Wednesday, September 2, 2015

পাগলী ৩

পাগলী ...

পাগলী গলগৈ ,
কেতেকী জনীৰ দৰে,

পাগলী গলগৈ,
সোনাৰু পাহিৰ দৰেই,

পাগলী হেৰাই থাকিল ,
সুগন্ধি পখিলা হৈ,

পাগলী হেৰাই থাকিল,
মহাদেৱৰ পগলা পাৰ্বতী হৈ...

পাগলী ক'ত গ'ল,
পাগলী নিৰুদ্দেশ হ'ল...

মোৰ
পাগলী প্ৰেমিক
আছিল হীৰুদাৰ,
মোৰ পাগলী ,

পাগলী প্ৰেমিক আছিল সৌৰভৰ
সোনাৰু হালধীয়াৰ,

পাগলীৰ প্ৰিয় আছিল ,
শাৰী শাৰী পাইন,

পাগলীৰ দেহত আছিল,
কবিতাৰ   ৱাইন ...

পাগলীৰ  হাঁহিত,
কেতিয়াবা সৰিও পৰিছিল শেৱালি
এপাহি দুপাহি,

পাগলীৰ মাতত,
দুটি ঠেং ডাঙি নাচিছিল
দহিকতৰা এটাই দুপৰীয়া আহি...

আস পাগলীৰ সতে যে কত সপোন,
পাগলী ধান কটা দাৱনী,
বুকুৰ ৰোৱনী ,
পাগলীৰ মোৰ বাবেই
কিমান যে সাজোন কাচোন...!

নাজানো  পাগলী জনীৰ অকস্মাত
কি ঠেঁহ লাগিল,
এদিন অকৰা জোনটোৰ দৰেই পাগলীও ঢুকাই থাকিল...

ক্ৰমশঃ

জোনটো কিন্তু এদিন আকৌ ন হৈ ওলাল,
পিছে
মোৰ পাগলী কিন্তু আকৌ নোলাল,

সানি বিন্ধি মোৰ কলিজাৰ এফাল
কোৱা শুনো পাগলী বোলে
কাৰোবাৰ বুকুত  এতিয়া
নিগাজী কৈয়ে সোমাল...!!

প্ৰাণজিৎ বৰুৱা
২ - ৯ -২০১৫


No comments :

Post a Comment