Wednesday, January 22, 2014

গাৰ্ল ফ্ৰেন্ড মানে কি জানে নে ??

গাৰ্ল ফ্ৰেন্ড মানে কি জানে নে ? ?
গাৰ্লফ্ৰেন্ড হ'ল এটা যন্ত্ৰ যিটোৰ সহায়ত আপোনাৰ অমুল্য় সময় বোৰ খৰচ হয় আপুনি গম নোপোৱাকৈয়ে।
 প্ৰশ্ন হয় কেনেকৈ ??
যদি আপোনাৰ কোনো গাৰ্লফ্ৰেন্দ আছে সম্বন্ধ থিকেই আছে, তেন্তে আপুনি এতিয়া বিশ্বাস কৰিবলৈ টান পাব,
 গতিকে আপুনি ইগনৰ কৰক ।
আৰু যাৰ আগতে আছিল এতিয়া নাই তেওলোকে ইয়াৰ সত্য সত্যতা নিৰূপণ কৰিব।
 আৰু যি সকলে ইয়াৰ পাল্লাত পৰা নাই কিন্তু পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বা মন গৈ আছে
 তেওলোকৰ বাবে গাৰ্লফ্ৰন্দৰ সঠিক সংজ্ঞাটো জানি লোৱাটো ভাল।
হয়টো ভৱিষ্য়তে সহায় কৰিব নিজে এই  যন্ত্ৰৰ পাল্লাত নপৰি সময় বোৰৰ এক উপযুক্ত ব্য়ৱহাৰ কৰিবলৈ।
বাৰু সেইবোৰ কথা থাকক মই কলো বুলিয়েই আপুনি বিশ্ৱাস কৰিব আপোনিটো মুৰ্খ নহয়
নিশ্চয় প্ৰমান বিচাৰিব, নিবিচাৰিব জানো ?
এতিয়া প্ৰমানলৈ যাও তেন্তে ন।
 মই কলো," জি এফ এটা টাইম কিলিং মেচিন !"
প্ৰথম আহক আপুনি জি এফ এজনী বিচাৰিলে প্ৰায় মেট্ৰিক দিয়াৰ সময়ৰ পৰাই বুলি ধৰিলো।
বিছাৰি পালে মানে ভাল লাগিল।প্ৰথমে তাইৰ গতিবিধি লক্ষ্য় কৰাৰ পৰা তাইৰ আগত ইম্প্ৰেচন দিয়ালেকে লাগিলনে ৬ মাহ মান।
 ৬মাহৰ পিছত কোনোমতে তাইৰ মবাইল নং লৈ ষ্টাৰ্ত আপোনাৰ এচ এম এচ চেনি পৰ্ব।(যিটো এটা অবিৰাম গতিত চলা প্ৰক্ৰিয়া
 সমাপ্তি
হব একেবাৰে সিদিনাহে  যিদিনাই আপোনাৰ এই ৰিলেশ্য়নৰো অন্ত পৰিব ।)
চেনি খাই আছে মজা পাই আছে আপুনিও তেওঁও।খাই থাকক ইফালে আপোনাৰ পঢ়া শুনা ৰসাতলে যাওঁক কানসাৰ নাই,
 নোহোৱাটোৱেই স্বাভাৱিক।
এনেকে  প্ৰপজ মাৰি মেলি গাৰ্লফ্ৰন্দৰ সাংবিধানিক মৰ্যদাটো দিয়ালৈ আপুনি কলেজীয়াৰ লেবেল লগালে গাত।
আপোনিয়েই কওঁক চোন ১ বছৰ কেনেকৈ গল ধৰিব পাৰিলেনে,নোৱাৰিলে  নহয় ? মানে টাইম কিলিংৰ ফা্ৰ্ষ্ট ষ্টেপ ক্লিয়াৰ।
আপোনাৰ যদি কপাল ভাল সময় বোৰ আৰু বেছি কিলিং কৰাৰ মন তেন্তে ভৱা মতেই দুয়ো একে খন কলেজতেই নাম লগাওঁক।
 খাটাং ক্লাচতকে আপোনাৰ কেন্টিন পাৰ্কবোৰ নিশ্চয় বেচি ভাল লাগিবলে লব
জীৱনটো ইমানেই মিঠা নে নিজৰেই বিশ্বাস নহব কেতিয়াবা ।
মানে এনেকৈ আপোনাৰ ৰোমাঞ্চে কেনেকৈ আকৌ দুবছৰ নিলে গম পালে জানো ? ।নিশ্চয় নাপালে ।
অ পোৱাবোৰে ইতিমধ্য়ে আপোনাৰ ৰিজাল্টতেই গম পালে আপোনাৰ প্ৰেম কিমান গভীৰ।
