ৰাতিপুৱা
চিনাকি সুৰ্যটো পুৱাতে সাৰ পায়,
খিৰিকীৰ ইটো পাৰৰ পৰা
মই তাক নে জানো সিয়েই মোক চাই ...
একে সময়তে
এটি আজলী শালিকী ,এহাল ঘৰ চিৰিকা ,
আৰু দুটি বগা পখৰা পাৰ চৰাই
আহি ঘৰৰ
চালতে কি জানো গীত গায় ..
তেনেতে মা নামৰ মৰম এটাই
মোক আলফুলে জগাই ,
সোন আৰু
কিমান নোশোৱা ...
চোৱাচোন এইয়া হলেই যে
প্ৰভাতী পুৱা ।
এটি নতুন দিনৰ আশা বুকুত বান্ধি
মই এঙামুৰি দি
তেতিয়াই বিচনাখন এৰো ,
ৰাতিপুৱাৰ সেই লাস্যময়ী সতেজ
সুবাস লৈয়ে
দিনটোৰ বাবে প্ৰস্তুত হৈ পৰো ।
--প্ৰাণজিৎ বৰুৱা
৩/৫/২০১৫
No comments :
Post a Comment