Friday, May 29, 2015

ভাল নালাগে

ভাল নালাগে...

ভাল নালাগে হে আপোনাৰ তীৰ্যক চাৱনি,
চাট মাৰি ধৰে
যেন বিজুলী বিজুলী
আস সহিবযে নোৱাৰি
সেয়ে ভাল নালাগে...

ভাল নালাগে হে আপোনাৰ সুকোমল মাত,
সোণ কি কৰিছা
শুনিয়ে যে পৰে কলিজাখন শাত,
চৌদিশে সকলোৱেই নিমাত
আপোনাৰ সম্বোধনটি শুনাৰ আশাত ,
আস সহিব যে নোৱাৰি
সেয়ে ভাল নালাগে...

ভাল নালাগে আপুনি পাৰ হৈ যাওঁতে
সেই বতাহত এৰা আপুনি আপুনি সুবাস
কি কৰোঁ তাকে বুকুত বান্ধি যে সময় কটোৱাৰ
কিবা অঁকৰা হেঁপাহ ,
তাকে লৈ জীৱনৰ ৰঙ খিনি
তেজাল কৰাৰ উচাহ,
আস সহিব যে নোৱাৰি
সেয়ে ভাল নালাগে..

ভাল নালাগে , ভাল নালাগে

আস নাহিব চোন আপুনি
নাচাবই আপুনি
নকবই একোকে অ

আপুনি আহিলে কৰবাত হেৰাই যাওঁ মই
বুজক চোন
আপুনি আহিলে আকৌ এবাৰ
আপোনাক
ভালপোৱাৰ ভয়

আৰু...
কেনেবাকৈ নিবিচাৰিও
এদিন আপোনাক হেৰুৱাই পেলোৱাৰ সেই
বেদনাৰ
সংশয় !

আস সহিব নোৱাৰিম অ'
সেয়ে
এতিয়া যে এইবোৰ সঁচাকৈয়ে

একেবাৰেই
ভাল নালাগে...!

--প্ৰাণজিৎ বৰুৱা
২৯ মে ২০১৫


No comments :

Post a Comment