Wednesday, April 29, 2015

চকুলো ...

চকুলো ...

"অভিমানী চকুলো নোতোকিবা তুমি ,
জানাইটো তোমাৰ চকুত চকু পানী
মোৰ বাবে কিমান অসহনীয় ..."

এনেকৈ কবলৈ কোনোবা পোৱা হলে
হয়তো
কান্দিবলৈ পাহৰিয়ে গলো হয় মই,

পিছে
চকুলো বোৰ দেখোন এতিয়া মোৰ যে
থমকিয়ে
নৰয় ,
পলকতে ভাঁহে স্মৃতি 
পলকতে বয় ,
বয় যি বয় অলপমানো নৰয় ,

চেহ
সদায় মোৰ হাঁহি মুখীয়া মুখখন তিয়াই
জানো কোনোবাই কি ভাল পায় ,

মই কান্দি ভাল নাপালে কি
হ'ল,
মোৰ জীৱনৰ  শাশ্বত সত্য
এইটোৱেই তেওঁ যে
মোক কন্দুৱাই বৰ সুখ পাই ।

পুনশ্চঃ তেওঁৰ সুখতে সুখী ,
দুখতে দুখী হোৱাৰ সংকল্প লোৱা
মইটোৰ যিহেতু
এতিয়া
নিজা বুলিবলৈ একোটোৱেই নাই !!

হয়তো সেইয়ে তেওঁলোকে
জীৱনটোত  এভুমুকি মাৰি চাই,
আৰু
অলপমান অজুহাত পালেই
সুখৰ মৰিচীকা দেখুৱাই ,

আৰু বিচাৰিয়েই  বা
নিবিচিৰাকৈয়েই হওঁক পিছত
গোটেই জীৱনটোতেই দেখোন
  তেওঁলোকে মোক
চকুলোৰ হিমালয় এখন উপহাৰ দি থৈ যায় ।

সম্ভৱতঃ তেওঁলোকে
তাতেই কিবা এটা সুখ পাই !

--প্ৰাণজিৎ বৰুৱা
২/৪/২০১৫


No comments :

Post a Comment