বাৰু সেইবোৰ থাকক আপোনাৰটো সময়বোৰ অকল তাইৰ কথা ভাবোতেই গৈ আছে সপোন দেখোতেই গৈ আছে,
 আপুনি সূখী হৈ পৰিছে  ছাগে নহয়।
হবই সুখী সম্পুৰ্ণ স্ৱাভাৱিক সেইটো ।
 কওঁক চোন বাৰু জি এফ আপোনাৰ বাবে এতিয়া মৌলিক প্ৰয়োজন হৈ পৰা নাইনে মানে ''ইয়ো আৰ কান্ট লিভ উইদাউত হাৰ..." টাইপ
হৈ গল নে আপোনাৰ।
হবই লাগিব এইটো আমাৰ প্ৰমানৰ পৰাই কব পাৰি কাৰন যিটো বস্তুৱে আপোনাৰ ইমানবোৰ টাইম কিল কৰিলে সেইটো নহলে আপোনাৰ
 টাইমবোৰ বাৰু পেটৰ ভিতৰত গেছ হোৱাৰ নিচিনা অভাৰ হৈ নাযাবনে  লগতে অস্বস্তিকৰো হব নিশ্চয়।
মানে আপুনি এনেকৈ চেনি খাই খাই জি এফ মেইন্তেইনেঞ্চ কৰি কৰি কেনেকৈ যেনতেন দিগ্ৰী কম্প্লিট কৰিলে ধৰিবই নোৱাৰিলে।
 মানে আমাৰ প্ৰমানৰ বিষয়বস্তু আধা আধি শেষ। আপোনাৰ জীৱনৰ অমূল্য় সময়বোৰৰ অধিকাংশ সময় শেষ।
আৰু বাকী খিনি সময় সিমান মূল্যবান নহয়, কাৰণ আপুনাৰ যি যি দক্ষতা আছিল সেইয়া আূপোনাৰ মাৰ্কছিট আদিত ভালকে ওলোৱাৰ আগতেই
আপোনাৰ টাইম কিলাৰ জি এফে ইতিমধ্য়ে কিলিং কৰিলেই।
আৰু ইয়াৰ পিছৰ পৰ্যায় আপোনাৰ বাবে অতি অনাকাংক্ষিত
কিয়নো জি এফৰ বিবাহৰ উপযুক্ত বয়স হল। নানা সুন্দৰ প্ৰস্তাৱো আহিছে  ।
জি এফে তেতিয়া দুটা কথাই কব হয় কব ,"তুমি মোক পাহৰি পেলোৱা মই মা দেতাৰ অবাধ্য় হব নোৱাৰোঁ।"
অথবা যদি অলপ ভাল বিধৰ জি এফ হয় তেন্তে আপুনাক তাইক নিজৰ কৰি লবলে উপযুক্ত
হোৱাৰ এটা সময় বান্ধি দিব ।যিটো সেইটো সময়ত অসম্ভৱ আৰু হাস্য়কৰ...
 নহয় জানো। আল্টিমেটলি আপুনি হেৰুৱালে তাইক।
 এতি্য়া হয়তো ভাবিছে  আপুনি আপোনাৰ টাইম কিলিং শেষ হল তাই গল বাবে,
 কিন্তু নহয় ! আপুনাৰ টাইম বোৰ এতিয়া বেচি কিল হব দুখত, জি এফৰ সোৱঁৰণত, বিষাদত ,
জীৱনতো কেনেকৈ জীয়াই থাকিব পাৰি  এনে প্ৰতাৰনাৰ পিছত ,কেনেকৈ চলাব সংগ্ৰাম তাক চিন্তা কৰিয়েই কিল হব সময় বোৰ,নহয়???
গতিকে নিশ্চয় প্ৰমান হল মোৰ কথাটো নহয়নে?
 যে  "গাৰ্লফ্ৰেন্ড হল এটা যন্ত্ৰ যিটোৰ সহায়ত আপোনাৰ অমুল্য় সময় বোৰ খৰচ হয় আপুনি গম নোপোৱাকৈয়ে..."
গতিকে আমি সামৰণিত ইয়াকে কব পাৰোঁ যে আপোনাৰ জীৱনৰ অমুল্য় সময় বোৰ এই অৰ্থহীন যন্ত্ৰটোৰ লগত খৰছ কৰাতকে
 জীৱনটো গঢ়াত মনোনিৱেশ কৰক

SO;
   "AVOID GIRLFRIEND TO SAVE TIME & MONEY, MAKE YOUR LIFE PERFECT & LIVE ALWAYS HAPPY :-) (Y) "

BY-(C) প্ৰানজিৎ বৰুৱা,২২ জানুৱাৰী ২০১৪

No comments :

Post a Comment