Sunday, May 17, 2015

টোপনি

টোপনি ...

টোপনি আৰু আইৰ হাতৰ বুলনি,
একেই সনা পোতোকা ,
টোপনি আৰু মৰমৰ নিচুকনি
একেই মাদ�কতা,

শৈশৱ শৈশৱ সেই ভাগৰ,
টোপনি বোৰ দিনত তেনেই তাকৰ ,
কিতাপ মেলিলেই হেঁচা মাৰি ধৰা ,
কি যে টোপনি দুষ্ট স্বভাৱৰ ।

দেউতাৰ পিঠিত হাত ফুৰোৱা,
লেমৰ পোহৰত গৰম উঠি যোৱা
আৰু
বাহিৰত জোনাকৰ তলত সাধু শুনোৱা
আহ কি যে মৰম  আকলুৱা
তেনেই মন জুৰোৱা ...

পুনশ্চঃ
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ

শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি ,

আহ
টোপনি ..
লৈ
আইৰ নিচুকনি
মৰমৰ বুলনি
আহ

নোৱাৰোঁ যে কটাব আৰু
অত বোৰ ব্যস্ত
উজাগৰী ৰাতি ...!

প্ৰাণজিৎ বৰুৱা
১৩/০৫/২০১৫


No comments :

Post a Comment