Sunday, August 17, 2014

টেট ,দৰমহা ইত্যাদি ...


টেট ,দৰমহা ইত্যাদি ...

সৰুৰে পৰাই এটা হেঁপাহৰ শব্দ আছিল এই 'দৰমহা'টো ।
ইয়াৰ লগত পৰিচয় হৈছিল বুজা হোৱাৰ পৰাই, যিদিনাই দেউতাই চাইকেলৰ হেন্দেল আৰু কেৰিয়াৰত মোনা ভৰ্ত্তি কৰি বস্তু আনিছিল আৰু লগতে আমি ভালপোৱা একোটা বিশেষ বস্তু বাদাম বা অন্যান্য ফল মুল, যিবোৰ সদায় অনা নহৈছিল ।
লগতে ;
একোটা ডাঙৰ মাছ লৈ অনা সেই বিশেষ  দিনটোৱেই আছিল আমাৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু,
দেউতাৰ কষ্টোপাৰ্জিত দৰমহা পোৱাৰ দিনটো।

সেই দিনটোৰ মাদকতা আমাৰ বাবে অনন্য আছিল বাবেই নেকি দৰমহা শব্দটো খুউব ভাল লগা হৈ পৰিছিল ।
আৰু মইয়ো যিদিনাই দেউতাই কিবা বিশেষ বস্তু বা অধিককৈ কিবা অনা দেখো তেতিয়াই দেউতাক কওঁ," মানে দৰমহা হল ন আজি দেতা ?"
কেতিয়াবা একেমাহতে দুই তিনিবাৰো সুধি দিওঁ,দেউতাই হাঁহি কয় কেলে লাগিছে নো তোক দৰমহাৰ কথা ইমানকৈ ?
খাবলৈ পাইছ খা..!
মইয়ো বোলো ঠিকেইটো উৰহী গছৰ ওৰনো কেলৈ মোক :-\

লাহে লাহে বুজা হলো...
দৰমহাৰ concept ক্লিয়াৰ হল আৰু ...!
মানে,
চৰকাৰী চাকৰিয়ালৰ লগতে প্ৰাইভেট কোম্পানীৰ মানুহৰো দৰমহা থাকে ।
আকৌ দৰমহা নোপোৱা ,
পাম পাম ভাবি আশা কৰা কিছুমান
চাকৰিও আছে  ।

যিবিলাকক শুনা পাইছিলো ছন্দ বদ্ধ এনে বাক্য এটাৰে-
" চাইকেলৰ পাংচাৰ,
বেমাৰৰ কেনচাৰ,
আৰু চাকৰিৰ ভেঞ্চাৰ,
এই তিনিও বিধৰ নাই একো এনচাৰ ..."

আৰু  অলপ ডাঙৰ হলো,
কিছুমান কনচেপ্ত আৰু ক্লিয়াৰ হল ।
নিজৰ দৰমহাৰে মাটি বাৰী লৈ গাড়ী আৰু দুই তিনিমহল ঘৰ বনোৱা মানুহ দেখি যেতিয়া কাৰোবাক সুধা কৰিলো ,
তেওঁলোকৰ ইমান টকা কেনেকৈ?
কিছুমান উত্তৰ পালো ,
ডাঙৰ চাকৰি কৰে ,
ডাক্তৰ,ইঞ্জিনীয়াৰ, বিজিনেচ কৰে,ঠিকা কৰে আৰু চাকৰি সৰু হলেওঁ তেওঁৰ এখন ভাল টেবুল আছে!
মানে বাহিৰা পইচা আছে !

দৰমহাৰ ভিতৰুৱা বাহিৰা কনচেপ্তটো ভালকৈ হৃদয়ংগম কৰিবলৈ অৱশ্যে ভালেমান দিন লাগিল !

লাহে লাহে পঢ়ি শুনি অলপ ওপৰ শ্ৰেণী পাই,
সকলোৰে যোৱাৰ দৰেই চাকৰি এটা কৰিবৰ মন গল...!
আছলতে চাকৰিৰ পৰিৱৰ্তে
দৰমহা নামৰ আকৰ্ষণীয়
শব্দটোৱেহে টানি আছিল ...

