই যথেষ্ট ,
যাৰ আশা আকাংক্ষা মোৰে আৰম্ভ হৈ মোতেই শেষ হোৱাটোৱেই চিৰ কাম্য,

মই বিচাৰিছো এগৰাকী  সহচৰ
মোৰ এই জীৱনৰ কণ্টকাকীৰ্ণ বাটত,
যাৰ কথা শুনি মই শান্তিৰে শুব পাৰিম,
হাঁহিব পাৰিম কান্ধত মোৰ থৈ কেতিয়াবা উচুপিবও পাৰিম ,
খোজ কাঢ়ি যাব খুজিছো বহুত দুৰ
ধৰিলৈ তাইৰ দুহাতত...
হয়
এজনী ছোৱালী লাগে মোক
যাৰ
উচ্চতা জাতত
নহয় তাইৰ মৌ সনা মাতত ...!

--প্ৰাণজিৎ বৰুৱা
২৭ ফেব্ৰুৱাৰী ২০১৫


No comments :

Post a Comment