কম কথা কোৱা ছো�ৱালী জনী ...
এদিন মোৰ প্ৰিয় কিতাপ খনৰ এচুকত জিলিকি উঠিছিল এখন ফটো ,
পিঠা ভাজি ভাজি হাঁহি থকা দুটি মৰম লগা চকু ,
আস চকুৱেও যে কথা কব পাৰে ভবাই যে নাছিলো ,
সেই কথাই যে মনত এনেকুৱা ভাল লগা বিৰিঙাব জনাইটো নাছিলোঁ ,
লাহে লাহে তাইৰ সতে চিনাকি হলো,
এটা দুটা কথাও পাতিলো,
কথা পাতি বুজিলো তাই খুউব কম কথা কয় ,
কিন্তু কথা খিনি যে বহু প্ৰয়োজনীয়ই হয় ,
তাইক ফটোত দেখিলেই কিবা এটা ভাল লাগে দেখোন মন
তাই হাঁহিলে কঁপাই জাই
গোটেই ফেচবুকৰ চোতাল খন ,
জানে
তাই আহিলেই যে ফুলি যায়
গোটেই কঁহুৱানী বননি খন ...
তাই যেন বৰ গহীন এনে লাগে মাজে মাজে ,
তথাপিও সাহস কৰি মাতোঁ কথা পাতো লাজে লাজে ,
তাই স্কুটি নে কি তেনেকুৱা এখন চলাই ,
সেইখনৰ সতে তাইক বৰকৈ শুৱাই পাই ,
তাই নাহৰৰ দেশত থাকে ,
নাহৰৰ দেশতেই তাই বহুতো সপোন আঁকে ,
মই কেতিয়াবা কওঁ
সকলোবোৰ ছোৱালী একেই ,
তাই মাথোঁ কয়
নহয়...!
নাজানোঁ তাই কি ভাবে ,
কাৰ কথা চিন্তা কৰি থাকে ,
পিছে কম কথা কোৱা সেই
আনকমন ছোৱালী জনীক যে
মোৰ বৰ ভাল লাগে ,
প্ৰায়েই মোৰ সপোনবোৰতো যে আহে,
দিঠকতো প্ৰায়েই ভাঁহে
আৰু আলফুলে যে তাই অ'
বিৰাটেই মৰম লাগি যোৱাকৈয়ে হাঁহে ...!!
note কোন বুলি নুশুধিব
কব নোৱাৰিম :-D :-D :-P :-P
--প্ৰাণজিৎ বৰুৱা
১৬/৪/২০১৫
No comments :
Post a Comment