তুমি বেছি ধুনীয়া অ...
জোনবাই জনীক মোৰ বৰ পচন্দ হৈছিল,
মাজ নিশা তামোল গছৰ সিপাৰে যে ডাৱৰৰ কোলাত শুই আছিল তেতিয়াই ,
মনটো উৰা মাৰি
একেবাৰে ওচৰেই পাই গৈছিল নহয় ,
কোনোমতে আকৌ ঘুৰাই আনি পৃথিৱী
পোৱালোহি...!
জানানে ,
তেতিয়াই আকৌ তোমাক দেখিলো নহয়
ঘপহ কৰি চিল মিলিয়া টোপনিৰ মাজত,
তুমি হাঁহিছিলা লাজত ,
আহিছিলা যে মোৰ প্ৰিয় সেই
বেঙেনা বুলীয়া সাজত ...
আকৌ জানো কি হল,
সাৰ পাই পেলালো নহয়
প্ৰায়
দোকমোকালিতে
ধুনীয়া শালিকী এহালিৰ মাতত ,
জানা
এঙামুৰি দি দেখিলো পুৱাৰ হেঙুলীয়া বেলি
চাই আছিল মোলৈকে মোৰ তুলি ...!
এনেকৈ
সেই জোনবাই জনীৰ পৰা বেলিটোলৈ ,
কৰা নিশাটোৰ
যাত্ৰা পথত,
প্ৰায় সকলোৱেই দেখোন মনটো টানি নিলে মোৰ ,
সকলোবোৰেই দেখোন ইমান মোহনীয়া,
পিছে
কিয় নাজানো মনত ভাঁহি আহে
অনবৰতে ,
প্ৰতি ক্ষণতে
সেই সপোনৰ তুমি জনীহে ,
আছলতে মিছাও নহয় দিয়া,
তুলনাবিহীন
ভাৱেই তুমিয়ে যে আছিলা
আটাইতকৈ বেছি ধুনীয়া ...!
২৫ এপ্ৰিল ২০১৫
--প্ৰাণজিৎ বৰুৱা
No comments :
Post a Comment