Sunday, March 11, 2018

এটা আবেলিৰ গল্প

এটা আবেলিৰ গল্প...

শিৰোনামাত লিখাৰ দৰে,
এদিন
আবেলি এটাৰ গল্প লিখিবলৈ বহিলোঁ,

খিৰিকী খন মেলি দিলোঁ,
ফাগুনৰ বতৰ ,
উৰুঙা বতাহ এজাক সোমাই আহিল ।

খিৰিকীৰে দেখিলো,
দুৰৈত মাছোৰোকা এটাই জোপ লৈ আছিল ,

বান্দৰ কেইটামান ভোক নিবাৰণৰ অৰ্থে ঘৰে ঘৰে বগাই আহি আছিল ।

ওচৰৰে ৰংগ মঞ্চত তেতিয়া ঢোলৰ শব্দ ,
বিহু নাচৰ প্ৰশিক্ষণ হয়তো ,

ওফাৰত মিহি মিহি সুৰত বিহু গান এটাই বাজি আছিল...

তেনেতে কুলি এটাই চিঞৰি
সদৰী কৰি দিলে কথাষাৰ

হয় বহাগলৈ বেছি দিন নাই ।

আকাশলৈ চাই পঠিয়ালো,
মনটো কিবা এটা ভাল লাগি গল...

তেনেতে তেনেতে ,

এটা কপনিৰে সৈতে চিনাকি  ৰিং টন
টো বাজি উঠিল ,

মোৰ মনটো আৰু ফৰকাল হৈ পৰিল _

মোৰ পৃথিৱীৰ ফোন
যে ... সেয়ে !

ফোনটো কানত ললো,
হেল্ল'
বুলি কোৱাৰ পিছত সময় বোৰ জানো
কেনেকৈ পাৰ হৈ গল ,

তত ধৰিব নোৱাৰিলো ..

তেনেতে সন্ধিয়া নাম ঘৰত ডবা বাজিল ,

 
সঁচাকৈয়ে মই গম নাপালো আবেলিটো
সন্ধিয়ালৈ কেনেকৈ

ৰূপান্তৰিত হ'ল  ।

(ভাল লগা মানুহৰ লগত থাকিলে সময় বোৰ ইমান সোনকালে উৰি গুচি যায় ...

কিয় জানোঁ ? )

হয়

এই ৰহস্যৰ কিয়টোৰ হে
উত্তৰ বিচাৰি নাপালো

হয়তো সেই কাৰণেই
লিখোঁ বুলিও লিখি শেষ কৰিব  নোৱাৰি  ,
আধৰুৱা হৈয়ে থাকি গল মোৰ বাবে

এটা আবেলিৰ

এই গল্পটো ...!

প্ৰাণজিৎ বৰুৱা
১১/০৩/২০১৬


Tuesday, March 6, 2018

এনেই কিবাকিবি

এনেই কিবাকিবি ...

এই আপুনি কাম কৰি আছে ,
তাৰ মাজতে একাপ কফি ,
বন্ধুৰ সতে এখন চেলফি ,
বৰ প্ৰয়োজন আছে ...
বিৰতি জিৰণি কামৰ সমানেই প্ৰয়োজনীয় ...

এই
আপুনি ধৰক সদায় ভাত খাই আছে ঘৰত,
তাৰ মাজতে ধৰক আপোনাৰ পত্নীক ,
ধৰক আপোনাৰ মা দেউতাক লৈ গ'ল কোনোবা সন্ধিয়া এটা
কটাই আহিল টিউলিপ নামৰ  ৰেষ্টুৰা খনতেই ...
প্ৰয়োজন এনেকুৱা এটা নতুন সোৱাদ এটাৰো প্ৰয়োজন ...

জীৱন জীৱন বৰ অনুপম ,
জীৱনক সজোৱাৰ প্ৰয়োজন ...
আৰে কৰক না তাৰ আয়োজন !

আপুনি গুচি যাব পাৰে
মই কৈছো যাওকেই এৰি অহা আপোনাৰ গাঁও খনলৈ মনত পৰাৰ লগে লগে,
অজুহাত মাথোঁ মনৰ ,
মিছা নামাতিব আপুনি কৰোঁ বুলিলে নোৱাৰা একোৱেই নাই,
আপোনাৰ আই পিতাইয়ে হয়তো
কিমান দিন আপোনালৈয়ে বাট চাই  আছে ,
কিজানি পোনা কনে পদুলি গচকে,
কিন্তু আপুনি ব্যস্ততাৰ কথা আওঁৰাই
হাত সাৰি যাব খোজে...

না , নঠগিব আপুনি নিজক ...

আপুনি কেতিয়াবা ভাবে,
দুখ বোৰে কিয় মোক খেদি খেদি আহে,
শুনি সুখী হব ,
যুদ্ধ কৰিব পৰা শক্তি যে সকলোৰে নাথাকে ।

আপোনাৰ বাৰু মনত আছে নে ,
অফিচৰ দেবিট ক্ৰেডিটৰ মাজত কটাই দিওঁতে আপুনি যে আপোনাৰ ল'ৰাটোক সাধু এটা শুনাবলৈ পাহৰি গৈছে,
মনত নপৰে নে আপোনাক দেখোন
দেউতাই সৰুতে ওচৰত বহি কিমান কাহিনী শুনাইছিল...
ভাবক ... চোন,
নজনাকৈয়ে আপুনি বাৰু কিবা এটা অন্যায় কৰিছে নেকি ,
কাৰোবাৰ প্ৰতি  ?

আৰু এটা কথা
আপুনি যে সপোন দেখিছিল আগতে ,
এইটো কৰিম সেইটো কৰিম ,
চাকৰি এটা পালেই হ'ল ,
দেউতা আৰু মাক ফুৰাবলৈ নিম ...
বেয়া নাপাব

আৰু দেৰি  কৰি নাথাকিব ,
সময় বৰ নিষ্ঠুৰ সপোন বোৰ  আশা হৈ গলে কিন্তু গোটেই জীৱন আপুনি নিজক কেতিয়াও ক্ষমা কৰিব   নোৱাৰিব ।  

আচলতে মাজে মাজে জিৰণি ,
বিৰতি অলপ লাগে ,  
কামৰ মাজতো ইয়াৰ প্ৰয়োজন ,
আৰু কৰিব বিচৰা কাম বোৰ আৰম্ভ কৰি দিয়াটোও...

তাতে,
আপুনি এতিয়া বহুত ভাবি গুণীয়ে কাম কৰে ,
খোজ দিয়ে চিন্তা কৰি,

ভাল কথা,

কিন্তু  পাৰিলে তাৰ মাজতো এনেকৈ
কৰিব চোন কেতিয়াবা কিছু কাম,

ব্ৰেক এটা লবলৈকে বুলি ...

এনেই আৰু  কিবাকিবি ...!

✍✍ প্ৰাণজিৎ বৰুৱা
১১/১১/১৭