Thursday, April 30, 2015

ঈশ্বৰৰ সন্ধানত ...

ঈশ্বৰৰ সন্ধানত ...

চকু দুটা মুদি দিলোঁ ,
ক'লা হৈ পৰিল সকলো ...

এতিয়া অলপ  শান্তি বিচাৰি
ঈশ্বৰৰ সন্ধানত গ'লো ...

প্ৰথমে আহিল
সদায়েই দেখি থকা চিনাকি ঈশ্বৰ জনেই,
পুৱাৰ পৰা শোৱালৈ যাৰে আৰাধনা কৰোঁ ,
সেইজনেই

তেওঁ আহি সুধিলে কি লাগে তোমাক ?

মই মোক লগা বস্তুবোৰৰ তালিকাখন মনত আওৰাই খুজিবলৈ ধৰিলো ,
এফালৰ পৰা ,
যেন বজাৰৰ লিষ্ট এখনহে ...!!

তেওঁ একো নকলে ,

তথাপি মই যেন শুনা পালোঁ তথাস্তু !!

লাহে লাহে দিন বোৰ গল ,
বিচৰা কিছুমান পালো ,
কিছুমান নাপালো ,

নোপোৱা বোৰ পাহৰি পেলাই পোৱা বোৰৰ বাবে ভগৱানক বহুত ধন্যবাদ দিলো !

পিছে
আকৌ নতুন নতুন একো  একোখন লিষ্ট উলিয়াই
কিবা কিবি বোৰ যে খুজিয়েই থাকিলো ...!!

ক্ৰমশঃ

নাজানো মোৰ কাম বোৰ কোনে কৰি দিয়ে  ,
ঈশ্বৰে নে বেলেগে ,
ধৰিব নোৱাৰিলো  ,

কিন্তু ঈশ্বৰৰ সন্ধানত গৈ

ঈশ্বৰ প্ৰাপ্তিৰ এডাল সাঁকো  ঠিকেই পালো ,

যাৰ নাম মই
"বিশ্বাস" ৰাখিলো !!

--প্ৰাণজিৎ বৰুৱা
৩০ এপ্ৰিল ২০১৫


No comments :

Post a Comment