Sunday, May 17, 2015

বিধৱা ...

বিধৱা ...

"শিৰৰ সেন্দুৰ কন বৰ বিলাসী বস্তু অ ..."

কোনে জানো কৈছিল ,
হয়তো কোনোবা নাৰীয়েই কৈছিল ,

কিয় কৈছিল ?
নাজানে ??

আপুনি শুভ কাম এটা কৰিব খুজিছে ,
নাচায় উকা বাচন ,
নাচায় উকা কপাল ,
আপোনাৰ কামত এইবোৰে দিব জঞ্জাল ...

আপুনি ভকতৰ বাবে প্ৰসাদ সাজু কৰিছে,
সকলোৱে ধুই দিছে ,
কোনো বিধৱাই নজনাকৈ চুই দিছে ,
আপুনি জ্ঞানী বাবে
তেওঁক জ্ঞান অলপমানো দিছে
বিধৱা তিৰোতাই ভগৱানৰ  নৈৱদ্য চুব নাপাই ...
জাত যায় ,

কেনেবাকৈ  দেখিলেই
বগা সাজ
আপোনাৰ অথন্তৰ ঘটে
ৰাতিপুৱাই ,

চেহ
বগা সাজ যোৰাই চোন সঁচাকৈয়ে  বৰ নচুৱাই ,
কোনোবা দুখুনীক দেখোন  বাৰুকৈয়ে কন্দুৱাই ...

সেই স্বামী হাৰাৰ শোকেই জানো কম হল,
যে সকলোৱেই আপোনাক কথা শুনাই গল,

আপোনাৰটো নাছিল হেঁপাহ ,
স্বামীক হেৰুৱাৰ,
তথাপি হেৰুৱালে ,
বিধিৰ লিখন ,
কিন্তু আছিল হেঁপাহ জীয়াই থকাৰ
সেইটোও হেৰুৱালে
কাৰ লিখন এইটো ??

বাদ দিয়ক মই কৈছো
আপুনি জীয়াই থাকক,
বগা সাজ নালাগে ৰঙীন হৈ থাকক ,
হাঁহক আপোনাৰ জীৱনটো নতুনকৈ সজাওক ...

আৰু যিয়েই আপোনাৰ বিৰোধ কৰিব ,
লাগিলে এজনেই হওঁক বা
সমাজ এখনেই হওঁক ,
তেওঁক চিঞৰি চিঞৰি কওঁক ,
মই যদি বিধৱা স্বামী হীনতাৰ ,

তেন্তে তুমিও বিধৱা বিবেক হীনতাৰ...
So ,
Don't keep  me
away from happiness
you guys...
please
Mind  your own Business ...

--প্ৰাণজিৎ বৰুৱা
১৬ মে ২০১৫


No comments :

Post a Comment