Saturday, September 5, 2015

আপেক্ষিক

আপেক্ষিক...

কলেজত গণিত পঢ়ি থাকোঁতে 
এটা শব্দ পাইছিলো ইনফিনিটি বুলি ,

তাতোকৈ আগত পাইছিলো শূন্য
বুলি আন এটা শব্দ ...!

এতিয়া জীৱন নামৰ অংকটো
কৰি থাকোঁতে ,
দুয়োটাৰ কথা ভাবো ,
প্ৰায়ে ওলাই দুয়ো...

আচলতে বাস্তৱত এই দুইটাৰ অস্তিত্ব নাই,
দুয়ো মাথো এটা আপেক্ষিক ধাৰণা...

অৰ্থাৎ ইনফিনিটি মানে আপোনাৰ তুলনাত মোৰ বহুতেই বেছি,

আৰু শূন্য মানে আপোনাৰ তুলনাত মোৰ একোৱেই নাই  ।

ক্ৰমশঃ
এই তুলনাৰ
আপেক্ষিকভাৱে উচ্চতম আৰু
নিম্নতম সংখ্যা দুটাক মানুহে জীৱনত
সাধাৰণতে

সুখ আৰু দুখ হিচাপে নামাকৰণ কৰে ..!

প্ৰাণজিৎ বৰুৱা
৫/৯/১৫


No comments :

Post a Comment