Tuesday, January 21, 2014

আপুনি বিচৰামতেই পালেহেঁতেন যদি

~~~আপুনি বিচৰামতেই পালেহেঁতেন যদি ...~~~


কিমান ভাল লাগিল হেঁতেন যদি ... .
যদি বিচাৰিলেই চব পাই
গলোহেতেঁন ;

এই ধৰতি চিঅৰ বনি গল হেঁতেন
হেভেন ।

এই অলপ আমনি লাগিছে
হাজিৰ মোৰ সন্মুখত
ৰম্ভা মেনকা টাইপ সুন্দৰী ,

বাহ !

এই অলপ ভোক লাগিছে
হাজিৰ প্লেটে প্লেটে চাওমিন পিজ্জা টন্দুৰী ,
বাহ !


সচায়ে কল্পনা কৰিয়ে ভাল লাগে,

সপোন দেখাৰো মাদকতা আছে ।

বিচাৰিছো এখন পাটী চাইকেল,

যদি হাজিৰ হয় হায়াবুচা বা বি এম
দাব্লিউৰ লেটেষ্ট মডেল ।

বিচাৰিছো ফুটপাঠত
এটা কমদামী জিনচ ,

আৰু মোৰ
বাবে যদি ফ্ৰী দিয়ে পেন্টালুন
লেভিছ ।


আস! কি মজা লাগে ভাৱি,
যদি বিচৰামতেই হলহেতেঁন
আজe

বিচাৰিম মোৰ ভাবি শহুৰ এজন হাত
দীঘল মানুহ হ'ব,

মোৰ
বাবে এটা চাকৰি বিচাৰি দিব !

কিন্তু সেইবুলিয়েই যে বিল
গেটচে মোক জোৱাই হোৱাৰ প্ৰস্তাৱ দিব ,
কোনেনো ভাৱিব !!

ভাৱি কিন্তু বিৰাট মজা লাগে,

ভাৱক ভাবক
ভৱাত টেক্স নালাগে ।
ভাবি চাওক আপোনাৰ লণ্ডনত
তিনিটা ফ্লেট,
চিংগাপুৰত হোটেল ;
ডুবাইত
মাল্টিপ্লেক্স ।

ভাবি চাওঁক আপোনাৰ
আছে এটা আই পি এল টিম ,
ভাবি চাওঁক আপুনিয়েই
বনাইছে চেন্নাই এক্সপ্ৰেছ ফিল্ম ।
ভাবক আপুনি
পঞ্চ তাৰকাত লাঞ্চ
খাব,
আপোনাৰ সতে কেট্ৰিনা যাব ।
আপোনাৰ নামত ফেচবুকত এটা পেজ
খুলিব ,
এমাহত ফেচবুক ফ্ৰেণ্ড কোটিৰ ঘৰ
চুব ।
হি হি!! যদি বিচৰামতেই পালো হয়,
কিমান যে ভাল লাগিল হেঁতেন;
নহয় ?
বিচাৰক বিচাৰক সপোন দেখক,
দিনতো দেখক ৰাতিও দেখক ,
মুঠতে সুখত থাকক ।
আপুনি যিমান পালেওঁ সুখী নহয়
সেয়া গাৰেন্টি ,
সেয়ে আপুনি কল্পনা কৰিয়ে লওঁক
মনৰ শান্তি ।
হয়তো আপোনাৰ এনে অবাস্তৱ
সপোনত উঠিব হাঁহি,
কিন্তু আপুনি সুখী হব এনেকুৱা ভাল
লগা কথা ভাবি ।

আপুনি বিচাৰিলেই হ'ব পাৰে এই
নিৰস পৃথিৱীতো সুখী ,
মাত্ৰ অলপ ৰিলেক্স হৈ দেখক
এটা সপোন; " সকলোবোৰ
আপুনি বিচৰামতেই পালেহেঁতেন
যদি ...!!"

(c) #প্ৰাণজিৎ_বৰুৱা 24 august '13

No comments :

Post a Comment