Tuesday, January 21, 2014

এইবাৰো ভেলেন্টাইন এটা বেকাৰ শব্দ

**এইবাৰো ভেলেন্টাইন এটা বেকাৰ শব্দ ...**

জানেনে একৈছ বছৰ বয়স হৈছে মোৰ,
মানে সুৱলা শব্দত একৈছটা বসন্ত গৰকিছো ।
বহুতৰ বহু ৰোমান্তিক কবিতা পঢ়িছো ,
ৰোমান্তিক চিনেমাও চাইছো ,মাজে মাজে আওৰাইছো দুৰ্দান্ত সংলাপ ।
আৰু তেওঁলোকৰ দৰেই বাস্তৱত হিৰো হোৱাৰ এক উন্মাদ সপোন দেখিছো ...

অ'হ ক'বলৈ পাহৰিছো ;
মই কমটি ৰোমান্তিক নভেল পঢ়া নাই ,
এতিয়া অৱশ্যে পঢ়িবলৈ এৰিছো ।

আগতে পঢ়োঁতে প্ৰতিটো কাহিনীতে সোমাই যাওঁ ,
বিচাৰিলেই যে নিজক পাওঁ ।

চেহ, কিনো কৈ আছো জানো !!

আছলতে এই সকলোবোৰ পঢ়ি; দেখি; শুনি কিবা এটা মন যায়,
 বিৰাট মন যায় পাৰ্কৰ এচুক; হলৰ এচুক অধিকাৰ কৰি চাব, এটা লং ড্ৰাইভত যাব
কাৰোবাৰ স'তে বিৰাটেই মন যায়... ।

এটা নিজৰ কাহিনী সাজিম, কাৰোবাক লৈ সুন্দৰ কবিতা লিখিম ,
তেওঁৰ লগত ঘন্টা ঘন্টা যোৰা কথা পাতিম ...!
মন যায়েই দেখোন কেতিয়াবা, আছলতে বয়সো হৈছে যে এনে হোৱাৰ ...।

কিন্তু কি হ'ব এইবোৰ মাথোঁ সপোনতেই সমাপ্ত ,
ধনীৰ দুলালৰ হে স্বত্ব এইবোৰ ...
একৈছ বসন্ত গৰকা এই স্বপ্নবিলাসী মানুহটোৰ বাবে ,
আজিও ভেলেন্টাইন যে এটা বেকাৰ শব্দ... !!

(c) প্ৰাণজিৎ বৰুৱা 15 august 2013


No comments :

Post a Comment