Friday, May 1, 2015

জিঞাঁ খেদা সময়বোৰ ঘূৰাই লাগে

জিঞা খেদা সময়বোৰ ঘূৰাই লাগে ।

জিঞা খেদা সময়বোৰ ঘূৰাই লাগে ...

নেমু ৰ তলৰ কেচু বোৰে ৰিঙিয়াই মাতে ...
"অ'ই কিতাপ বহী বোৰ তেনেকৈ দলিয়াই কত যাৱ অ' !কিবা এটা খাই যা ।"
,মাৰ সেই কথাকেইটা বাজি উঠে ।

এতিয়াৰ দিজিটেল শব্দতকৈ
বেছ ভালেই লাগে মা -দেতাৰ সেই শাসনৰ গালিবোৰ ...!!

কুঁৱাৰ তলত ৰচীৰে দুবাই ৰাখি খোৱা সেই ঠাণ্ডা পানীখিনিও
এতিয়াৰ ফ্ৰীজৰ পেপছি ফান্টাতকৈ ভাল লাগে ...
ভাল লাগে;
এঘন্টা চাইকেল মাৰি আহি টুপ টুপ ঘামবোৰ বিচনীৰ বা লাগি শিল চেঁচা মাদকতা পোৱা ক্ষণটি ।
ভাল লাগে ;
লেমৰ ঢিপ ঢিপ পোহৰত আওৰোৱা বাৰং বাৰং এশ চৌৰাল্লিছ
আৰু বাৰং তেৰংবুলি ..
টেবুলত মোৰ লাগি যোৱা সেই চিলমিলিয়া টোপনিৰ পলটি !!

দেওবাৰৰ শক্তিমান;
টিংকল, সফুৰা ,মৌচাকৰ আকৰ্ষণ
পৰী আৰু ৰাক্ষসৰ সাধুবোৰে
এতিয়াও আমনি কৰে বিৰাট বুজিছে ?

আবেলি পথাৰৰ চুৱা চুই ,
চোৰ -পুলিছ, 'ফুট কলা দুয়ো ৰঙ ;
ৰঙ এটি বিচৰা ...?
আস, কি ক'ম !!

সেই ৰঙবোৰ সঁচায়ে বিচাৰো এতিয়া ...
বিচাৰো ,
সন্ধিয়াৰ ধূপ ধুনাৰ সুগন্ধিত গোৱা মুক্তিত নিষ্পৃহ যিটোৰ শান্তিবোৰ ...!

দিয়া ,
ঘূৰাই দিয়া মোক সেই সময় বোৰ ..
দিয়া মোক জিঞা খেদা সময়বোৰ ..
বিনিময়ত ,
লাগে যদি লৈ যোৱা মোৰ সমস্ত বৰ্তমান ...!!!

(c) প্ৰাণজিৎ বৰুৱা
উত্তৰ লখিমপুৰ
ফোন ৯৭০৬১২৯৩৬৯
২৭ মে ২০১৩


2 comments :

  1. অতি সুন্দৰ কবিতা ।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ পৰাগ দা ।

      Delete