তোক বৰ মৰম কৰিব মন যায় অ'...
দেহা ,সোণ ,জান একোৰেই
হেপাহ নপলায় ।
তোৰ খিল খিল হাঁহিত
সচাকৈ ফুলি উঠে মোৰ হিয়াৰ
কৃষ্ণচুড়া ।
মিছাকৈনো কিয় ক'ম অ' ?
তইটো মোৰ কল্পনা ,
দিঠকৰো বাসনা ।
ভাবিছ চাগে তই ,
এইয়া গতানুগতিক কবিৰ
গতানুগতিক পংক্তি,
হ'ব পাৰে ,
হ'ব পাৰে মোৰ ভাৱনাবোৰ
কাৰোবাৰ স'তে একেই ।
লিখিব পাৰে কোনোবাই একেই
লাইন ।
কিন্তু শপত ,তোৰ বাবেই
লিখিছো একমাত্ৰ...
আৰু তইয়েই যে দিছ
সমলো লিখাৰ ...।
বাদ দে ,
তই নুবুজিবি ,
খালি মিছা মিছি অভিমানেই
কৰি থাকিবি ।
কি ক'লি ?
বুজি পাৱ
সকলোবোৰ ...!!
মিছাকে নকবি অ '!!
তই যদি বুজিলিহেতেঁন,
তেতিয়া এনেকৈ লিখিব
লগা নহয় যে
"তোক মৰম কৰিবলৈ বৰ
মন যায় অ'..!!"
লিখিলোহেতেঁন তেতিয়া
,"তোক
আজি মৰম কৰি
বৰ ভাল লাগিল অ' জি••• !!!"
♡♥♡
(c) প্ৰাণজিৎ বৰুৱা
২৩ জুন ২০১৩
No comments :
Post a Comment