ষ্টাইল ...
ষ্টাইলত উৰে দুনীয়া,
ভাল নালাগে দেখোন ইমানেই ষ্টাইলি দুনীয়া...
পৃথিৱী ঘুনিয়া হয় ,
অতিপাত ষ্টাইলৰ কোবত,
হাবি কাটি অট্টালিকা হয় ,
গছ বোৰ ষ্টাইলি আচবাব হয় ,
পৃথিৱীখন ফাটি পৰে ইমানেবোৰ ষ্টাইলৰ ক্ষোভত ।
ষ্টাইলত উৰে দুনীয়া,
মানুহবোৰে ষ্টাইলত কথা কবলৈ শিকে ,
ষ্টাইলত পিন্ধিবলৈ শিকে,
থাকিবলৈ শিকে ,
দুখ লাগে সেইবোৰ ষ্টাইলৰ স্বাৰ্থতে
বিবেক বিবেচনা নীতি নিয়মবোৰ যে সমুলি বিকে ।
সকলো শেষ কৰিও ষ্টাইলৰ পিছতেই যে ঘুৰে ..
ষ্টাইলত উৰে দুনীয়া...
কৰবাত আকৌ
ষ্টাইলত কিছুমানে এখন ৰুটিৰ এফাল খাই
এফাল পেলাই ,
এহাতে এচামে দাষ্ট বিনতহে নিজৰ ভাগৰ খিনি কোনো মতে গোটাই ,
এই ষ্টাইলি দুনিয়াত কোনে কাৰ মুখলৈ চাই ।
মানুহবোৰৰ ভীষণ ষ্টাইল
ষ্টাইলত উৰে দুনীয়া,
ভাল নালাগে দেখোন ইমানেই ষ্টাইলি দুনীয়া...
সঁচাকৈয়ে ভাল নালাগে মানুহৰ এই ষ্টাইলি স্বভাৱ বোৰ,
যিবোৰ আনক দেখাবলৈকে মাথোঁ ,
বাহ্যিকতা মাথোঁ ,
যিবিলাকৰ হয়তো
নাথাকে ষ্টাইল সুচিন্তাৰ ,
সুস্থ ৰুচিবোধৰ ,
মানবীয়তাৰ ...
ভাল নালাগে এই সস্তীয়া ষ্টাইলি দুনিয়া ,
এই বোৰে যে মাথোঁ কৰে সমাজকহে একেবাৰে ঘুনিয়া !
ষ্টাইলত উৰে দুনীয়া...
ভাল নালাগে সঁচাই ইমান ষ্টাইলি দুনীয়া...!!
--প্ৰাণজিৎ বৰুৱা
২৮ এপ্ৰিল ২০১৫
No comments :
Post a Comment