শৈশৱ
মুৰত এটা বোজা লৈ কাগজ পলিথিন বিচৰাটো শৈশৱ ,
দাচবিনত ভোকৰ ভাত ,
কাম কৰি পোৱা মালিকৰ কেটেৰা মাত
পোৱাটোও
হেনো এটা শৈশৱ ।
কি যে
আমাৰটো শৈশৱ এনে নাছিল,
আমাৰ শৈশৱত চিলা আছিল ,
আমাৰ শৈশৱৰ পূজাত
বিহুত নতুন কাপোৰ আছিল ,
আমাৰ শৈশৱতটো সংগ্ৰাম বোলা শব্দটো অভিধান বৰ্জিতহে আছিল ।
কিমান হেঁপাহৰ হয় এই মানুহৰ জীৱনৰ শৈশৱটো ,
বিচাৰিলেও যে ঘুৰাই পোৱা নাযায়,
বাৰে প্ৰতি মাৰ্বল খেলা দিনলৈ মন উৰি গুচি যায়,
যি শৈশৱৰ খেলা ধুলা কৰাৰ প্ৰতি টোপাল ঘাম আইৰ আছলেৰেহে মোহাৰা যায়,
প্ৰতিদিনেই য'ত আইতাই বিচনী মাৰি সাধু শুনাই ,
পিতায়ে সন্ধিয়া পিঠিত হাত বুলাই ঘামচি ফুটাই ,
আস ক'ত পায়নো
এনে সোণালী শৈশৱ বাৰু বাৰে বাৰে ঘুৰাই ।
পিছে শৈশৱৰ ছবিবোৰ যে
সকলোৰে একেই নহয়,
বৰ দুখ লাগে ফুট পাথৰ শৈশৱ কিছুমান দেখিলে,
বৰ দুখ লাগে হোটেল গেৰেজৰ নিষ্পাপ মুখ বোৰ দেখিলে ,
দুখ লাগে পিঠিত আঘাত লৈ ফ্লেটৰ মজিয়া সাৰি থকা ফুল কুমলীয়া হাত দুখনি দেখিলে ,
দুখ লাগে সঁচাকৈয়ে দুখ লাগে
ইমানবোৰ শৈশৱ এনেদৰেই মৰহা দেখিলে ...!
পাৰে যদি সমাজখন
অনুগ্ৰহ কৰি নকৰিবচোন
শৈশৱৰ এনে শ্ৰেণীবিভাজন ...
অন্ততঃ পখিলা খেদা শৈশৱৰ সন্মান কৰিবলৈ শিকক পইচাৰ জোৰ দেখুৱাই শৈশৱৰ শোষণ
অনুগ্ৰহ কৰি বন্ধ কৰক
বন্ধ কৰক !!
--প্ৰাণজিৎ বৰুৱা
১৭ এপ্ৰিল ২০১৫
No comments :
Post a Comment