Monday, July 7, 2014

আগতকৈ আপুনি ধুনীয়া হ'ল... .

আগতকৈ আপুনি ধুনীয়া হ'ল... .

আগতকৈ আপুনি ধুনীয়া হ'ল...
আগতকৈ আপুনি ধুনীয়া হ'ল ,

আপোনাৰ মুখত
এটা অহংকাৰৰ বোল,
আগতকৈ আপুনি ধুনীয়া হ'ল ।

আপোনাৰ দুচকুত মায়া মায়া কাজল ,
আপোনাৰ চৌপাশে কেৱল আপোনাৰ
প্ৰেমিক পাগল,
আপোনাৰ দুচকুত
কিবা মায়া মায়া কাজল ।

আপোনাৰ প্ৰিয়
চিপচিপ বৰষুণ;
এতিয়া আপুনি মাতিলেহে আহে ,
আপোনাৰ প্ৰিয় জোনাকে
এতিয়া আপুনি ক'লেহে হাঁহে ...!!

তুল বুল তুল বুল কৰে আমাৰ
সেউজীয়া কলিজা,
আপুনি চালেই ফুলি উঠে গোলাপ, মন-
বাগিচাত ...!!

আপোনাক দেখি এটা মন
উন্মনা হ'ল ,
সচাকৈয়ে এখন হৃদয় আপুনি
কোচত
লৈ গ'ল ...

শপত ,
আপুনি আগতকৈ ধুনীয়া হ'ল...!!!

(c) প্ৰাণজিৎ বৰুৱা
৩০  জানুৱাৰী ২০১৪
ফোন : 9706129369


No comments :

Post a Comment