এদিন পঢ়ি থাকোঁতেই সুযোগ এটা আহিল টেট নামৰ পৰীক্ষা এটাত বঢ়ি আশা নকৰাকৈয়ে চাকৰি এটা পাই গলো ...
কিমান ফুৰ্ত্তি,
চাকৰি পালো ,
মানে দৰমহাও পাম
তাকো বিনা ঘোঁচৰ চাকৰি ...
বহুত ভাল লাগিল আৰু... ।

দৰমহা পোৱাৰ আগত জল্পনা কল্পনা চলিল, কিমান বা পাম !
তাতে দুজন মান চকুচৰহাৰ ভৱিষ্যত বানীও শুনিলো দিব আৰু ছয় পাঁচ হাজাৰ তাতকৈ কিমান দিব H.S.পাছ চাকৰিত...!

কিন্তু সময়ত ,
এটা জোখৰ দৰমহাই পালো
তুলনামূলক ভাবে ।
কাৰণ ,
একেই চাকৰিয়েই কৰি থকা বহু প্ৰাইভেট স্কুল , কোম্পানীৰ বা চৰকাৰী চাকৰিয়ালেও আমাতকৈ কম হে দৰমহা পাই আছে !
মনত সন্তোষ জন্মালো ,
ঠিকেই আছে দে নাই মোমাইতকৈ কনা মোমায়েই মোমাই ।
লাহে লাহে দুবছৰ মানত
বৃদ্ধিও হল অলপ দৰমহা...

কিন্ত্ত দৰমহা পালো যদিও এটা কথাতহে মনটো শোকে খুন্দা মাৰি ধৰে ...!

সৰুতে কাৰোবাক দৰমহা কিমান সুধিলে ডাঙৰ জনে কয় মহিলাৰ বয়স আৰু চাকৰিৰ দৰমহা সুধিব নাপাই !
বুজিলো নাপায় তেতিয়া,
পিছে এই নাপায়টো এতিয়া
কিয় নাই বাৰু হে ?

মানে কৰবাত কোনোবা কোম্পানীৰ চাকৰিয়ালক দৰমহা কিমান পোৱা সুধিলে, তিনিগুণ কৰি কলেও গম পোৱা নাযায় !
কিন্তু আমাৰ দৰমহাৰ
খাটিয়ান গোটেই সংসাৰে পাই !

দুখ লাগে জানে,
যেতিয়াই কোনোবা টেট উত্তীৰ্ণ
  শিক্ষক  লৰাই
ছোৱালী চাবলৈ যায় আৰু কইনাৰ পৰিয়ালৰ কোনোবাই কব অ তুমি টেটত কৰা ন ?
এল পি ন !
এতিয়াটো( ***** )ইমান
দৰমহা পোৱা ন ?
একোনাই দিয়া ঠিকেই পাই আছা !
বাহ একদম ACCURATE হিচাপ কৈ দিয়েহে ।
আচৰিতেই হৈ যাওঁ ...!

আছলতে CONFIDENTIAL বুলা কিবা এটা থাকিলে ভাল হয় আৰু...:-\

যিমানেই পালেও
দৰমহাটো যে এনেকুৱা খুল্লম খুল্লা জনাজাত  হোৱাটো একেবাৰেই বিচৰা নাছিল
আৰু দেই ...!

(টোকা : যি কি নহওঁক
যিমান যি হলেওঁ,
দৰমহা যিমানেই পালেওঁ,,
সকলোৱেই জানিলেও
আমাৰ যে এটা চাকৰি আছে,
আমি সুখী হব লাগে...!
মইয়ো সুখী  ।
মনত আহি থকা ভাব এটাহে লিখিলো কোনেও গভীৰ ভাৱে নলয় যেন । )

--প্ৰাণজিৎ বৰুৱা
১৯/জুলাই/২০১৪
ফোন : 9706129369


No comments :

Post a Comment